Celery Benefits : শীতকালত জীৰাৰ উপকাৰিতা, স্বাস্থ্যৰ সমস্যা দূৰ কৰাত ই কিমান ফলপ্ৰসূ জানক…
জীৰাই আপোনাক শীতকালত বহুতো স্বাস্থ্যজনিত সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব পাৰে। জীৰাত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, যেনে প্ৰটিন, আঁহ, কেলচিয়াম, পটাছিয়াম, আইৰণ, ভিটামিন কে । খাদ্য ৰন্ধাৰ সময়ত গৰম মছলা হিচাপেও জীৰা ব্যৱহাৰ কৰা হয় । শীতকালত জীৰা অধিক উপকাৰী বুলি গণ্য কৰা হয় ।
 
                                শীতকালত ঠাণ্ডা বৃদ্ধি পোৱাৰ লগে লগে কিছুমান স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে । ইয়াৰ সমান্তৰালভাৱে এই সময়ছোৱাত ভাইৰাছৰ ৰোগৰ সংক্ৰমণও বৃদ্ধি পায়। ইয়াৰ উপৰিও শিশুৰ পেশী জঠৰ হোৱা, গাঁঠিৰ বিষৰ লগতে চৰ্দি আৰু কাহ দৰে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয় । এনে পৰিস্থিতিত বাৰে বাৰে ঔষধ খোৱাৰ পৰিৱৰ্তে পাকঘৰত ব্যৱহাৰ কৰা মছলাৰ প্ৰতিকাৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে অতি ফলপ্ৰসূ। এই ক্ষেত্ৰত জীৰাই আপোনাক শীতকালত বহুতো স্বাস্থ্যজনিত সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব পাৰে।
জীৰাত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, যেনে প্ৰটিন, আঁহ, কেলচিয়াম, পটাছিয়াম, আইৰণ, ভিটামিন কে । খাদ্য ৰন্ধাৰ সময়ত গৰম মছলা হিচাপেও জীৰা ব্যৱহাৰ কৰা হয় । শীতকালত জীৰা অধিক উপকাৰী বুলি গণ্য কৰা হয় ।
শিশুৰ বাবে জীৰা
শীতকালত সৰু ল’ৰা-ছোৱালীৰ ঠাণ্ডাৰ বাবে নাক বন্ধ হৈ পৰা সমস্যা সৃষ্টি হয় । যাৰ বাবে তেওঁলোকে উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হয়। এনে অৱস্থাত পাতল কপাহী কাপোৰ এখনত দুচামুচৰ পৰা তিনি চামুচ জীৰা দি এটা বাণ্ডিল বনাব লাগে। এই বাণ্ডিলটো কেৰাহীত গৰম কৰি লওক । গৰম হোৱাৰ পাছত ইয়াৰ পৰা সুগন্ধি ওলাবলৈ আৰম্ভ কৰিব । বাণ্ডিলটো শিশুৰ নাকৰ ওচৰত ৰাখি কিছু সময়ৰ বাবে গোন্ধ ল’বলৈ দিয়ক । ইয়াৰ দ্বাৰা যথেষ্ট সকাহ পাব।
বিষ নিৰাময়ৰ বাবে জীৰা তেল
শীতকালত পেশী আৰু গাঁঠিৰ বিষ আৰু জঠৰতাৰ পৰা উপশম পাবলৈ জীৰা তেল প্ৰস্তুত কৰিব পাৰে। একাপ সৰিয়হৰ তেলত জীৰা দুচামুচ দি ৭-৮ টা নহৰু থেতেলিয়াই দিব। লগতে তিনি-চাৰিটা লং আৰু কেঁচা হালধি এটুকুৰা পিহি তাত দিব। ভালদৰে সিজাই ফিল্টাৰ কৰি কাঁচৰ পাত্ৰত ৰাখিব। এই তেল বিষৰ পৰা উপশম পোৱাত অতি উপযোগী।
চৰ্দি আৰু কাহৰ পৰা ৰক্ষা পাবলৈ জীৰা
যদি শিশুৰ চৰ্দি আৰু কাহ হয় তেন্তে জীৰা আৰু পানৰ ৰস খাবলৈ দিব পাৰে। তাত তুলসীৰ পাতও দিব পাৰে। একাপ পানীত এখিলা পান, আধা চামুচ জীৰা আৰু দুইৰ পৰা তিনিটা তুলসীৰ পাত দি পানীখিনি উতলিবলৈ দিব। ফিল্টাৰ কৰি দিনে দুবাৰকৈ এচামুচকৈ শিশুটিক খাবলৈ দিব। ই হজম শক্তিৰ বাবেও উপকাৰী । কিন্তু অতিৰিক্তভাৱে খাবলৈ দিয়াৰ পৰা বিৰত থাকক।
ওজন ৰক্ষাৰ বাবে জীৰা পানী
শীতকালত মানুহ ওজন বৃদ্ধিৰ বাবে অতিশয় চিন্তিত হৈ পৰে। ৰাতিপুৱা খালী পেটত জীৰা পানী খালে ওজন বজাই ৰখাত সহায় কৰে। ইয়াৰ বাবে এচামুচ জীৰা এগিলাচ পানীত ৰাতি তিয়াই ৰাতিপুৱা উতলাই খাব লাগে। ই আপোনাক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ভাইৰাছৰ সমস্যাৰ পৰা ৰক্ষা কৰিব ।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      