Breakfast: আপুনিও পুৱাৰ আহাৰ নাখাই নেকি? তেন্তে হ’ব পাৰে এইসমূহ সমস্যা…
পুৱাৰ সময়খিনি সকলোৰে বাবে গুৰুত্বপূৰ্ণ। পুৱাৰ আৰম্ভণি ভালদৰে হ'লেহে দিনটো ভালে যায়। বহুতে পুৱা ব্ৰেকফাষ্ট বা কোনো খাদ্য গ্ৰহণ নকৰে। কিন্তু ই সমস্যাত পেলাব পাৰে। পুৱাৰ খাদ্য নাখালে কি কি সমস্যা হ'ব পাৰে জানেনে?
অতীজৰ পৰা কৈ অহা হৈছে যে পুৱাৰ আহাৰ খাব লাগে। ইয়াৰ ফলত শৰীৰ সুস্থ হৈ থাকে। কিন্তু ব্যস্ত জীৱনশৈলীত বহুতে পুৱাৰ আহাৰ এৰাই চলা দেখা যায়। কিন্তু ই স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। কেৱল দুৰ্বলতাই নহয়, ই আপোনাৰ মানসিক স্বাস্থ্যৰো ক্ষতি কৰিব পাৰে। নিউট্ৰিচনেল নিউৰ’ছায়েন্স জাৰ্নেলত প্ৰকাশিত এক গৱেষণাত এই তথ্য প্ৰকাশ পাইছে। য’ত কোৱা হৈছে, নিয়মিতভাৱে ব্ৰেকফাষ্ট বা পুৱাৰ আহাৰ গ্ৰহণ নকৰিলে ডিপ্ৰেশ্যন বা আন মানসিক ৰোগৰ আশংকা বৃদ্ধি পায়।
এই গৱেষণা এক পদ্ধতিগত পৰ্যালোচনা আৰু মেটা-বিশ্লেষণ, বিশ্বৰ ১৩টা পৰ্যবেক্ষণমূলক অধ্যয়নৰ তথ্য একত্ৰিত কৰিছিল। ইয়াত প্ৰায় ৩ লাখ ৯৯ হাজাৰ লোকক অন্তৰ্ভুক্ত কৰা হৈছিল।
ডিপ্ৰেশ্যন
গৱেষণাত পোহৰলৈ আহিছিল যে, যদি দৈনিকভাৱে পুৱাৰ আহাৰ নাখাই তেন্তে হতাশাৰ সম্ভাৱনা স্বাভাৱিক ব্যক্তিতকৈ ৪০ শতাংশ বৃদ্ধি পায়। মানসিক চাপৰ সম্ভাৱনাও ২৩ শতাংশ বেছি। গৱেষণাত আৰু প্ৰকাশ পাইছে যে, ব্ৰেকফাষ্ট এৰি দিলে শৰীৰ প্ৰয়োজনীয় শক্তিৰ পৰা বঞ্চিত হয়। ইয়াৰ ফলত হৰম’নৰ ভাৰসাম্যহীনতা আৰু মানসিক ক্লান্তি হ’ব পাৰে। ইয়াৰোপৰি কিশোৰ-কিশোৰীসকলৰ মাজত মানসিক চিন্তা তথা উদ্বেগ ৫১ শতাংশ বৃদ্ধি পায়।
পুৱাৰ খাদ্যৰ সৈতে মগজুৰ সংযোগ
গৱেষণাত পোহৰলৈ আহিছে যে, পুৱাৰ খাদ্যই মগজুত গ্লুক’জ যোগান ধৰে, যিয়ে মগজুৰ কাম-কাজত সহায় কৰে আৰু মুড ভাল কৰি ৰাখে। কিন্তু দীৰ্ঘদিন ধৰি পুৱাৰ খাদ্য নাখালে গ্লুকজৰ অভাৱ হয়। ইয়াৰ ফলত মগজুত প্ৰভাৱ পৰে, মানসিক চাপ সৃষ্টি হয়।
ব্ৰেকফাষ্ট কিয় খাব লাগে
পুৱাৰ খাদ্য নাখালে শৰীৰত পুষ্টিৰ অভাৱ হ’ব পাৰে। মানসিক সমস্যা হ’ব পাৰে। ইয়াৰোপৰি শাৰীৰিক আন সমস্যাও হ’ব পাৰে। গতিকে সাৰ পোৱাৰ ২ ঘন্টাৰ ভিতৰত লঘু খাদ্য খাব লাগে। খালী পেটত চাহ, কফি খাব নালাগে। ব্ৰেকফাষ্টত ফলমূল, চালাড আদি খোৱা ভাল। বেছিকৈ প্ৰ’টিন খাব লাগে।
অন্য খবৰ পঢ়কঃ পুৱা কি কি খালে ওজন হ্ৰাস পায়? জানক চৰ্বি কম কৰাৰ সহজ উপায়….