Assam News: ভাৰতৰ টেষ্ট জয়ৰ পৰা চিআইডিৰ বৈঠকলৈ দিনটোৰ শীৰ্ষ খবৰ
আজি ১৪ অক্টোবৰ বৃহস্পতিবাৰ, আজিৰ দিনটোত বহুকেইটা খবৰে শীৰ্ষ…
১. আজি অসম আৰক্ষীৰ অতিথিশালাত অসমৰ কেইগৰাকীমান বিশেষ ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হয় এখন বৈঠক। চিআইডিয়ে কেবাগৰাকীও ব্যক্তিক এই বৈঠকলৈ আমন্ত্ৰণ জনাইছিল যদিও একাংশই এই বৈঠকত উপস্থিত থাকিবলৈ অস্বীকাৰ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আলোচনাৰ বাবে অনুষ্ঠিত হয় এই বৈঠক।
২. আজি অসম গণ পৰিষদৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস। সেই উপলক্ষে অনুষ্ঠিত কৰা হয় এক অনুষ্ঠানৰ। অহা ২৪ আৰু ২৫ অক্টোবৰত অগপই আয়োজন কৰিব দুদিনীয়া চিন্তন বৈঠক।
৩. মঙলবাৰে পুনৰ চি আই ডিৰ ওচৰত হাজিৰ হয় ছিংগাপুৰৰ আন দুজন প্ৰৱাসী অসমীয়া। ছিংগাপুৰত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত আছিল এই দুয়োগৰাকী প্ৰৱাসী অসমীয়া। এতিয়ালৈকে জুবিনৰ মৃত্যুৰ তদন্তত সহযোগিতা কৰিছে ছিংগাপুৰৰ ৭ জন প্ৰৱাসী অসমীয়াই।
৪. পলাশবাৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ। হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। ব্যক্তিজনৰ মুখতো টেপ মাৰি থোৱা প্ৰত্যক্ষ কৰে স্থানীয় লোক তথা আৰক্ষীয়ে। মৃতদেহটোত আছে স্পষ্ট আঘাতৰ চিন।
৫. ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ সফলতা মহানগৰ আৰক্ষীৰ। মঙলবাৰে চলোৱা এক অভিযানত মালিগাঁও অঞ্চলত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। ইয়াৰ লগতে আৰক্ষীয়ে আটক কৰিছে মণিপুৰৰ এগৰাকী মহিলা আৰু এজন লোকক। তেওঁলোকৰ পৰা প্ৰায় ২০ লাখ টকাৰ ড্ৰাগছ জব্দ।
সম্পূৰ্ণ খবৰৰ বাবে চাওক এই ভিডিঅ’