শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কলৰ সৈতে খাওক পাকঘৰৰ এইবিধ মছলা, ফেটি লিভাৰৰ সমস্যাত পাব সকাহ

পুষ্টিকৰ উপাদানেৰে ভৰপূৰ বাবে কল কিছুমান ৰোগৰ ক্ষেত্ৰতো দেহৰ বাবে যথেষ্ট উপকাৰী বিবেচিত হয়। পিছে আপুনি জানেনে, ফেটি লিভাৰৰ ক্ষেত্ৰতো কল আপোনাৰ সকাহৰ ঔষধ হ’ব পাৰে? অৱশ্যে এইক্ষেত্ৰত কলৰ লগত গ্ৰহণ কৰিব লাগে পাকঘৰৰ এবিধ মছলা।

কলৰ সৈতে খাওক পাকঘৰৰ এইবিধ মছলা, ফেটি লিভাৰৰ সমস্যাত পাব সকাহ
ফেটি লিভাৰত উপকাৰী কলImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 30 Oct 2025 16:42 PM

কল এক অত্যন্ত পুষ্টিসমৃদ্ধ খাদ্য ইয়াত দেহৰ উপকাৰী বহু পুষ্টিকৰ উপাদান পোৱা যায় সেয়ে স্বাস্থ্য সচেতন লোকসকলে ব্ৰেকফাষ্টতে হওক বা দিনটোৰ আন যিকোনো সময়ত কল খোৱা পৰিলক্ষিত হয় পুষ্টিকৰ উপাদানেৰে ভৰপূৰ বাবে কল কিছুমান ৰোগৰ ক্ষেত্ৰতো দেহৰ বাবে যথেষ্ট উপকাৰী বিবেচিত হয় পিছে আপুনি জানেনে, ফেটি লিভাৰৰ ক্ষেত্ৰতো কল আপোনাৰ সকাহৰ ঔষধ পাৰে? অৱশ্যে এইক্ষেত্ৰত কলৰ লগত গ্ৰহণ কৰিব লাগে পাকঘৰৰ এবিধ মছলা

নেচাৰ আলোচনীত প্ৰকাশিত এক গৱেষণা পত্ৰত প্ৰকাশ পাইছে যে কল আৰু জালুকে যকৃতক সুস্থ কৰি ৰখাত যাদুকৰী উপকাৰিতা প্ৰদান কৰে যকৃত কেৱল সুস্থ কৰি ৰখাই নহয়, ফেটি লিভাৰৰ সমস্যাত ভুগি থকা লোকসকলে নিয়মিতভাৱে জালুকৰ সৈতে কল মিহলাই খালে এই সমস্যাৰ পৰা সোনকালে সমাধান লাভ কৰিব পাৰে।

ফেটি লিভাৰ মূলতঃ নন-এলক’হলিক ফেটি লিভাৰ মদ্যপান নকৰাসকলৰ মাজত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে শেহতীয়াকৈ দিল্লী এইমছৰ এক সমীক্ষাৰ তথ্য অনুসৰি আমাৰ দেশত ৩৮.৬ শতাংশ প্ৰাপ্তবয়স্ক লোক এই ধৰণৰ ফেটি লিভাৰৰ সমস্যাত ভুগিছে। আনকি যুৱক-যুৱতীসকলো এই সমস্যাত ভুগি থকা দেখা গৈছে।

নেচাৰ আলোচনীত প্ৰকাশিত গৱেষণা পত্ৰ অনুসৰি কলত ভিটামিন বি ৬, ভিটামিন চি, ড’পামিন এণ্টিঅক্সিডেণ্ট থাকে। এই উপাদানসমূহে যকৃতত জমা হোৱা ক্ষতিকাৰক পদাৰ্থ আঁতৰাই পেলায়। কেৱল সেয়াই নহয়, কলত থকা ষ্টাৰচে যকৃতত চৰ্বি জমা হ’বলৈ নিদিয়ে। কলত থকা দ্ৰৱণীয় ফাইবাৰৰ পেক্টিনে অন্ত্ৰত থকা উপকাৰী বেক্টেৰিয়াবোৰক সুস্থ কৰি ৰাখে।

জালুকৰ সৈতে মিশ্ৰণ কৰিলে কলৰ এই গুণবোৰ তিনিগুণ বৃদ্ধি পায়। জালুকত পাইপেৰিন নামৰ এক উপাদান থাকে। এই উপাদানে শৰীৰৰ সকলো ফ্ৰী ৰেডিকেল হ্ৰাস কৰাত সহায় কৰে। এই ফ্ৰী ৰেডিকেল যকৃতত পৰিলে কোষবোৰৰ ক্ষতি কৰে। গতিকে কলৰ লগত জালুক মিহলি হ’লে যকৃতৰ প্ৰতিটো অংশই ভালদৰে কাম কৰিবলৈ আৰম্ভ কৰে।

অৱশ্যে চিকিৎসকসকলে এইক্ষেত্ৰত কিছুলোকৰ বাবে সকীয়নও প্ৰদান কৰিছে। ব্লাড চুগাৰ বা আলচাৰৰ সমস্যাত ভুগি থকা লোকসকলে কেতিয়াও কল আৰু জলকীয়াৰ এই মিশ্ৰণ খাব নালাগে বুলি বিশেষজ্ঞসকলে কয় অন্যথা উপকাৰিতাতকৈ ক্ষতিৰহে সম্ভাৱনা আছে বুলি বিশেষজ্ঞসকলে সকীয়াই দিছে