শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পেটৰ আলচাৰ কেন্সাৰলৈ পৰিণত হ’ব পাৰেনে? ইয়াৰ লক্ষণবোৰ কেনেকুৱা? বিশেষজ্ঞৰ পৰা জানক

পেটৰ আলচাৰ কেন্সাৰ হ’ব পাৰেনে? এই সমস্যাই কেৱল হজম শক্তিত প্ৰভাৱ পেলোৱাই নহয়, গোটেই শৰীৰটো ভাগৰুৱা আৰু দুৰ্বল কৰি তুলিব পাৰে। সময়মতে চিনাক্ত কৰি চিকিৎসা কৰাটো অতি প্ৰয়োজনীয়।

পেটৰ আলচাৰ কেন্সাৰলৈ পৰিণত হ’ব পাৰেনে? ইয়াৰ লক্ষণবোৰ কেনেকুৱা? বিশেষজ্ঞৰ পৰা জানক
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 12 Jul 2025 12:32 PM

পেটৰ আলচাৰ বা গেষ্ট্ৰিক আলচাৰ হ’ল পেটৰ ভিতৰত ঘাঁ বা আলচাৰ সৃষ্টি হোৱা অৱস্থা। সাধাৰণতে পেটত গঠন হোৱা এচিডে পেটটোক সুৰক্ষা দিয়া তৰপটোৰ ক্ষতিসাধন কৰিলে এই ঘাঁবোৰ লাগে। আলচাৰে বদহজম, জ্বলা-পোৰা আৰু বিষ আদি সমস্যাৰ সৃষ্টি কৰে। দীৰ্ঘদিন ধৰি চিকিৎসা নকৰিলে ই গুৰুতৰ ৰূপ ল’ব পাৰে।

এই সমস্যাই কেৱল হজম শক্তিত প্ৰভাৱ পেলোৱাই নহয়, গোটেই শৰীৰটো ভাগৰুৱা আৰু দুৰ্বল কৰি তুলিব পাৰে। সময়মতে চিনাক্ত কৰি চিকিৎসা কৰাটো অতি প্ৰয়োজনীয়। কিছুমান মানুহৰ মনত এই প্ৰশ্নটোও থাকে যে, পেটৰ আলচাৰ কেন্সাৰ হ’ব পাৰে নেকি?

পেটৰ আলচাৰৰ প্ৰধান কাৰণ হ’ল পেটত থকা এচিড আৰু পেপচিনৰ ভাৰসাম্যহীনতা, যাৰ ফলত পেটৰ সুৰক্ষা স্তৰ দুৰ্বল হৈ পৰে। ইয়াৰ বিশেষ কাৰণসমূহ হ’ল-হেলিক’বেক্টেৰ পাইল’ৰি নামৰ বেক্টেৰিয়াৰ সংক্ৰমণ, অত্যধিক মানসিক চাপ, ধূমপান আৰু মদ্যপান। ইয়াৰ উপৰিও বেয়া খাদ্যাভ্যাস, অত্যধিক তেলীয়া বা টেঙা খাদ্যই আলচাৰ সৃষ্টি কৰিব পাৰে।

পেটৰ আলচাৰ কেন্সাৰ হ’ব পাৰেনে?

এইমছ দিল্লীৰ গেষ্ট্ৰ’লজী বিভাগৰ প্ৰাক্তন ডাঃ অনন্যা গুপ্তাই কয় যে, পেটৰ আলচাৰৰ লক্ষণ ক্ৰমান্বয়ে ওলাই আহে, কিন্তু আগতীয়াকৈ চিনাক্ত হ’লে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায়। আটাইতকৈ সাধাৰণ লক্ষণ হ’ল-পেটত জ্বলা-পোৰা বা বিষ হোৱা, যিটো খাদ্য খোৱাৰ লগে লগে বা খালী পেটত অধিক অনুভৱ কৰা হয়। এই বিষ বুকুৰ তলত আৰু নাভিৰ ওপৰত হয়। ইয়াৰ উপৰিও সঘনাই টেঙা উগাৰ, বমি বা বমি বমি ভাৱ, খোৱাৰ পিছত ভোক নলগা আদি লক্ষণে দেখা দিব পাৰে।

পেটৰ আলচাৰ কেন্সাৰ হ’ব পাৰেনে? এই সন্দৰ্ভত ডাঃ গুপ্তাই কৈছে যে, পেটৰ সকলো আলচাৰ কেন্সাৰ নহয়, কিন্তু এইচ পাইল’ৰি সংক্ৰমণৰ ফলত হোৱা আলচাৰ কেন্সাৰ হ’ব পাৰে। সময়মতে আলচাৰৰ চিকিৎসা নকৰিলে পেটৰ ভিতৰত ক্ষতি কৰিব পাৰে আৰু পিছলৈ কেন্সাৰ হ’ব পাৰে।

কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

  • স্বাস্থ্যসন্মত আৰু সময়োপযোগী খাদ্য গ্ৰহণ কৰক।
  • তেলীয়া, টেঙা আৰু উচ্চ এচিডযুক্ত খাদ্য পৰিহাৰ কৰক।
  • বেছি সময় ভোকত নাথাকিব।
  • ধূমপান আৰু মদ্যপান পৰিহাৰ কৰক।
  • চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ গ্ৰহণ নকৰিব।
  • মানসিক চাপ কম কৰিবলৈ যোগ বা ধ্যান কৰক।
  • সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰাওক।