প্ৰতিদিনে ৩০ মিনিট খালী ভৰিৰে খোজ কাঢ়িলে কি হয় জানেনে? গৱেষণাই ক’লে…
বৰ্তমান সময়ত মানুহে খালী ভৰিৰে খোজ কাঢ়িবলৈ এৰি দিছে । কিছুমানে ঘৰৰ ভিতৰতো চেণ্ডেল পিন্ধে। কিন্তু খালী ভৰিৰে খোজ কঢ়াটো স্বাস্থ্যৰ বাবে কিমান প্ৰয়োজনীয় এই কথা অতি কম সংখ্যক লোকেহে জানে। প্ৰতিদিনে ৩০ মিনিট খালী ভৰিৰে খোজ কাঢ়িলে শৰীৰত কি পৰিৱৰ্তন আহে সম্পূৰ্ণ প্ৰতিবেদনৰ পঢ়ি জানক।

ফিট হৈ থাকিবলৈ বহু লোকে সাধাৰণতে খোজ কঢ়া আৰু জগিঙৰ সহায় লয়। কিন্তু আপুনি জানে খালী ভৰিৰে খোজ কঢ়াটোও স্বাস্থ্যৰ বাবে কিমান উপকাৰী ? এইটো এটা অতি সহজ আৰু বিনামূলীয়া উপায় স্বাস্থ্য উন্নত কৰাৰ বাবে। প্ৰতিদিনে খালী ভৰিৰে খোজ কঢ়াক ইংৰাজীত barefoot Walking বুলি কোৱা হয়। ডায়েবেটিছ ৰোগীক ঘাঁহৰ ওপৰত খালী ভৰিৰে খোজ কাঢ়িবলৈ পৰামৰ্শ দিয়া হয়।
বহু গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে যদি আপুনি প্ৰতিদিনে মাত্ৰ ৩০ মিনিট ঘাঁহ বা মাটিত খালী ভৰিৰে খোজ কাঢ়িলে আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ উন্নতি হোৱাই নহয়, মানসিক চাপ বহু পৰিমাণে হ্ৰাস কৰে। গতিকে জানো আহক প্ৰতিদিনে ৩০ মিনিট খালী ভৰিৰে খোজ কাঢ়ি শৰীৰত কি পৰিৱৰ্তন ঘটে আৰু ইয়াৰ পৰা কি কি উপকাৰ পোৱা যায়?
গৱেষণাই কি কয়?
মাটিত খালী ভৰিৰে খোজ কঢ়াক গ্ৰাউণ্ডিং বা আৰ্থিং বোলা হয়, যাৰ ফলত স্বাস্থ্যৰ বাবে বহু উপকাৰ পোৱা যায়। জাৰ্নেল অৱ ইনফ্লেমেচনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি দৈনিক খালী ভৰিৰে মাটিত খোজ কাঢ়িলে শৰীৰৰ প্ৰদাহ কমি যায়। এটা প্ৰতিবেদনত কোৱা হৈছে যে যেতিয়া শৰীৰ ভূমিৰ সংস্পৰ্শলৈ আহে তেতিয়া পৃথিৱীৰ পৰা লাভ কৰা ইলেক্ট্ৰনে শৰীৰত এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে, যিয়ে কোষৰ ক্ষতি আৰু প্ৰদাহজনিত প্ৰতিক্ৰিয়া হ্ৰাস কৰাত সহায় কৰে।
দৈনিক খালী ভৰিৰে খোজ কঢ়াৰ উপকাৰিতা
টোপনি আৰু মুডৰ উন্নত হয়: খালী ভৰিৰে খোজ কাঢ়িলে শৰীৰেটো পৃথিৱীৰ সংস্পৰ্শলৈ আহে, তেতিয়া ইয়াৰ পৰা নিৰ্গত শক্তি (প্ৰাকৃতিক ইলেক্ট্ৰন) মেলাটনিন (টোপনি নিয়ন্ত্ৰণ কৰা হৰম’ন) আৰু চেৰ’টনিন (মূড ষ্টেবিলাইজিং হৰম’ন)ৰ মাজত ভাৰসাম্য ৰক্ষা কৰি থাকে। প্ৰতিদিনে ৩০ মিনিট খালী ভৰিৰে খোজ কাঢ়িলে মনটো শান্ত হৈ থাকে, যাৰ ফলত টোপনিৰ মান উন্নত হয় আৰু লগতে মুডো ভাল হয়।
উদ্বেগ আৰু মানসিক চাপ কমায়: দৈনিক খালী ভৰিৰে খোজ কঢ়াই মানসিক স্বাস্থ্যৰ উন্নতিত সহায় কৰে। খালী ভৰিৰে খোজ কাঢ়িলে শৰীৰত জমা হোৱা বিদ্যুৎ চুম্বকীয় আধান নিৰ্গত হয় আৰু ইয়াৰ ফলত কৰ্টিছলৰ মাত্ৰা (Stress Hormone) হ্ৰাস পায়।
নমনীয়তা বৃদ্ধি কৰক: জোতা পিন্ধিলে আমাৰ ভৰি দুখন সদায় একেদৰেই লৰচৰ কৰে, কিন্তু খালী ভৰিৰে খোজ কাঢ়িলে ভৰিৰ পেশী, লিগামেণ্ট আৰু ভৰিৰ গোৰোহাৰ গতি উন্নত হয়। ইয়াৰ ফলত শৰীৰৰ নমনীয়তা বৃদ্ধি পায় আৰু গাঁঠিৰ বিষ, জঠৰতা আৰু পেশীৰ টান হোৱাৰ পৰা সকাহ পায়।
ৰক্ত সঞ্চালন আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে: ভৰিৰ ছালখন যেতিয়া মাটিৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শলৈ আহে তেতিয়া তেজৰ সোঁত উন্নত হয়। ইয়াৰ ফলত হৃদযন্ত্ৰই পাম্প কৰিবলৈ সহজ হয়। উচ্চ বা নিম্ন ৰক্তচাপৰ সমস্যা ভাৰসাম্যপূৰ্ণ হৈ ভৰিৰ শিৰাত অক্সিজেনৰ প্ৰবাহ ভাল হয়।
লগত পঢ়ক: জিভাত বগা তৰপ, মুখৰ দুৰ্গন্ধ…পুৱা দেখা দিয়া এইসমূহৰ সমস্যা হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ