শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সমাগত বিয়াৰ বতৰ; জীৱনসংগী নিৰ্বাচন কৰোঁতে মানি চলক চাণক্যৰ পৰামৰ্শ, নহ’লে সংসাৰ হ’ব বিষসম

আচাৰ্য চাণক্যৰ মতে বিবাহ কেৱল দুগৰাকী ব্যক্তিৰ মাজৰ সম্পৰ্ক নহয়, ই দুটা পৰিয়ালৰো মিলন। সেয়ে আচাৰ্য চাণক্যই বিবাহ সম্পৰ্কত বহু উপদেশ আগবঢ়াই গৈছে। তেওঁৰ এই উপদেশ বুজি সংগী নিৰ্বাচনৰ ক্ষেত্ৰত আগবাঢ়িলে ভৱিষ্যত জীৱন সুখ-সমৃদ্ধিৰে ভৰি পৰিব। জানো আহক এই বিষয়ে।

সমাগত বিয়াৰ বতৰ; জীৱনসংগী নিৰ্বাচন কৰোঁতে মানি চলক চাণক্যৰ পৰামৰ্শ, নহ’লে সংসাৰ হ’ব বিষসম
চাণক্য নীতিImage Credit source: Unsplash/Wikipedia
monjit-dutta
Monjit Dutta | Updated On: 18 Nov 2025 12:08 PM

ভাৰতীয় সমাজত আচাৰ্য চাণক্যই এক সুকীয়া স্থান দখল কৰি আহিছে। এই প্ৰাচীন ভাৰতীয় পণ্ডিতগৰাকী ভাৰতীয় ইতিহাসৰ অন্যতম জ্ঞানী তথা বুদ্ধিমান ব্যক্তি হিচাপে পৰিচিত। অৱশ্যে কেৱল ইতিহাসৰ পাততে নহয়, নিজৰ অসাধাৰণ জ্ঞানৰ জৰিয়তে আচাৰ্য চাণক্য বৰ্তমানৰ লগতে ভৱিষ্যতৰ সমাজখনতো প্ৰাসঙ্গিক হৈ থাকিব। মানৱ জীৱনৰ সৈতে জড়িত প্ৰতিটো দিশৰ ওপৰতে চাণক্যই নিজৰ বিচাৰ-বুদ্ধিৰে উপযুক্ত পৰামৰ্শ তথা বিধান আগবঢ়াই গৈছে। বিবাহৰ ক্ষেত্ৰতো চাণক্যৰ বচন অত্যন্ত গুৰুত্বপূৰ্ণ।

আচাৰ্য চাণক্যৰ মতে বিবাহ কেৱল দুগৰাকী ব্যক্তিৰ মাজৰ সম্পৰ্ক নহয়, ই দুটা পৰিয়ালৰো মিলন। সেয়ে আচাৰ্য চাণক্যই বিবাহ সম্পৰ্কত বহু উপদেশ আগবঢ়াই গৈছে। তেওঁৰ এই উপদেশ বুজি সংগী নিৰ্বাচনৰ ক্ষেত্ৰত আগবাঢ়িলে ভৱিষ্যত জীৱন সুখ-সমৃদ্ধিৰে ভৰি পৰিব। জানো আহক এই বিষয়ে-

পৰিয়াল আৰু মূল্যবোধ

চাণক্য নীতি মতে এজন ব্যক্তিৰ ওপৰত পৰিয়াল বা তেওঁ বাস কৰা পৰিবেশটোৱে যথেষ্ট প্ৰভাৱ পেলায়। সেয়ে বিবাহৰ পূৰ্বে সংগীৰ লগতে তেওঁৰ পৰিয়ালটোক বুজি লোৱাটো প্ৰয়োজনীয়। আচাৰ্য চাণক্যৰ মতে বিবাহৰ পিছত কেৱল দুজন ব্যক্তিয়েই নহয়, দুটা পৰিয়ালৰ সৈতেও সংযুক্ত হৈ পৰে। মূল্যবোধ আৰু ইতিবাচক পৰিৱেশে সম্পৰ্ক অধিক দৃঢ় কৰি তোলে।

স্বভাৱ

আচাৰ্য চাণক্যৰ মতে এটা সম্পৰ্ক সম্পূৰ্ণৰূপে সংগীৰ স্বভাৱৰ ওপৰত নিৰ্ভৰ কৰে। সংগী নিৰ্বাচনৰ সময়ত তেওঁ শান্ত স্বভাৱৰ নে ৰুক্ষ স্বভাৱৰ সেয়া পৰীক্ষা কৰক। লগতে সংগী ভালদৰে বুজন হয় নে তথা তৰ্ক কৰাৰ অভ্যাস আছে নেকি, সেয়া চাওক। বৈবাহিক সম্পৰ্কত বুজাবুজিৰ ভাৱ অতি প্ৰয়োজনীয়।

অভ্যাস আৰু আচৰণ

সংগীৰ সৰু সৰু অভ্যাসেও আপোনাৰ জীৱনত গভীৰ প্ৰভাৱ পেলাব পাৰে বুলি আচাৰ্য চাণক্যই সকীয়াই দিছে। মিছা কথা কোৱাৰ অভ্যাস, প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ, অপ্ৰয়োজনীয়ভাৱে ধন খৰচ কৰাৰ অভ্যাস থাকিলে পিছলৈ ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। সেয়ে বৈবাহিক জীৱনত মানসিক চাপ আৰু ভুল বুজাবুজিৰ পৰা হাত সাৰিবলৈ বিয়াৰ পূৰ্বে এই অভ্যাস চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ বুলি তেওঁ কয়।

দায়িত্ববোধ আৰু ধনৰ ব্যৱহাৰ

চাণক্য বচন মতে জীৱনৰ বাবে ধন অপৰিহাৰ্য, কিন্তু ধনৰ সঠিক ব্যৱহাৰ আৰু সঞ্চয় অধিক গুৰুত্বপূৰ্ণ। বিয়াৰ পূৰ্বে সেয়ে সংগী ধন খৰচ আৰু উপাৰ্জনৰ ক্ষেত্ৰত কিমান দায়বদ্ধ সেয়া ভালদৰে লক্ষ্য কৰক। যদি আপোনাৰ সংগী এইক্ষেত্ৰত সচেতন নহয়, তেতিয়া পিছলৈ আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে।