কম হ’ব নেকি গাখীৰ, পনীৰৰ দাম? কেন্দ্ৰৰ বিশেষ ঘোষণা…
শীঘ্ৰেই কম হ'ব নেকি গাখীৰ, পনীৰৰ দাম। কিয়নো জি এছ টি সন্দৰ্ভত চৰকাৰে এক ডাঙৰ আপডেট প্ৰদান কৰিছে। শেহতীয়াকৈ সদনত জনাইছে এই কথা।
চৰকাৰৰ ডাঙৰ ঘোষণা। কেন্দ্ৰ চৰকাৰে জি এছ টি সন্দৰ্ভত এক আপডেট দিছে। সংসদত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে ১২ শতাংশ জি এছ টি স্লেব বিলুপ্ত কৰা হোৱা নাই। এই জি এছ টি স্লেবত কোনো ধৰণৰ পৰিৱৰ্তন কৰা হোৱা নাই। এনে পৰিস্থিতিত গাখীৰ, দৈ, পনিৰৰ দৰে সামগ্ৰীৰ দাম কমি যোৱা নাই বা বৃদ্ধি হোৱা নাই।
একাংশই কৈছিল যে, কেন্দ্ৰীয় চৰকাৰে জি এছ টিৰ ডাঙৰ পৰিৱৰ্তন কৰাৰ দিশে। ১২ শতাংশ জি এছ টি স্লেব বিলুপ্ত কৰা হ’ব। কিন্তু কেন্দ্ৰই সংসদক জনাইছে যে এতিয়ালৈকে এনে কোনো সিদ্ধান্ত লোৱা হোৱা নাই বা প্ৰস্তাৱ দিয়া হোৱা নাই। ২১ জুলাইত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে লোকসভাত স্পষ্ট কৰি দিয়ে যে বৰ্তমান সামগ্ৰী আৰু সেৱা কৰ (জিএছটি)ৰ হাৰ হ্ৰাস কৰাৰ কোনো প্ৰস্তাৱ নাই। জি এছ টিৰ হাৰৰ যিকোনো পৰিৱৰ্তন জি এছ টি পৰিষদৰ পৰামৰ্শৰ ভিত্তিত সিদ্ধান্ত লোৱা হয়।