শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বৃদ্ধ বয়সতো সুস্থ হৈ থাকিব মগজু! কেৱল মানি চলক বিশেষজ্ঞৰ এই পৰামৰ্শ

বয়স বাঢ়ি অহাৰ লগে লগে মানুহৰ মগজুৰ কাম কৰাৰ ক্ষমতা কমিবলৈ আৰম্ভ কৰে। পাহৰি যোৱা আৰু কামত একাগ্ৰতাৰ অভাৱৰ দৰে সমস্যা বৃদ্ধসকলৰ মাজত স্বাভাৱিকতেই সাধাৰণ। সাধাৰণতে বৃদ্ধাৱস্থাত মগজুৱে ভালদৰে কাম নকৰাৰ বাবে এনে হয়। কিন্তু আপুনি জানেনে যে বৃদ্ধ বয়সতো মগজু সুস্থ হৈ থাকিব পাৰে।

বৃদ্ধ বয়সতো সুস্থ হৈ থাকিব মগজু! কেৱল মানি চলক বিশেষজ্ঞৰ এই পৰামৰ্শ
প্ৰতিনিধিত্বমূলক ছবি
Monjit Dutta
Monjit Dutta | Published: 14 May 2024 22:13 PM

বয়স বাঢ়ি অহাৰ লগে লগে মানুহৰ মগজুৰ কাম কৰাৰ ক্ষমতা কমিবলৈ আৰম্ভ কৰে। পাহৰি যোৱা আৰু কামত একাগ্ৰতাৰ অভাৱৰ দৰে সমস্যা বৃদ্ধসকলৰ মাজত স্বাভাৱিকতেই সাধাৰণ। সাধাৰণতে বৃদ্ধাৱস্থাত মগজুৱে ভালদৰে কাম নকৰাৰ বাবে এনে হয়। কিন্তু আপুনি জানেনে যে বৃদ্ধ বয়সতো মগজু সুস্থ হৈ থাকিব পাৰে। শেহতীয়াকৈ এই সন্দৰ্ভত এক গৱেষণা কৰা হৈছে। গৱেষণাৰ পৰা দেখা গৈছে যে টোপনি আৰু মগজুৰ কাৰ্যৰ মাজত গভীৰ সম্পৰ্ক আছে। টোপনিয়ে বয়সীয়াল মগজুৰ গতি লেহেমীয়া কৰিব পাৰে। ইয়াৰ লগে লগে চিন্তা আৰু বৌদ্ধিক ক্ষমতাও দীৰ্ঘদিন ধৰি বৰ্তাই ৰাখিব পাৰি।

ইউনিভাৰ্চিটি কলেজ অৱ লণ্ডনৰ অধীনস্থ উৰুগুৱে বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে এই গৱেষণা কৰিছে। এই গৱেষণা ‘শ্লিপ হেল্থ’ নামৰ আলোচনীত প্ৰকাশ পাইছে। গৱেষণাৰ মতে, দিনত কিছু লঘু টোপনি মাৰিলে মগজুৰ বয়স বৃদ্ধিৰ গতি হ্ৰাস কৰিব পাৰি। যাৰ বাবে আপুনি আপোনাৰ চিন্তা ক্ষমতা দীৰ্ঘদিন ধৰি বৰ্তাই ৰাখিব পাৰে। এই গৱেষণাত ৪০ৰ পৰা ৬০ বছৰৰ ভিতৰৰ লোকৰ ওপৰত এক সমীক্ষা কৰা হৈছিল।

সমীক্ষাত দেখা গৈছে যে দিনটোত কিছু সময় শুলে মগজুৰ কাম-কাজ উন্নত হয়। কিন্তু কিমান সময়ৰ টোপনি মানসিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত সহায়ক হয়, সেই বিষয়ে গৱেষণাই সম্পূৰ্ণৰূপে প্ৰমাণ কৰিব পৰা নাই। কিন্তু পূৰ্বৰ গৱেষণা পৰীক্ষা অনুসৰি ত্ৰিশ মিনিট বা তাতকৈ কম সময়ৰ টোপনিৰ ফলত ভাল ফলাফল পোৱা গৈছিল।

ইয়াৰ পূৰ্বেও এক গৱেষণাত মানুহৰ মানসিক ভাৰসাম্যৰ পৰীক্ষা কৰা হৈছিল। এই পৰীক্ষাত টোপনিৰ পিছত পৰীক্ষা কৰাসকলৰ মানসিক ভাৰসাম্যতা উন্নত দেখা গৈছিল। গৱেষক দলটোৱে জানিব পাৰিছে যে ভালদৰে নিদ্ৰা মৰা আৰু নিদ্ৰাহীন লোকৰ মগজুৰ কাম-কাজত কিছু পাৰ্থক্য দেখা গৈছে।

ইউনিভাৰ্চিটি কলেজ অৱ লণ্ডনৰ লাইফ লং হেল্থ এণ্ড এজিং ইউনিটৰ জ্যেষ্ঠ গৱেষক তথা পৰিচালক ভিক্টোৰিয়া গাৰ্ফিল্ডে উল্লেখ কৰা মতে যদি মানুহে দিনত অলপ বেছি সময় শুবলৈ আৰম্ভ কৰে তেন্তে বয়স বঢ়াৰ লগে লগে মানসিক ভাৰসাম্য ৰক্ষা কৰিব পাৰে। তেওঁ লগতে তেওঁৰ গৱেষণাই দিনত টোপনিৰ বিষয়ে থকা ভুল ধাৰণাবোৰ আঁতৰাই দিব আৰু মানুহে লঘু টোপনি মাৰিবলৈ আৰম্ভ কৰিব বুলি দাবী কৰিছে।

দিল্লীৰ জিটিবি হাস্পতালৰ স্নায়ু বিভাগৰ চিকিৎসক ডাঃ দলজিৎ সিঙে কয় যে আমাৰ বয়স বৃদ্ধিৰ লগে লগে স্মৃতিশক্তি দুৰ্বলতা আৰু স্নায়ুতন্ত্ৰৰ লগত জড়িত ৰোগে ঠাই লয়। লগতে দেখা যায় যে বৃদ্ধ লোকৰ স্মৃতিশক্তি হেৰুৱাবলৈ আৰম্ভ কৰে আৰু তেওঁলোকৰ চিন্তা আৰু বুজাবুজিৰ ক্ষমতাও প্ৰভাৱিত হয়।

কিন্তু যদি কোনো ব্যক্তিয়ে ভাল টোপনি মাৰে আৰু মানসিক চাপ মুক্ত হৈ থাকে তেন্তে মগজুৰ স্বাস্থ্যও ভাল হৈ থাকে চিকিৎসক ডাঃ দলজিৎ সিঙে লগতে উল্লেখ কৰে।