শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ডায়েবেটিছ ৰোগীয়ে কোনবোৰ ফল খাব লাগে, কি ফল খালে বিপদ হ’ব পাৰে? চিকিৎসকৰ পৰা জানক

সকলোৱে জানে যে ফল-মূল খোৱাটো শৰীৰৰ বাবে উপকাৰী, কিন্তু আপুনি জানেনে যে কিছুমান ফল খালে শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ডায়েবেটিছত কোনবোৰ ফল খাব লাগে আৰু কোনবোৰ খাব নালাগে জানি লওক।

ডায়েবেটিছ ৰোগীয়ে কোনবোৰ ফল খাব লাগে, কি ফল খালে বিপদ হ’ব পাৰে? চিকিৎসকৰ পৰা জানক
ফলImage Credit source: Getty images
trishna-kalita
Trishna Kalita | Published: 08 Jul 2025 17:09 PM

ডায়েবেটিছ হ’ল এনে এক ৰোগ, য’ত শৰীৰৰ তেজত চুগাৰৰ মাত্ৰা অবিৰতভাৱে উচ্চ হৈ থাকে। এনে পৰিস্থিতিত খাদ্যক লৈ বিশেষকৈ ফলমূলৰ বিষয়ে প্ৰায়ে খেলিমেলি হয়। বহুতে ভাবে যে ডায়েবেটিছত ফল খাব নালাগে কাৰণ ইয়াত প্ৰাকৃতিক চুগাৰ থাকে। কিন্তু এইটো সম্পূৰ্ণ শুদ্ধ নহয়।

কিছুমান ফল আছে যিবোৰত আঁহ, ভিটামিন আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে আৰু শৰীৰৰ উপকাৰ কৰে। আনহাতে কিছুমান ফলৰ দ্বাৰা চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। ফল-মূলে শৰীৰক অত্যাৱশ্যকীয় আঁহ আৰু এন্টিঅক্সিডেন্ট যোগান ধৰাই নহয়, তেজৰ চেনিৰ ভাৰসাম্য ৰক্ষাতো সহায় কৰিব পাৰে। যদি সঠিক বিকল্প বাছি লোৱা হয়। মধুমেহ ৰোগত কোনবোৰ ফল খাব লাগে আৰু কোনবোৰ পৰিহাৰ কৰিব লাগে জানো আহক।

ডায়েবেটিছত কোনবোৰ ফল খাব লাগে

জিটিবি হাস্পতালৰ ডায়েটিচিয়ান ডাঃ অনামিকা গৌৰে কয় যে ডায়েবেটিছ ৰোগীয়ে এনে ফল খাব লাগে যিবোৰত গ্লাইচেমিক ইনডেক্স (GI) কম আৰু আঁহৰ পৰিমাণ বেছি। আপেল, অমিতা, নাচপতি, কিউই, জামু আৰু ষ্ট্ৰবেৰীৰ দৰে ফল-মূলে কেৱল লাহে লাহে তেজৰ চেনি বৃদ্ধি কৰাই নহয়, ইনচুলিনক ভালদৰে কাম কৰাত সহায় কৰে।

এই ফলবোৰ দৈনিক সীমিত পৰিমাণে খাব লাগে। লগতে কমলা আৰু মৌচুমীৰ দৰে টেঙা ফলবোৰ ভিটামিন চিৰ ভাল উৎস আৰু ডায়েবেটিছ ৰোগীৰ বাবে ইয়াক নিৰাপদ বুলি গণ্য কৰা হয় যদিও ইয়াক সুষম পৰিমাণে খাব লাগে।

ডায়েবেটিছত ক্ষতিকাৰক ফল

আনহাতে, মধুমেহ ৰোগীৰ বাবে ক্ষতিকাৰক হ’ব পৰা কিছুমান ফল আছে। আম, আঙুৰ, চিকু বা চপেটা, লিচু, আনাৰস আৰু পকা কল আদি এনে ফল, য’ত প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক চেনি থাকে আৰু তেজৰ চেনি দ্ৰুতগতিত বৃদ্ধি কৰিব পাৰে। এইবোৰ খালেও অতি কম পৰিমাণে আৰু দিনত যিকোনো শাৰীৰিক পৰিশ্ৰমৰ পিছত খাব লাগে।

ফল-মূল খোৱাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰক-

  1.  ফল-মূল খোৱাৰ সময়ত কিছু কথা মনত ৰখাটো অতি প্ৰয়োজনীয়। ফল সদায় গোটাকৈ খাব লাগে, ৰসৰ ৰূপত নহয়, কাৰণ ৰসৰ পৰা আঁহ আঁতৰি যায় আৰু চেনি তেজত অতি সোনকালে দ্ৰৱীভূত হয়।
  2.  একেলগে বেছি ফল নাখাব। এটা সময়ত মাত্ৰ এটা ফল খাওক আৰু ইয়াৰ পৰিমাণ সীমিত কৰি ৰাখক। ডায়েবেটিছত পুষ্টিৰ ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। গতিকে কোনো ধৰণৰ পৰিৱৰ্তন কৰাৰ আগতে চিকিৎসক বা ডায়েটিচিয়ানৰ পৰামৰ্শ লোৱাটো ভাল।
  3.  এইদৰে ডায়েবেটিছত ফল খোৱাটো সম্পূৰ্ণ নিষিদ্ধ নহয়, মাত্ৰ চিন্তা কৰিহে বাছি ল’ব লাগে আৰু সীমিত পৰিমাণত খাব লাে। সঠিক পৰিমাণত উপযুক্ত ফল খালে ইয়াৰ সোৱাদ বৃদ্ধি হোৱাই নহয়, শৰীৰৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে চেনিৰ মাত্ৰাও নিয়ন্ত্ৰণত থাকে।

লগতে পঢ়ক: গৰমৰ দিনত এইসমূহ প্ৰাকৃতিক বস্তুৰে দূৰ কৰক মূৰৰ বিষ, নোহোৱা হ’ব ভাগৰ…