শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শিশুক কাহৰ চিৰাপ খাবলৈ দিয়া উচিত নে? হ’ব পাৰে বৃক্কৰ ক্ষতি! চাওক বিশেষজ্ঞৰ মত

কাহৰ চিৰাপে কেনেদৰে বৃক্কৰ ক্ষতি কৰিব পাৰে তথা কাহৰ চিৰাপ শিশুক দিব লাগে নে নালাগে সেই লৈ বহু লোকৰ মনত এতিয়া প্ৰশ্নৰ উদ্ৰেক ঘটিছে। এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মতামত আগবঢ়াইছে বিশেষজ্ঞ চিকিৎসকসকলে। জানো আহক তেওঁলোকৰ মতামত।

শিশুক কাহৰ চিৰাপ খাবলৈ দিয়া উচিত নে? হ’ব পাৰে বৃক্কৰ ক্ষতি! চাওক বিশেষজ্ঞৰ মত
কাহৰ চিৰাপে কৰে নেকি বৃক্কৰ ক্ষতি!
monjit-dutta
Monjit Dutta | Published: 01 Oct 2025 20:02 PM

মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰাত শেহতীয়াকৈ পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ। কাহৰ চিৰাপ সেৱনৰ ফলত ছিণ্ডৱাৰাত ৬ টি শিশুৰ মৃত্যু হৈছে। শিশুকেইটিৰ মৃত্যুৰ পিছত হোৱা তদন্তত বৃক্ক ক্ষতিগ্ৰস্ত হোৱাৰ ফলত এনে শোকাৱহ ঘটনা হোৱা বুলি জানিব পৰা গৈছে। তদন্তত লগতে শিশুকেইটিয়ে কল্ড্ৰিফ আৰু নেক্সট্ৰ’ছ ডি এছ চিৰাপ সেৱন কৰা বুলিও পোহৰলৈ আহিছিল আৰু ইয়াৰ পিছতে এই কাহৰ চিৰাপসমূহ নিষিদ্ধ কৰা হৈছিল। ছিণ্ডৱাৰাত এই ঘটনাৰ পিছতে বহু লোকৰ মনত এক বিশেষ প্ৰশ্ন উত্থাপন হৈছে।

কাহৰ চিৰাপে কেনেদৰে বৃক্কৰ ক্ষতি কৰিব পাৰে তথা কাহৰ চিৰাপ শিশুক দিব লাগে নে নালাগে সেই লৈ বহু লোকৰ মনত এতিয়া প্ৰশ্নৰ উদ্ৰেক ঘটিছে। দিল্লীৰ জিটিবি হাস্পতালৰ মেডিচিন বিভাগৰ অধ্যাপক ডাঃ অজিত কুমাৰে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মতামত আগবঢ়াইছে। কি কৈছে এই বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে, জানো আহক।

ডাঃ অজিত কুমাৰে কয় যে বৰ্তমান সময়ত অভিভাৱকসকলে প্ৰায়ে শিশুক চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কাহৰ চিৰাপ দিয়ে। কিন্তু এনে অভ্যাস পৰিহাৰ কৰা উচিত তথা কাহৰ চিৰাপৰ অত্যধিক মাত্ৰা বিপদজনক হ’ব পাৰে বুলি চিকিৎসকগৰাকীয়ে সকীয়াই দিয়ে। কাহৰ চিৰাপত ডাইথাইলিন গ্লাইকল আৰু ইথিলিন গ্লাইকল যোগ কৰা হয় বুলিও তেওঁ কয়।

লগতে এই দ্ৰব্যসমূহ কাহৰ চিৰাপ নষ্ট নহ’বলৈ যোগ কৰা হয় যদিও কিছুমান ক্ষেত্ৰত ক্ষতিকাৰক হ’ব পাৰে বুলিও ডাঃ অজিত কুমাৰে আঙুলিয়াই দিয়ে। তেওঁ কয় যে যদি শিশুৱে অত্যধিক পৰিমাণৰ কাহৰ চিৰাপ খায় তেতিয়া তেওঁলোকৰ শৰীৰত অতিৰিক্ত ডাইথাইলিন গ্লাইকল আৰু ইথিলিন গ্লাইকলৰ সৃষ্টি হ’ব পাৰে, যাৰ ফলত বৃক্কৰ ক্ষতি হ’ব পাৰে।

ইয়াৰ ফলত প্ৰস্ৰাৱ অসংযম আৰু পেটৰ বিষ হ’ব পাৰে বুলিও বিশেষজ্ঞগৰাকীয়ে লগতে কয়। দীৰ্ঘদিন ধৰি প্ৰস্ৰাৱৰ সমস্যা থাকিলে বৃক্কত প্ৰত্যক্ষ প্ৰভাৱ পেলায় আৰু বৃক্ক সংক্ৰমিত হৈ সঠিকভাৱে কাম কৰিব নোৱাৰে। অত্যধিক সংক্ৰমণৰ ফলত বৃক্ক বিকল হৈ পৰে আৰু ইয়াৰ ফলত মৃত্যু পৰ্যন্ত হ’ব পাৰে বুলি ডাঃ অজিত কুমাৰে লগতে সতৰ্ক কৰি দিয়ে।

দিল্লীৰ মূলচান্দ চিকিৎসালয়ৰ পালমোন’লজী বিভাগৰ ডাঃ ভগৱান মন্ত্ৰীয়ে কয় যে কাহৰ চিৰাপ দুবিধ- এবিধ শুকান কাহৰ বাবে আৰু আনবিধ কফযুক্ত কাহৰ বাবে। এলাৰ্জীৰ বাবেও কিছুমান চিৰাপ পোৱা যায়। ডাঃ মন্ত্ৰীয়ে চিৰাপ খোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ পৰামৰ্শ দিয়ে। তেওঁ লগতে এটি ৬ৰ পৰা ১২ বছৰ বয়সৰ শিশুৱে আধা চামুচ (২.৫৫ মিলিলিটাৰ) কফ চিৰাপ দিনটোত ২-৩ বাৰ খাব পাৰে বুলিও কয়।

কিন্তু চিকিৎসকৰ প্ৰেছক্ৰিপচন অবিহনে ২ৰ পৰা ৬ বছৰৰ তলৰ শিশুক কেতিয়াও চিৰাপ নিদিবলৈ তেওঁ সকলোকে আহ্বান জনায়। এই শিশুসকলক কাহৰ চিৰাপ দিলে ক্ষতিকাৰক হ’ব পাৰে বুলিও ডাঃ মন্ত্ৰীয়ে সকীয়াই দিয়ে। সদায় খাদ্য খোৱাৰ পিছত কাহৰ চিৰাপ খাব লাগে আৰু একে সময়তে দুটা পৃথক পৃথক চিৰাপ খোৱাৰ পৰা বিৰত থাকিব লাগে বুলিও তেওঁ লগতে কয়।