পোকে খোৱা দাঁতৰ পৰা কৰ্কট ৰোগ হয় নেকি? ক’লে চিকিৎসকে….
সংক্ৰমণ, দাঁত ক্ষয় বা ফোঁহা হ’ব পাৰে। কিন্তু বহুতে ভাবে, এই সাধাৰণ ৰোগ সঁচাকৈয়ে কেন্সাৰ হ’ব পাৰেনে?

দাঁত পোকে খোৱা মানে হৈছে মানে দাঁতৰ ক্ষয়। সাধাৰণতে দাঁতৰ ইনামেল আৰু ডেণ্টিন ক্ৰমান্বয়ে ক্ষতিগ্ৰস্ত হোৱাৰ বাবেই এই ৰোগ হয়। ই এক অতি সাধাৰণ দাঁতৰ সমস্যা। কিন্তু সময়মতে চিকিৎসা নকৰিলে ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। সংক্ৰমণ, দাঁত ক্ষয় বা ফোঁহা হ’ব পাৰে। কিন্তু বহুতে ভাবে, এই সাধাৰণ ৰোগ সঁচাকৈয়ে কেন্সাৰ হ’ব পাৰেনে?
বিশেষজ্ঞসকলে কয় যে পোকে খোৱা দাঁতৰ পৰা প্ৰত্যক্ষভাৱে কেন্সাৰ সৃষ্টি নহয় যদিও দীৰ্ঘদিনলৈ অৱহেলিত আৰু চিকিৎসা নকৰিলে মুখৰ কৰ্কট ৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব পাৰে। প্ৰথমতে, যেতিয়া দাঁতৰ ক্ষয় হয় তেতিয়া সেই ঠাইত বেক্টেৰিয়া আৰু ভেঁকুৰ জমা হয়। এই দীৰ্ঘদিনীয়া সংক্ৰমণ আৰু প্ৰদাহে বাৰে বাৰে মুখৰ কলাবোৰৰ ক্ষতি কৰে। দীৰ্ঘম্যাদীভাৱে এই কলাত কোষৰ অস্বাভাৱিক পৰিৱৰ্তন (মিউটেচন) হ’ব পাৰে, যিটো কেন্সাৰ গঠনৰ অন্যতম কাৰণ।
যদি দাঁতৰ পৰা পূজ বা সংক্ৰমণ গালৰ ভিতৰত বিয়পি পৰে আৰু চিকিৎসা নকৰিলে লাহে লাহে গালৰ কোষ বা আলুৰ কলাত দীৰ্ঘদিনীয়া প্ৰদাহ হয়। এই ধৰণৰ প্ৰদাহৰ ফলত পিছলৈ কেন্সাৰ হ’ব পাৰে। কেতিয়াবা যদি দাঁতৰ এই ৰোগত আক্ৰান্তসকলে চাধা, জাৰ্দা আদি মাদক দ্ৰব্য সেৱন কৰাৰ অভ্যাস থাকে, তেন্তে মুখগহ্বৰৰ কোষত ৰাসায়নিক পদাৰ্থৰ অবিৰত প্ৰভাৱৰ বাবে কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
মনত ৰাখিব, বহুতে দাঁতৰ সমস্যা থাকিলে নিয়মীয়াকৈ দন্ত পৰীক্ষাৰ পৰা আঁতৰি থাকে। ফলত মুখৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ যেনে ঘা শুকাই নাযায়, ৰক্তক্ষৰণ, গালত বগা বা ৰঙা দাগ আদি সময়মতে ধৰা নপৰে।
এই সমস্যাৰ পৰা কেনেকৈ মুক্তি পাব?
১) সোনকালে চিকিৎসা গ্ৰহণ কৰক, ফিলিং বা Root Canal কৰাওক। ডাক্তৰে কোৱা কথা অনুসৰণ কৰক।
২) দিনটোত কমেও দুবাৰ ব্ৰাছ কৰক আৰু ৬ মাহৰ মূৰে মূৰে অন্ততঃ এবাৰ দন্ত পৰীক্ষা কৰক।
৩) ধূমপান এৰক। ই কেন্সাৰৰ এটা প্ৰধান কাৰণ হ’ব পাৰে।
৪) মুখত ঘা, ফুলা, বা দীৰ্ঘদিনীয়া অস্বস্তি হ’লে চিকিৎসকৰ পৰামৰ্শ লওক
মনত ৰাখিব, যদিও দাঁতৰ পোকে খোৱাটো প্ৰত্যক্ষভাৱে কেন্সাৰ নহয়, তথাপিও ইয়াক আওকাণ কৰিলে মুখৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।