মহিলাসকলৰ মানসিক শান্তিৰ বাবে ফলপ্ৰসূ এই যোগাসন, জনালে বাবা ৰামদেৱে…
Women Health: আজিকালি মহিলাই বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভোগে। মানসিকভাৱেও মহিলাসকলে সমস্যাত ভোগা দেখা যায়। কিন্তু এই ক্ষেত্ৰত কিছুমান বিশেষ উপাই আগবঢ়াইছে বাবা ৰামদেৱে।

ব্যস্ত জীৱনশৈলীয়ে মহিলাক শাৰীৰিকৰ লগতে মানসিকভাৱেও দুৰ্বল কৰি তোলে। তাৰ বাবে বহুতে মানসিক চাপত ভোগা দেখা যায়। কাম, টোপনিৰ অভাৱ আদিৰ প্ৰভাৱ মহিলাৰ মানসিক স্বাস্থ্যত পৰে। মানসিক চাপৰ বিভিন্ন কাৰণ থাকিব পাৰে। কিন্তু আপুনি খাদ্য, জীৱনশৈলী সলনি কৰি মন সুস্থ কৰি ৰাখিব পাৰো।
শৰীৰ আৰু মন সুস্থ কৰি ৰখা অতি প্ৰয়োজন। ইয়াৰ বাবে যোগসন অতি উপকাৰী। বাবা ৰামদেৱৰ মতে, যোগাসনে কেৱল শৰীৰকে নহয় মানুহৰ মনটো সুস্থ কৰি ৰাখে। মহিলাসকলে নিয়মিতভাৱে যোগাসন কৰিলে অক্সিজেনৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত মানসিক চাপ আৰু ভাগৰ কমি যায়। যোগাসনে হৰম’নৰ ভাৰসাম্য বৃদ্ধি কৰে যাৰ ফলত মুড পৰিৱৰ্তনৰ সমস্যা নহয়। ইয়াৰোপৰি ধ্যান আৰু প্ৰাণায়ামে মনোযোগ আৰু শান্তি বৃদ্ধি কৰে।
মানসিক স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ তলত দিয়া যোগাসন কেইটা কৰিব পাৰে-
বালাসনঃ এই আসনে মনটোত তৎক্ষণাত শান্ত কৰে। ই মূৰ আৰু মেৰুদণ্ডৰ চাপ কমাই, লগতে টোপনি অহাত সহায় কৰে। মানসিক ক্লান্তি বা অস্থিৰতাত ভুগি থকা মহিলাসকলৰ বাবে ই অতি উপকাৰী।
বিপৰীতা কৰণী আসনঃ ভাগৰ দূৰ কৰাৰ বাবে এই আসন কৰিব পাৰে। ই ৰক্ত সঞ্চালন উন্নত কৰে। এই আসনে উদ্বেগ,ৰৰ বিষ, মানসিক চাপ কমায়, আৰু মনটোক শান্ত কৰে।
সেতু বন্ধাসনঃ এই আসনে হৰম’নৰ ভাৰসাম্য বজাই ৰাখে, যাৰ ফলত মুড পৰিৱৰ্তনৰ সমস্যা নহয়। ইয়াৰ ফলত খিংখিঙীয়া স্বভাৱ হ্ৰাস পায়। ই শৰীৰত শক্তি বৃদ্ধি কৰে আৰু মেৰুদণ্ডৰ পেশী শক্তিশালী কৰে।
শৱাসনঃ এই আসনে মানসিক শান্তি দিয়ে। ই মন আৰু শৰীৰক শিথিলতা প্ৰদান কৰে, নেতিবাচক চিন্তা দূৰ কৰে আৰু মনোযোগ বৃদ্ধি কৰে।
সুখাসনঃ এই আসনে একাগ্ৰতা আৰু আৱেগিক স্থিৰতাত সহায় কৰে। ই মনক শান্ত কৰে, শৰীৰক শিথিল কৰে, মানসিক স্পষ্টতা বৃদ্ধি কৰে।
গুৰুত্বপূৰ্ণ
- খালী পেট বা সামান্য খাদ্য গ্ৰহণৰ পাছত যোগাসন কৰক।
- যোগ প্ৰশিক্ষকৰ পৰামৰ্শ লওক।
- দৈনিক কমেও ২০-৩০ মিনিট যোগাসন কৰক।
- টোপনিৰ প্ৰয়োজন।
- স্ত্ৰীণৰ পৰা আঁতৰি থাকক।
অন্য খবৰ পঢ়কঃ বুকুত বিষ হয় নেকি? কেনেকৈ জানিব এয়া হাৰ্ট এটেক নে গেছৰ বিষৰ লক্ষণ, চিকিৎসকে জনালে সকলো…