শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ডিঙি ক’লা পৰা, ভৰি ফুলা… হ’ব পাৰে এই ৰোগৰ লক্ষণ, জানক…

Black Neck: আজিকালি বহু মানুহৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। বহু ৰোগৰ লক্ষণ আমাৰ শৰীৰত দেখা দিয়ে যদিও এইবোৰ আওকান কৰা দেখা যায়। কিন্তু সেই লক্ষণবোৰ সহজভাৱে ল'ব নালাগে।

ডিঙি ক’লা পৰা, ভৰি ফুলা… হ’ব পাৰে এই ৰোগৰ লক্ষণ, জানক…
ডিঙি ক'লা পৰাImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 10 Oct 2025 13:37 PM

আজিকালি প্ৰায়ভাগ মানুহে ডায়েবেটিছ ৰোগত ভোগা দেখা যায়। যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈকে প্ৰায় সকলো বয়সৰ লোকে এই ৰোগত ভোগে। ইন্টাৰনেশ্যনেল ফেডাৰেশ্যন IFD য়ে এক প্ৰতিবেদনত উল্লেখ কৰিছে যে, ভাৰতত ৮০ ৰ পৰা ৯০ মিলিয়ন লোকৰ টাইপ ২ ডায়েবেটিছ আছে। টাইপ-২ ডায়েবেটিছ জীৱনশৈলী, খাদ্য়ভাস আদি বিভিন্ন কাৰণত হ’ব পাৰে।

ডায়েবেটিছ হ’লে কিছুমান বিশেষ লক্ষণে দেখা দিয়ে। কিন্তু বহু মানুহে ইয়াক আওকান কৰি চলে। এই সন্দৰ্ভত দিল্লীৰ ৰাজীৱ গান্ধী চিকিৎসালয়ৰ সহযোগী অধ্যাপক ডাঃ অজিত জৈনে সবিশেষ জনাইছে। তেওঁৰ মতে, পুৱা সাৰ পাই অত্যন্ত ভাগৰ অনুভৱ কৰা, সঘনাই প্ৰস্ৰাৱ, ডিঙি শুকোৱা, হঠাতে ভোক বৃদ্ধি বা কম আদি ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে।  এই লক্ষণবোৰ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

অন্য কিছুমান লক্ষণ

১)ওজনঃ ওজন হঠাতে হ্ৰাস বা বৃদ্ধি হোৱা ব্লাড চুগাৰ বৃদ্ধিৰ লক্ষণ হ’ব পাৰে। কিছুমান মানুহৰ পেটৰ আশে পাশে চৰ্বি জমা হয়। ইয়াৰোপৰি কিছুমানৰ হঠাতে ওজন কমে। যেতিয়া শৰীৰে গ্লুজকোজ তৈয়াৰ কৰিব নোৱাৰে তেতিয়া এনে হয়।

২) ডিঙি ক’লা পৰাঃ বহু মানুহৰ ডিঙি, কঁকালৰ অংশ আদিত ক’লা পৰা দেখা যায়। কেতিয়াবা ইয়াক সাধাৰণ সমস্যা বুলি ধৰা হয়। কিন্তু ই ইনচুলিনৰ মাত্ৰা অত্যধিক হোৱাৰ সতৰ্কবাণী।

৩) অনবৰত পিয়াহ আৰু প্ৰস্ৰাৱঃ ব্লাড চুগাৰৰ পৰিমাণ বৃদ্ধি পালে কিডনীয়ে অতিৰিক্ত গ্লুকোজ বাহিৰ কৰিবলৈ বেছি কষ্ট কৰিব লাগে। যাৰ বাবে বাৰে বাৰে প্ৰস্ৰাৱ আহি থাকে। লগতে পিয়াহ বৃদ্ধি পায়। এয়া ডিহাইড্ৰেশ্যন নহয়, ব্লাড চুগাৰৰ মাত্ৰাৰ সমস্যা হ’ব পাৰে।

৪) ভৰি ফুলাঃ ভৰিৰ ফুলিবলৈ আকম্ভ কৰা। ব্লাড চুগাৰ বৃদ্ধি হ’লে ৰক্ত সঞ্চালন আৰু বৃক্কৰ কাৰ্যক্ষমতাত প্ৰভাৱ পৰে। যাৰ বাবে ভৰি ফুলে। সন্ধিয়া এই সমস্যা বেছি হয়।

৫) ডিঙিত সমস্যাঃ ডিঙি শকত দেখা বা চৰ্বি হঠাতে বাঢ়ি যোৱা ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে। শৰীৰে ইনচুলিন ভালদৰে ব্যৱহাৰ নকৰিলে এনে হয়। এনে অৱস্থাত গ্লুক’জ চৰ্বি হিচাপে জমা হয়।

৬) পিঠিৰ ওপৰৰ অংশত চৰ্বিঃ পিঠিৰ ওপৰৰ অংশত চৰ্বি জমা হোৱা ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে।হৰম’নৰ ভাৰসাম্যহীনতা, উচ্চ কৰ্টিছলৰ মাত্ৰা আদিৰ বাবে এনে হয়।

 

গতিকে দীৰ্ঘদিন ধৰি এই লক্ষণসমূহ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

 

অন্য খবৰ পঢ়কঃ পুৱা কিমান গিলাচ পানী খাব লাগে? জানক বিশেষজ্ঞৰ পৰা…