শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assamese Racipe: পাৰ মাংস এবাৰ এনেকৈ বনাওক, টকালি পাৰি খাব আপুনি!

সাধৰণতে আমাৰ গা বেয়া হ’লে অথবা নিম্ন ৰক্তচাপ হ’লে পাৰ মাংসৰ জালুকীয়া খুৱায়। কিন্তু আপোনাৰ ঘৰতে থকা সামগ্ৰীৰে অধিক জুতি লগাই খাব পাৰে এই ব্যঞ্জন। জানক আজি কলডিলৰ সৈতে কেনেকৈ বনাব পাৰ মাংসৰ সুস্বাদু ব্যঞ্জন।

Assamese Racipe: পাৰ মাংস এবাৰ এনেকৈ বনাওক, টকালি পাৰি খাব আপুনি!
পাৰ মাংস এবাৰ এনেকৈ বনাওকImage Credit source: Social media Image
barasha-misra
Barasha Misra | Published: 06 Jul 2025 08:43 AM

পাৰৰ মাংস বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰন্ধনপ্ৰণালীত গুৰুত্বপূৰ্ণ এটি খাদ্য। ৪ সপ্তাহ বা তাতকৈ কম বয়সৰ পাৰ খোৱা হয়। সাধাৰণতে পাৰ মাংস আলুৰে ৰান্ধি খায়। আনহাতে অসমীয়া মানুহে পাৰ চৰাইৰ মাংস খাই ভাল পায়। সাধৰণতে আমাৰ গা বেয়া হ’লে অথবা নিম্ন ৰক্তচাপ হ’লে পাৰ মাংসৰ জালুকীয়া খুৱায়। কিন্তু আপোনাৰ ঘৰতে থকা সামগ্ৰীৰে অধিক জুতি লগাই খাব পাৰে এই ব্যঞ্জন। চাওক কলডিলৰ সৈতে কেনেকৈ বনাব পাৰ মাংসৰ সুস্বাদু ব্যঞ্জন।

পাৰৰ মাংস বৰ্তমানে বিশ্বৰ বিভিন্ন ৰন্ধনশৈলীৰ গুৰুত্বপূৰ্ণ অংশ, যেনে ফ্ৰান্স, ইজিপ্ত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইটালী, উত্তৰ আফ্ৰিকা, ভাৰত, চীন আৰু অন্যান্য এছিয়ান দেশত ই জনপ্ৰিয়।ফৰাচী চাল্মিচ (বুকু), ইকিপ্তীয় মাহশ্বি (ভাত বা ফ্ৰিকেহ তথা শাক-পাচলিৰ লগত), অসমীয়া পাৰৰ মাংসৰ জোল, মৰক্ক’ৰ পেষ্টিলা আদি জনপ্ৰিয় ব্যঞ্জন। কম বয়সীয়া পাৰৰ মাংসতকৈ বয়সস্থ পাৰৰ মাংস ৰান্ধিবলৈ অধিক সময়ৰ প্ৰয়োজন। আজি জানক কলডিলৰ সৈতে কেনেকৈ বনাব পাৰ মাংসৰ সুস্বাদু ব্যঞ্জন।

উপকৰণ

  • পাৰ – ১ যোৰ
  • কলডিল(আঠিয়া কলৰ) – ১ টা
  • আলু – ২/৩ টা
  • কেঁচা জলকীয়া – ২/৩ টা (পিছি ল’ব )
  • নহৰু – ৪/৫ ফুটা
  • আদা – অলপমান (পিছি ল’ব)
  • চফ, জিৰা, ধনিয়া গুড়ি, – ১ চাহ চামুচ
  • জালুকৰ গুড়ি – ১ চাহ চামুচ
  • পাঁচফোৰণ –অলপমান
  • চেনি – ১ চামুচ
  • গৰম মছলা – ১ চামুচ
  • নিমখ, হালধি, তেল – জোখমতে

প্ৰণালীঃ  প্ৰথমে পাৰ যোৰ ভালদৰে পৰিষ্কাৰ কৰি লৈ সৰু সৰু টুকুৰা কৰি কাটি ল’ব। নিমখ-হালধি আৰু আটাইখিনি মছলা, লগতে অকণমান তেল দি মাংসখিনি ভালদৰে সানিব। আলুকেইটা বাকলি গুচাই সৰু সৰুকৈ কাটি ল’ব। কলডিলটোৰ ডাঠ বাকলিখিনি আঁতৰাই কোমল অংশ উলিয়াই মিহিকৈ কাটি ল’ব। অলপমান নিমখ-পানীত কলডিলখিনি মোহাৰি চেপি ল’ব। জুইত কেৰাহি তুলি দি তেল গৰম কৰি লওক। তেল গৰম হ’লে পাঁচফোৰণ ফুটাই চেনি এচামুচ দি মাংসখিনি দি সঘনে লৰাই থাকিব। মাংসৰ পানী শুকাই আহিলে তাতে কলডিল আৰু আলুখিনি দি লৰাই ঢাকোন মাৰি দিব। অলপ সময়ৰ পিছত হিচাপ মচে গৰমপানী দি জুই বঢ়াই দি উতলিবলৈ দিয়ক। মাংস আৰু আলু সিজি অলপমান জোল থাকোঁতে গৰম মছলা দি নমাই থ’ব। ইচ্ছা কৰিলে জোল নাৰাখি শুকান কৰিবও পাৰে।