শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কৰ্কট ৰোগত কিয় মহিলাৰ তুলনাত পুৰুষৰ মৃত্যুৰ হাৰ বেছি? বিশেষজ্ঞই জনালে কাৰণ…

দেশত তীব্ৰগতিত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। বিশেষকৈ মহিলাসকল এই ৰোগত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়। ইয়াৰ বিপৰীতে পুৰুষৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ বেছি। পিছে ইয়াৰ কাৰণ কি?

কৰ্কট ৰোগত কিয় মহিলাৰ তুলনাত পুৰুষৰ মৃত্যুৰ হাৰ বেছি? বিশেষজ্ঞই জনালে কাৰণ…
কৰ্কট ৰোগImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 02 Sep 2025 17:05 PM

দেশত তীব্ৰগতিত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। শেহতীয়াকৈ ICMR য়ে এই সন্দৰ্ভত এক অধ্যয়ন কৰিছে, যাৰ তথ্য ৰাষ্ট্ৰীয় কৰ্কট পঞ্জীয়ন কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। এই অধ্যয়নত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য। এই অধ্যয়ন অনুসৰি, পুৰুষৰ তুলনাত মহিলাসকল বেছিকৈ কৰ্কট ৰোগত আক্ৰান্ত হয় কিন্তু এই ৰোগত মৃত্যু হোৱা পুৰুষৰ সংখ্যা অতি বেছি। অধ্যয়ন অনুসৰি পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত কৰ্কটত আক্ৰান্ত হোৱাৰ সংখ্যা (৫১.০১ শতাংশ) বেছি। ইয়াৰ বিপৰীতে মত্যুৰ শতকৰা হাৰ (৪৫শতাংশ) কম।

তথ্য অনুসৰি যথেষ্ঠ সংখ্যক মহিলা স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হয়। ইয়াৰ লগতে পুৰুষসকলৰ মুখ আৰু হাওঁফাওঁৰ কৰ্কট ৰোগ বেছি হয়। কিন্তু কৰ্কট ৰোগত বেছিকৈ পুৰুষৰ মৃত্যু হয়। এনে পৰিস্থিতিত প্ৰশ্ন হয় যে কিয় কৰ্কট ৰোগৰ ক্ষেত্ৰত পুৰুষৰ মৃত্যুৰ সংখ্যা বেছি? এই সন্দৰ্ভত সবিশেষ জনাইছে বিশেষজ্ঞই।

দিল্লীৰ ৰাজীৱ গান্ধী কেন্সাৰ ইনষ্টিটিউটৰ মেডিকেল অংক’লজী বিভাগৰ ডাঃ বিনীত তালৱাৰে কয় যে মহিলাসকল বেছিকৈ স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হয়। ই এক গুৰুতৰ ৰোগ যদিও সময়তে চিকিৎসা কৰিলে ৰোগীৰ জীৱন ৰক্ষা পৰে। স্তনৰ কৰ্কট ৰোগত আৰোগ্য হোৱাৰ হাৰ মুখৰ কৰ্কট ৰোগতকৈ বহুত বেছি। এক কথাত স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ ৰোগীৰ মৃত্যুৰ সংখ্যা মুখৰ কৰ্কট ৰোগীৰ মৃত্যুৰ সংখ্যাতকৈ কম।

তেওঁ আৰু কয় যে, পুৰুষসকলৰ ক্ষেত্ৰত হাওঁফাওঁ আৰু মুখৰ কৰ্কট ৰোগ বেছিকৈ হোৱা দেখা যায়। এই দুয়োটাই অতি গুৰুতৰ ৰোগ। ইয়াৰ মৃত্যুৰ হাৰ অধিক। যদি হাওঁফাওঁৰ কৰ্কট ৰোগ তৃতীয় পৰ্যায়ত থাকে তেন্তে ৰোগীৰ জীৱন ৰক্ষা পৰা কঠিন হৈ পৰে। এই ৰোগত উশাহ-নিশাহত প্ৰত্যক্ষ প্ৰভাৱ পৰে।

ইফালে স্তনৰ কৰ্কট ৰোগত অস্ত্ৰোপচাৰৰ দ্বাৰা স্তন আঁতৰাই পেলোৱা হয়। যাৰ বাবে আন অংশত এই ৰোগ বিয়পাৰ আশংকা কম থাকে।

চিকিৎসা আৰু চিনাক্তত পাৰ্থক্য

চিকিৎসকগৰাকীয়ে আৰু কয় যে, মুখৰ আৰু হাওঁফাওঁৰ কৰ্কট ৰোগৰ চিকিৎসা বহু পলমকৈ কয়। কিয়নো ইয়াৰ চিনাক্তত পলম হয়। এই ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ত লক্ষণ ভালদৰে দেখা নাযায়। যেতিয়া লক্ষণ দেখা দিয়ে তেতিয়া পলম হৈ পৰে আৰু ৰোগ তৃতীয়, চতুৰ্থ পৰ্যায় পায়গৈ। য’ত চিকিৎসাৰ দ্বাৰা সুস্থ হোৱা কঠিন হৈ পৰে।

ইয়াৰ বিপৰীতে মহিলাৰ স্তনৰ কৰ্কট ৰোগত প্ৰাৰম্ভিক লক্ষণ দেখা দিয়ে। এনে পৰিস্থিতিত লক্ষণসমূহ চিনাক্ত কৰি সময়মতে চিকিৎসা কৰিব পাৰি। যাৰ বাবে তেওঁলোকৰ জীৱন ৰক্ষা পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

ইয়াৰোপৰি ধূমপান, গুটখা খোৱা আদি পুৰুষৰ সাধাৰণ অভ্যাস। যি হাওঁফাওঁ আৰু মুখৰ কৰ্কট ৰোগৰ প্ৰধান কাৰণ। এই কৰ্কট ৰোগ দ্ৰুতগতিত বৃদ্ধি পায়। আনহাতে মহিলাসকলৰ মাজত মুখ আৰু হাওঁফাওঁৰ কৰ্কট ৰোগ কমকৈ হোৱা দেখা যায়।

অন্য কাৰণ

  • পুৰুষসকলে বিশেষকৈ বেছি বিপদজনক কাম কৰে। ইয়াৰোপৰি স্বাস্থ্যসম্পৰ্কীয় সজাগতা কম।
  • মহিলাসকল বেছিকৈ কৰ্কট ৰোগত আক্ৰান্ত হয়। কিন্তু তেওঁলোকৰ স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগৰ লক্ষণ সহজে দেখা দিয়ে।
  • মুখ আৰু হাওঁফাওঁৰ কৰ্কট ৰোগ পুৰুষৰ বেছিকৈ হয়, যাৰ বাবে পুৰুষৰ মৃত্যুৰ সংখ্যা বেছি।

পৰিত্ৰাণৰ উপায়

  • ধূমপান ত্যাগ কৰক।
  • ব্যায়াম কৰক।
  • লক্ষণ দেখা দিলে স্বাস্থ্য পৰীক্ষা কৰাওক।

 

অন্য খবৰ পঢ়কঃ আপোনাৰ হাতত দেখা দিছে নেকি এই ৭টা লক্ষণ! হ’ব পাৰে এই ডাঙৰ ৰোগৰ সংকেত, জানক সকলো…