শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Breast cancer in Males : পুৰুষৰ মাজত বৃদ্ধি স্তনৰ কৰ্কট ৰোগ! কাৰণ, লক্ষণ আদি জনালে এইমছৰ চিকিৎসকে…

দেশত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগৰ ভিতৰত স্তনৰ কৰ্কট ৰোগো অন্যতম। কিন্তু চিন্তনীয় বিষয় এয়াই যে, আজিকালি পুৰুষৰ মাজতো এই ৰোগ বৃদ্ধি পাইছে।

Breast cancer in Males : পুৰুষৰ মাজত বৃদ্ধি স্তনৰ কৰ্কট ৰোগ! কাৰণ, লক্ষণ আদি জনালে এইমছৰ চিকিৎসকে…
পুৰুষৰ স্তনৰ কৰ্কটImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 10 Nov 2025 16:51 PM

বৰ্তমান দেশত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে। শেহতীয়াকৈ প্ৰকাশ পাইছে যে যথেষ্ঠ সংখ্যক পুৰুষো এতিয়া স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে। এইমছ ভোপালৰ কৰ্কট বিভাগত ভৰ্তি থকা ৰোগীৰ পৰা সংগ্ৰহ কৰাৰ তথ্যত এয়া পোহৰলৈ আহিছে। পূৰ্বে প্ৰতি ১০০ জনৰ ভিতৰত ১ জন পুৰুষ এই কৰ্কট ৰোগত প্ৰভাৱিত হৈছিল যদিও এতিয়া ইয়াৰ সংখ্যা ৪ লৈ বৃদ্ধি পাইছে। চিকিৎসকৰ মতে,হৰম’নৰ ভাৰসাম্যহীনতা, মেদবহুলতা, খাদ্যাভ্যাস বেয়া, ধূমপান আদিৰ বাবে পুৰুষৰ স্তনৰ কৰ্কট ৰোগ হয়।

এইমছৰ বিশেষজ্ঞসকলে কয় যে, পুৰুষৰ স্তনৰ কলা কম হোৱাৰ বাবে এই ৰোগ আগতীয়াকৈ ধৰা পেলোৱা কঠিন হৈ পৰে। এইমছ ভোপালৰ সঞ্চালক ডাঃ মাধৱনন্দ কাৰৰ মতে, বেয়া জীৱনশৈলীয়ে পুৰুষৰ হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰে। পুৰুষৰ দেহত মহিলা  ইষ্ট্ৰ’জেন হৰম’নৰ মাত্ৰা বৃদ্ধি পাইছে। যাৰ বাবে স্তনত গাঁঠি গঠন হৈ কৰ্কট ৰোগ হ’ব পাৰে।

চিন্তনীয় কথা এয়াই যে, এই ৰোগত কেৱল প্ৰাপ্তবয়স্ক পুৰুষসকলে নহয়, কমবয়সীয়া যুৱকসকলো প্ৰভাৱিত হৈছে। পুৰুষৰ মেদবহুলতা বৃদ্ধিয়ো এই ৰোগৰ কাৰণ হ’ব পাৰে। কিয়নো মেদবহুলতাৰ ফলত ইষ্ট্ৰ’জেনৰ মাত্ৰা বৃদ্ধি পায়, এনে অৱস্থাত পুৰুষৰ স্তন কৰ্কট ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়।

কাৰণ

চিকিৎসকগৰাকীয়ে কয় যে, হৰম’নৰ ভাৰসাম্য বিঘ্নিত হোৱা বাবে এই ৰোগ হ’ব পাৰে। মানুহৰ খাদ্যভাস, বেছিকৈ ফাষ্টফুড খোৱা আদিৰ বাবে হৰম’নৰ সমস্যা আহিব পাৰে। ঘৰৰ পৰা আঁতৰত থকাসকলে প্ৰায়ে ফাষ্ট ফুডৰ ওপৰত নিৰ্ভৰ কৰে। এইবোৰ সোৱাদযুক্ত যদিও ই অস্বাস্থ্যকৰ।  ইয়াত বহু ৰাসায়নিক পদাৰ্থ থাকে। বাৰ্গাৰ, পিজ্জা, চাউ মিনত ব্যৱহাৰ কৰা চচ আৰু টপিংতো ৰাসায়নিক পদাৰ্থ থাকে। যাৰ বাবে হৰম’নৰ সমস্যা আহিব পাৰে।

তেওঁ কয় যে, আজিকালি ফল-মূলতো ৰাসায়নিক দ্ৰব্য দিয়া হয়। খেতি কৰাৰ সময়ত বহু  ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয়। ইমানেই নহয়, মাছ-মাংস আদি সকলোতে আজিকালি ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। যাৰ বাবে হৰম’নৰ ভাৰসাম্যহীনতা বৃদ্ধি পায়। যাৰ বাবে পুৰুষৰ স্তন কেন্সাৰ পৰ্যন্ত হ’ব পাৰে।

লক্ষণ

  • বুকুৰ কাষত নতুন গোটা গোটা বস্তু ।
  • ছালৰ ৰং পৰিৱৰ্তন।
  • নিপলৰ পৰিৱৰ্তন।
  • কাষলতিৰ কাষত ফুলা।
  • যদি দীৰ্ঘদিন ধৰি এই সমস্যাবোৰ দেখা দিয়ে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

 

অন্য খবৰ পঢ়কঃ পেচাত চিকিৎসক, আঁৰত সন্ত্ৰাসবাদী! ISIS ৰ প্ৰশিক্ষিত ৩ জনক গ্ৰেপ্তাৰ, কৰিছিল ভয়ংকৰ পৰিকল্পনা…