Assamese Baby Names: আপোনাৰ নৱজাতকক কি নামেৰে নামকৰণ কৰিব? এই আধুনিক নামকেইটাৰ পৰা লওক সহায়
Assamese Baby Names Born in May: শিশুৰ নামত নতুন নতুন ধাৰা দেখা গৈছে। যদি আপুনিও আপোনাৰ কণমানিটোৰ বাবে এটা সুন্দৰ আৰু ট্ৰেণ্ডি নাম বিচাৰিছে তেন্তে এই লেখাটো আপোনাৰ বাবে।

আপোনাৰ নৱজাতকক কি নামেৰে নামাকৰণ কৰিব?
নৱজাতকৰ আগমণৰ লগে লগে পিতৃ-মাতৃৰ চিন্তা সন্তানৰ নাম কি ৰাখিব। নাম কেৱল এটা পৰিচয় নহয়, ই শিশুৰ ভৱিষ্যত আৰু ব্যক্তিত্বতো প্ৰভাৱ পেলায়। কিছুমান নাম পুৰণি আৰু পৰম্পৰাগত, আনহাতে কিছুমান নতুন আৰু আধুনিক। সন্তানৰ নাম থওঁতে পিতৃ-মাতৃ বা পৰিয়ালৰ লোকে বহু কথা মনত ৰাখে। আজিৰ প্ৰজন্মৰ অভিভাৱকসকলে অৰ্থপূৰ্ণ আৰু সহজ নাম পছন্দ কৰে। গতিকে ভাৰতীয় মহাকাব্যত উল্লেখ থকা নামবোৰো তেওঁলোকে মনত ৰখা উচিত।
আজি নৱজাতকৰ কিছু নাম আৰু তাৰ অৰ্থৰ বিষয়ে জানো আহক-
- অভিমন্যু(Abhimanyu) – এই নামটো আমাৰ সকলোৰে চিনাকি। অৰ্জুনৰ পুত্ৰৰ নাম অভিমুণ্য।
- অগস্ত্য(Agastya) – অগস্ত্য মুনিৰ বিষয়ে বহুতে পঢ়িছে। পৰম্পৰাগত হ’লেও এই নামটো যথেষ্ট অনন্য।
- কাবেৰী (Kaberi) – এখন নদী
- কাকু (Kaku) – চৰাই
- খ্যাতি (Khyati) – যশস্যা
- কুসুম (Kusum) – ফুল
- গৰিমা (Garima) – এবিধ গছ
- গীতা (Geeta) – ভাগবতগীতা
- গীতাঞ্জলী (Geetanjali) – এখন বিখ্যাত কবিতা পুথি
- গৌতমী (Gautami) – দ্ৰোণাচাৰ্য্যৰ পত্নী
- চন্দমা (Chandama) – চন্দ্ৰ
- জয়া (Jaya) – দুৰ্গাৰ এটা নাম
- জিন্তী (Jinti) – এবিধ হালধীয়া ফুল
- জুৰি (Jury) – পৰ্ব্বতৰ পৰা বৈ অহা সৰু জান
- দীপিকা (Deepika) – শঙ্কৰী যুগৰ আগৰ এখন প্ৰাচীন অসমীয়া পুথি
- দেৱব্ৰত(Debabrat) – ভীষ্মৰ আন এটা নাম হৈছে দেৱব্ৰত। এই নামটো অতি সুন্দৰ আৰু সুৰীয়া।
- ননী (Nani) – মাখন
- নিয়ৰ (Niyara) – নিয়ৰ
- নিশা (Nisha) – ৰাতি
- নেহা (Neha) – মৰম
- পৰী (Pori) – সুন্দৰী উপদেশী বিশেষ
- পাহি (Pahi) – ফুলৰ সৰু সৰু পাত
- বন্যা (Banya) – বান – পানী
- বিপাশা (Bipasha) – পাঞ্জাবৰ এখন নদীৰ নাম
- বৰ্ণালী (Barnali) – ৰামধেনুৰ নিচিনা বৰ্ণৰ সমাবেশ
- বৰষা- বৰষুণ
- বিৰিঞ্চি (Birinchi) – ব্ৰহ্মা
- বৃন্দা (Brinda) – ৰাধিকাৰ দূতী আৰু সুখী তুলসীৰ এটি নাম
- ভূমিকা (Bhumika) – পাতনি
- ভৃগু( vreegu) – এইটো সম্পূৰ্ণ বেলেগ নাম। এই নাম বৈদিক যুগত উল্লেখ আছে। পুৰাণৰ মতে শ্ৰী ব্ৰহ্মাৰ পুত্ৰ ভৃগু।
- মনা (Mana) – লোকৰ দ্বাৰা সন্মান কৰা
- ময়ুৰী (Mayuri) – ম’ৰা চৰাই
- মিতালী (Mitali) – মিত্ৰতা
- মৃদু (Mridu) – মিহি
- ৰজিতা (Rajita) – মিল
- ৰেখা (Rekha) – চিন
- ৰজনী (Rajani) – ৰাতি
- লিপি (Lipi) – লিখা বা অক্ষৰৰ আকাৰ
- লীনা (Lina) – বিনম্ৰতা
- শশী (Sasi) – চন্দ্ৰ
- সংহতি (Sanhati) – সংযোগ
- সীমা (Sima) – দুডৰা মাটিৰ মাজৰ চিন
- সন্দীপন(Sandipan) – আচাৰ্য সন্দীপন আছিল এজন ঋষি। এই নামৰ অৰ্থ হ’ল ‘যি মহিমাৰ উত্তৰাধিকাৰী হয়’।
- সুৰভি (Surabhi) – সুবাস
- স্নেহা (Sneha) – মৰমৰ