শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

যুৱক-যুৱতীসকলৰ নিতম্বৰ হাড় কিয় দুৰ্বল হৈ পৰে? জানক কাৰণ আৰু প্ৰতিকাৰৰ উপায়…

Bone Weak Cause: আজিকালি মানুহে বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভোগে। বিভিন্নজনৰ প্ৰায়ভাগ সময় হাত-ভৰি বিষ হৈ থাকে। যুৱক-যুৱতীসকলৰ মাজতো এই সমস্যা দেখা যায়। পিছে ই সাধাৰণ নহয়।

যুৱক-যুৱতীসকলৰ নিতম্বৰ হাড় কিয় দুৰ্বল হৈ পৰে? জানক কাৰণ আৰু প্ৰতিকাৰৰ উপায়…
হাড় দুৰ্বলImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 30 Sep 2025 15:55 PM

বয়স, কেলচিয়াম আৰু ভিটামিন ডিৰ অভাৱ, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, মেদবহুলতা, হৰম’নৰ পৰিৱৰ্তন, খাদ্যাভ্যাস আদি বিভিন্ন কাৰণত নিতম্বৰ হাড় দুৰ্বল হৈ পৰে। ইয়াৰোপৰি দীৰ্ঘ সময় বহি থকা কাম, পুষ্টিকৰ খাদ্যৰ অভাৱ আদিৰ বাবে হাড় দুৰ্বল হৈ পৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হৈ থকা ভাল।

আজিকালি অতি কম বয়সতে বহুতৰ নিতম্বৰ হাড় দুৰ্বল হোৱা আৰু বিষ হোৱা দেখা যায়। পূৰ্বে এই সমস্যা কেৱল বয়োজ্যেষ্ঠসকলৰ ক্ষেত্ৰত দেখা গৈছিল। কিন্তু এতিয়া যুৱক-যুৱতীসকলৰ মাজতো এই সমস্যা হোৱা দেখা যায়। এনে অৱস্থাত খোজ কঢ়াত অসুবিধা হোৱা দেখা যায়। গতিকে ইয়াৰ আঁৰত কি কাৰণ আছে ইয়াৰ বিষয়ে জনা দৰকাৰ।

জীৱনশৈলীৰ পৰিৱৰ্তন

আৰ এম এল হাস্পতালৰ মেডিচিন বিভাগৰ ডাঃ সুভাষ গিৰিয়ে কয় যে, জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবে আজিকালি যুৱক-যুৱতীসকলৰো হাড় দুৰ্বল হোৱা দেখা যায়। বহু সময় বহি কাম কৰা, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, ভিটামিন ডিৰ অভাৱ আদিৰ ফলত এনে হয়।

বেয়া খাদ্য আৰু দুৰ্বল পুষ্টি

জাংক ফুডৰ সেৱনৰ ফলতো এই সমস্যা হ’ব পাৰে। ইয়াৰোপৰি খাদ্য খোৱাৰ পদ্ধতিও এই সমস্যাৰ কাৰণ হ’ব পাৰে। আজিকালি বহু যুৱক-যুৱতীয়ে অনলাইনত বস্তু অৰ্ডাৰ কৰে । এনে অৱস্থাত খোজ কঢ়াৰ অভ্যাস নোহোৱা হৈ পৰিছে। যাৰ বাবে বহুতৰ ভিটামিন ডিৰ অভাৱ হয়। ইয়াৰোপৰি যিমানেই জাংক ফুড খাই সিমানেই শৰীৰে কম পুষ্টি লাভ কৰে। গতিকে যেতিয়া কেলছিয়াম আৰু ভিটামিন ডিৰ অভাৱ হয় তেতিয়া হাড় দুৰ্বল হৈ পৰে।

মেদবহুলতা আৰু অতিৰিক্ত ওজন

ওজন বৃদ্ধিও হাড় দুৰ্বল হোৱাৰ কাৰণ হব পাৰে। ওজন বৃদ্ধি হলে নিতম্ব আৰু আঁঠুত প্ৰভাৱ পৰে। ইয়াৰোপৰি যিসকলে মেদবহুলতাৰ সৈতে যুঁজি থাকে তেওঁলোকৰ নিতম্ব আৰু আঁঠুৰ সমস্যা হোৱা দেখা যায়।

আঘাত আৰু দীৰ্ঘদিনীয়া ৰোগ

কেতিয়াবা দুৰ্ঘটনা, খেলৰ আঘাত, বা অষ্টিঅ’পৰ’ছিছ আৰু বাতবিষৰ দৰে দীৰ্ঘদিনীয়া ৰোগে নিতম্ব আৰু হাড় দুৰ্বল কৰি তুলিব পাৰে।

প্ৰতিৰোধ

  • ব্যায়াম কৰক।
  • খোজ কঢ়া।
  • যোগাসন।
  • কেলচিয়াম, ভিটামিন ডি, প্ৰটিনযুক্ত খাদ্য খাব লাগে।
  • প্ৰতিদিনে ১৫ৰ পৰা ২০ মিনিট ৰ’দত কটাবলৈ চেষ্টা কৰক।
  •  ওজন নিয়ন্ত্ৰণত ৰাখক।
  • বহু সময় বহি, শুই নাথাকিব।
  • নিতম্বত অতিৰিক্ত হেঁচা দিয়াৰ পৰা বিৰত থাকক।

 

অন্য খবৰ পঢ়কঃ খাদ্য খোৱাৰ আগত নে পাছত? পানী খোৱাৰ সঠিক সময় কি জানেনে? জানক…