চুগাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি ? গৱেষণাত পোহৰলৈ আহিল এই তথ্য…
ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা আধালৈ হ্ৰাস পাব পাৰে। এই দাবী চিকিৎসা আলোচনী দ্য লেন্সেটত প্ৰকাশিত গৱেষণাৰ ভিত্তিত কৰা হৈছে।
সাধাৰণতে বিশ্বাস কৰা হয় যে, উচ্চ ৰক্তচাপ বা উচ্চ কলেষ্টেৰলৰ বাবে হৃদৰোগ হয়। কিন্তু নতুন গৱেষণাৰ পৰা দেখা গৈছে যে, তেজত চুগাৰৰ মাত্ৰা সামান্য বৃদ্ধি হ’লেও যথেষ্ট বিপদৰ সৃষ্টি হ’ব পাৰে। ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা আধালৈ হ্ৰাস পাব পাৰে। এই দাবী চিকিৎসা আলোচনী দ্য লেন্সেটত প্ৰকাশিত গৱেষণাৰ ভিত্তিত কৰা হৈছে। অধ্যয়নটোত কোৱা হৈছে যে, তেজৰ চুগাৰৰ পৰিমাণ ডায়েবেটিছৰ পূৰ্বে নিয়ন্ত্ৰণ কৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা প্ৰায় ৫০% হ্ৰাস পাব পাৰে।
গৱেষণাৰ পৰা দেখা গৈছে যে, তেজৰ চুগাৰৰ পৰিমাণ ডায়েবেটিছৰ পূৰ্বৰ মাত্ৰালৈ নিয়ন্ত্ৰণ কৰিলে ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰাই নহয়, হাৰ্ট এটেকৰ সম্ভাৱনাও হ্ৰাস পায়। গৱেষণাৰ পৰা দেখা গৈছে যে, যিসকলে উপবাসৰ সময়ত চুগাৰৰ পৰিমাণ ৯৭ মিলিগ্ৰাম/ডেচিলিটাৰৰ তলত ৰাখিছিল, ওজন নিয়ন্ত্ৰণ কৰিছিল আৰু দৈনিক ব্যায়াম কৰিছিল, তেওঁলোকৰ পৰৱৰ্তী বছৰবোৰত হাৰ্ট এটেকৰ সম্ভাৱনা প্ৰায় আধা হ্ৰাস পাইছিল।
গৱেষণাৰ সৈতে জড়িত চিকিৎসকসকলে কয় যে, প্ৰিডায়েবেটিছৰ প্ৰাৰম্ভিক পৰ্যায়ত চিকিৎসা কৰিলে বছৰ বছৰ ধৰি শৰীৰক হৃদৰোগৰ পৰা ৰক্ষা কৰিব পাৰি। ইয়াৰ ফলত হাৰ্ট এটেক আৰু হাৰ্ট ফেইলাৰ হোৱাৰ সম্ভাৱনাও হ্ৰাস পায়।
এতিয়ালৈকে কৰা গৱেষণা আৰু বিশেষজ্ঞসকলে হৃদৰোগ প্ৰতিৰোধৰ বাবে ৰক্তচাপ নিয়ন্ত্ৰণ, এল ডি এল কলেষ্টেৰল হ্ৰাস, ধূমপান ত্যাগ, মেদবহুলতা হ্ৰাস আদিৰ পৰামৰ্শ আগবঢ়াইছে। কিন্তু এই গৱেষণাৰ পৰা স্পষ্ট হৈ পৰিছে যে, হাৰ্ট এটেক প্ৰতিৰোধৰ বাবে চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটোও অতি প্ৰয়োজনীয়।
গৱেষণাৰ পৰা দেখা গৈছে যে, উপবাসৰ সময়ত চুগাৰৰ মাত্ৰা ১০০ মিলিগ্ৰাম/ডেচিলিটাৰৰ তলত আৰু খাদ্য খোৱাৰ পিছত ১৪০ মিলিগ্ৰাম/ডেচিলিটাৰৰ তলত ৰাখিব লাগে। এই মাত্ৰা বজাই ৰাখিলে হাৰ্ট এটেকৰো প্ৰতিৰোধ কৰিব পাৰি। চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ দৈনিক ব্যায়াম কৰক, খাদ্যৰ যত্ন লওক, অত্যধিক চেনি সেৱন নকৰিব,নিয়মিতভাৱে চুগাৰৰ মাত্ৰা পৰীক্ষা কৰক।