শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Best Hill Stations to Visit : ডিচেম্বৰ মাহত এই তিনিটা পাহাৰীয়া ষ্টেচনলৈ ভ্ৰমণৰ পৰিকল্পনা কৰক…

আমাৰ দেশৰ এনে বহু পাহাৰীয়া ষ্টেচন আছে যিবোৰ ঠাইৰ বৰফৰ আচ্ছাদনে প্ৰত্যেক বৰছে পৰ্যটকক আকৰ্ষণ কৰি আহিছে । এই ঠাইবোৰৰ শীতকালৰ ঠাণ্ডা বতাহ, বৰফৰ আচ্ছাদন আৰু শান্তিপূৰ্ণ পৰিৱেশে আপোনাক সুকীয়া অভিজ্ঞতা প্ৰদান কৰিব । এনে পৰিস্থিতিত এতিয়া আপুনি আপোনাৰ বন্ধু-বান্ধৱী বা পৰিয়ালৰ সৈতে এই হিল ষ্টেচনবোৰ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব পাৰে ।

Best Hill Stations to Visit : ডিচেম্বৰ মাহত এই তিনিটা পাহাৰীয়া ষ্টেচনলৈ ভ্ৰমণৰ পৰিকল্পনা কৰক…
লেহ লাডাখ
manas-borah
Manas Borah | Published: 15 Dec 2024 15:15 PM

শীতকালত পাহাৰীয়া ঠাই ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে নেকি ? নৱেম্বৰ-ডিচেম্বৰ মাহৰ পৰাই আৰম্ভ হয় পৰ্যটনৰ বতৰ । এই সময়ছোৱা ভ্ৰমণৰ বাবে উপযোগী হিচাপে গণ্য কৰা হয় । আমাৰ দেশৰ এনে বহু পাহাৰীয়া ষ্টেচন আছে যিবোৰ ঠাইৰ বৰফৰ আচ্ছাদনে প্ৰত্যেক বৰছে পৰ্যটকক আকৰ্ষণ কৰি আহিছে । এই প্ৰতিবেদনত তিনিখন পাহাৰীয় ঠাইৰ বিষয়ে উল্লেখ কৰা হৈছে । নতুন বৰ্ষত বা নতুন বৰ্ষৰ পূৰ্বে এই ঠাই ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । এই ঠাই কেইখনত ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে বৰফ পৰা দেখা যায় ।

এই সময়ছোৱাত এই ঠাই ভ্ৰমণ কৰিলে বৰফৰ মাজত আনন্দৰ সময় কটাব পাৰিব । এই ঠাইবোৰৰ শীতকালৰ ঠাণ্ডা বতাহ, বৰফৰ আচ্ছাদন আৰু শান্তিপূৰ্ণ পৰিৱেশে আপোনাক সুকীয়া অভিজ্ঞতা প্ৰদান কৰিব । এনে পৰিস্থিতিত এতিয়া আপুনি আপোনাৰ বন্ধু-বান্ধৱী বা পৰিয়ালৰ সৈতে এই হিল ষ্টেচনবোৰ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব পাৰে ।

ডিচেম্বৰ মাহত ভ্ৰমণ কৰক গেংটক

ডিচেম্বৰ আৰু জানুৱাৰী মাহত আপুনি ছিকিমৰ গেংটক ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । বিশেষভাৱে ডিচেম্বৰ মাহত হাজাৰ হাজাৰ পৰ্যটকে ছিকিম ভ্ৰমণ কৰা দেখা যায় । ডিচেম্বৰ মাহত গেংটক ভ্ৰমণৰ বাবে একেবাৰে উপযুক্ত সময় । শীতকালত এই চহৰখন বৰফেৰে আবৃত হৈ থাকে । যদি আপুনি গেংটক ভ্ৰমণ কৰে তেন্তে টছমগো হ্ৰদৰ লগতে নাথুলা পাছ, ৰুমটেক, গণেশ টক আৰু তাছি ভিউপইণ্ট চাব পাৰিব।

স্পিটি উপত্যকা

হিমাচল প্ৰদেশ এনে এখন ৰাজ্য য’ত বহুতো পাহাৰীয়া ষ্টেচনে ভৰি আছে । মানালী, শিমলা আৰু ধৰ্মশালাৰ বাহিৰেও যদি আপুনি আন কোনো পাহাৰীয়া ষ্টেচনলৈ যাব বিচাৰে তেন্তে স্পিটি উপত্যকা আপোনাৰ বাবে সৰ্বোত্তম। যদি আপুনি বৌদ্ধ মঠ চাব বিচাৰে বা বন্ধু-বান্ধৱীৰ সৈতে ট্ৰেকিং কৰিবলৈ পৰিকল্পনা কৰে, তেন্তে ডিচেম্বৰ মাহত স্পিটি উপত্যকালৈ যোৱাৰ পৰিকল্পনা কৰক। যদি আপুনি দুঃসাহসিক যাত্ৰা ভাল পায় তেন্তে এই ঠাইখন আপুনি বহুত ভাল পাব।

লেহ লাডাখ

ডিচেম্বৰ মাহত লেহ স্বৰ্গ হৈ পৰে। ইয়াৰ হ্ৰদ আৰু বৰফেৰে আবৃত পাহাৰবোৰ দেখি আপুনি এক সুকীয়া অভিজ্ঞতা লাভ কৰিব । প্ৰায় সংখ্যক পৰ্যটকে জীৱনত এবাৰ হ’লেও লেহ লাডাখ ভ্ৰমণৰ বাবে পৰিকল্পনা কৰে । লেহ লাডাখৰ বৰফৰ আচ্ছাদনে প্ৰত্য়েক বছৰে পৰ্যটকসকলক আকৰ্ষণ কৰি আহিছে । ইয়াৰ বাহিৰেও যদি আপুনি দুঃসাহসিক যাত্ৰা কৰি ভাল পায় তেন্তে আপোনাৰ বাবে লেহ লাডাখ সৰ্বোত্তম হ’ব ।