বাক্সাত আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত দীপক বৰ্তমান সংকটমুক্ত, আহত ৬০ ৰো অধিক…
Baksa: বৰ্তমান সংকটমুক্ত বাক্সাত আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হোৱা যুৱকজন। বৰ্তমান চাংসাৰী এইমছত ভৰ্তি হৈ আছে তেওঁ। জানিব পৰা মতে, আজিৰ ঘটনাত প্ৰায় ৬০ জন লোক আহত হৈছে।

সুস্থ আছে বাক্সাত আৰক্ষীৰ গুলীত আহত হোৱা দীপক মেধী নামৰ যুৱকজন। বুধবাৰে আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল দীপক। লগে লগে তেওঁক চাংসাৰী AIIMS ত ভৰ্তি কৰোৱা হয়। চিকিৎসকৰ অপ্ৰাণ চেষ্টা আৰু সফল অস্ত্ৰোপচাৰৰ পাছত সংকটমুক্ত হয় দীপক মেধী। যুৱকজনৰ বাওঁফালে পিঠিত গুলী লাগিছিল বুলি জানিব পৰা গৈছে। সামাজিক মাধ্যমত বহুতে এই যুৱকজনৰ মৃত্যু হোৱা বুলি দাবী কৰিছিল যদিও সেই খবৰ আছিল ভুৱা।
এই সন্দৰ্ভক TV9 ৰ আগত মন্তব্য প্ৰদান কৰি IGP (law and order) অখিলেশ সিঙে কয় যে, “দুজন সাধাৰণ নাগৰিক আৰু দুজন আৰক্ষী জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। বৰ্তমান তেওঁলোক সংকটমুক্ত অৱস্থাত আছে”। বাতৰি লিখাৰ পৰলৈকে কোনো মৃত্যুৰ খবৰ অহা নাই।
উল্লেখ্য যে, ১৫ অক্টোবৰত জুবিন গাৰ্গৰ মৃত্যুৰ ৫ অভিযুক্তক বাক্সা জিলাৰ নিকাছিস্থিত জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। নিৰাপত্তাজনিত কাৰণত আদালতে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু বাক্সা গৈ পোৱাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষী আৰু জনতাৰ মাজত হতাহতি হয়।
উত্তেজিত জনাই আৰক্ষীৰ গালৈ শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। পাছত আৰক্ষীৰ বাহন জ্বলাই দিয়ে। পৰিস্থিতি ইমানে বেয়ালৈ ঢাল খাই যে আৰক্ষীয়ে প্ৰথমে লাঠিচালনা আৰু পাছত গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষী আৰু জনতাৰ হতাহতিৰ ফলত প্ৰায় ৬০ জন লোক আঘাতপ্ৰাপ্ত হয়। বহু আৰক্ষী জোৱানো আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহি পৰিছে।
এই ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইতিমধ্যে বাক্সাত প্ৰশাসনে বিএনএছএছ ১৬৩ ধাৰা জাৰি কৰিছে। অসম চৰকাৰে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইন্টাৰনেট সেৱা কৰ্তন কৰিছে। আৰক্ষীয়ে পৰিস্থিতি শান্ত কৰিবলৈ সকলো ধৰণৰ চেষ্টা কৰি আছে। গতিকে পৰস্থিতি কোনপিনে গতি কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ বাক্সাত ১৬৩ ধাৰা জাৰি প্ৰশাসনৰঃ কৰিব নোৱাৰে প্ৰতিবাদ, দিব নোৱাৰে শ্লোগান…বিভিন্ন দিশত নিষেধাজ্ঞা…