শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

লঙৰ পানী চুলিৰ বাবে অতি উপকাৰী, কেনেদৰে ব্যৱহাৰ কৰিব ? জানক

আমাৰ পাকঘৰত সাধাৰণতে মছলা হিচাপে ব্যৱহাৰ কৰা লঙত এন্টি-বেক্টেৰিয়েল, এন্টি-ফাংগেল আৰু এন্টি-অক্সিডেন্ট গুণ আছে। ই কেৱল মূৰৰ ছালখন সুস্থ কৰি তোলাই নহয় চুলিৰ শিপাও শক্তিশালী কৰে। লঙৰ পানীৰ উপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে জানোঁ আহক।

লঙৰ পানী চুলিৰ বাবে অতি উপকাৰী, কেনেদৰে ব্যৱহাৰ কৰিব ? জানক
লং
Manas Borah
Manas Borah | Published: 17 Feb 2025 19:49 PM

প্ৰদূষণ, ভুল খাদ্যাভ্যাস, ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ আৰু মানসিক চাপৰ বাবে চুলিৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। চুলি সৰা, উফি, মূৰৰ ছালৰ সংক্ৰমণ আদি সমস্যা সাধাৰণ হৈ পৰিছে। এনে পৰিস্থিতিত যদি আপুনি প্ৰাকৃতিক আৰু ফলপ্ৰসূ সমাধান বিচাৰিছে, তেন্তে এই উপায় গ্ৰহণ কৰক । আপুনি চুলিৰ যত্ন ল’বৰ বাবে লং ব্যৱহাৰ কৰিব পাৰে ।

আমাৰ পাকঘৰত সাধাৰণতে মছলা হিচাপে ব্যৱহাৰ কৰা লঙত এন্টি-বেক্টেৰিয়েল, এন্টি-ফাংগেল আৰু এন্টি-অক্সিডেন্ট গুণ আছে। ই কেৱল মূৰৰ ছালখন সুস্থ কৰি তোলাই নহয় চুলিৰ শিপাও শক্তিশালী কৰে। লঙৰ পানীৰ উপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে জানোঁ আহক।

চুলিৰ বাবে লঙৰ পানীৰ উপকাৰিতা

১) চুলি সৰা কমায় – লঙত থকা ইউজেনল নামৰ এবিধ উপাদানে মূৰৰ ছালত ৰক্ত সঞ্চালন বৃদ্ধি কৰে, যাৰ ফলত চুলিৰ শিপা মজবুত হয় আৰু চুলি সৰা সমস্যা হ্ৰাস পায়।

২) উফিৰ পৰা সকাহ দিয়ে- লঙৰ পানীত ভেঁকুৰ প্ৰতিৰোধী গুণ থাকে, যিয়ে মূৰৰ ছালৰ পৰা ভেঁকুৰ আৰু উফি আঁতৰোৱাত সহায় কৰে। ই মূৰৰ ছাল পৰিষ্কাৰ কৰে আৰু লগতে খজুৱতিৰ সমস্যাও দূৰ কৰে।

৩) চুলিৰ বৃদ্ধিত সহায় কৰে- যদি আপুনি দীঘল আৰু ডাঠ চুলি বিচাৰে তেন্তে লঙৰ পানী ব্যৱহাৰ কৰিব পাৰে। ই মূৰৰ ছালত ৰক্ত সঞ্চালন বৃদ্ধি কৰাৰ লগতে নতুন চুলিৰ বৃদ্ধিত সহায় কৰে।

লঙৰ পানী কেনেকৈ প্ৰস্তুত কৰিব

কেৰাহীত পানী গৰম কৰি তাত লং দিব। কম জুইত ১০-১৫ মিনিট উতলাই লওক। পানীৰ ৰং পাতল বাদামীলৈ সলনি হ’ব । ইয়াৰ পাছত জুইৰ পৰা আঁতৰাই ঠাণ্ডা হ’বলৈ দিব। ফিল্টাৰ কৰি স্প্ৰে বটল বা পাত্ৰত ভৰাই লওক।

চুলিত প্ৰয়োগ কৰা পদ্ধতি

১)চুলি ধোৱাৰ পিছত সামান্য তিতা চুলিত লঙৰ পানী স্প্ৰে কৰিব লাগে। আঙুলিৰে লাহে লাহে মালিচ কৰিব। ধুব নালাগে।

২ প্ৰথমে চুলি ভালদৰে ধুব লাগে। এতিয়া গোটেই চুলি আৰু মূৰৰ ছালত লঙৰ পানী লগাব। কেইমিনিটমান থৈ তাৰ পিছত সাধাৰণ পানীৰে ধুব। ইয়াৰ ফলত চুলি চিকচিকিয়া আৰু মজবুত হ’ব।

৩) নাৰিকল তেল, আলমণ্ড অইল বা অলিভ অইলত ২-৩ চামুচ লঙৰ পানী মিহলাই লওক। অলপ গৰম কৰি মূৰৰ ছালখন ভালদৰে মালিচ কৰক। ৰাতিটো থৈ ৰাতিপুৱা ধুই দিব। ইয়াৰ ফলত চুলিবোৰ দ্ৰুতগতিত বৃদ্ধি পাব আৰু শিপাৰ পৰা চুলিবোৰ মজবুত হৈ উঠিব।

৪) লঙৰ পানী মেথি গুড়ি, আমলখি গুড়ি বা এলোভেৰা জেলত মিহলাই লওক। এই মিশ্ৰণ চুলিত লগাই ৩০ মিনিট ৰাখিব। তাৰ পিছত চেম্পুৰে চুলিখিন ধুব।