শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কণী স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী ? এদিনত কেইটা কণী নিৰাপদে খাব পাৰে ? জানক

কণী যদিও আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী তথাপিও অত্যাধিক কণী খোৱাটো ইমান গ্ৰহণযোগ্য নহয় । এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক কণী কিমান উপকাৰী আৰু কিমান অপকাৰী ।

কণী স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী ? এদিনত কেইটা কণী নিৰাপদে খাব পাৰে ? জানক
কণীImage Credit source: GettyImage
Manas Borah
Manas Borah | Published: 10 Feb 2025 11:24 AM

কণী খোৱাটো স্বাস্থ্যৰ বাবে অপকাৰী নে উপকাৰী ? প্ৰায় সংখ্যক লোকৰে মনত এই প্ৰশ্ন প্ৰায়ে উত্থাপিত হয় । আমি বিশ্বাস কৰো যে, কণী আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । শৰীৰটো শক্তিশালি কৰি ৰাখিবৰ বাবে কণী প্ৰায়ে খাদ্যৰ তালিকাত ৰখা হয় । যিসকলে দৈনিক শৰীৰ চৰ্চা কৰে বা জিম কৰে তেওঁলোকে খাদ্য তালিকাত প্ৰায়ে কণী ৰাখে । কিন্তু কণী যদিও আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী তথাপিও অত্যাধিক কণী খোৱাটো ইমান গ্ৰহণযোগ্য নহয় । এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক কণী কিমান উপকাৰী আৰু কিমান অপকাৰী ।

শেহতীয়াকৈ কণীৰ ওপৰত এক গৱেষণা পত্ৰ প্ৰকাশ পাইছে। য’ত গৱেষকসকলে কয় যে, নিয়মীয়াকৈ কণী খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয়, বিপৰীতে ই শৰীৰৰ বাবে অতি উপকাৰী। গৱেষকসকলৰ মতে, বহু লোকে ভাবে যে কণী খালে কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পায়। কলেষ্টেৰল শৰীৰৰ বাবে অতি ক্ষতিকাৰক।

অৱশ্যে অধ্যয়নত দেখা গৈছে যে, কণীয়ে হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে। হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে কণীয়ে । গতিকে সপ্তাহত ৬টা কণী নিৰাপদে খাব পাৰে। অৱশ্যে গৱেষকসকলে কয় যে, দিনটোত দুটাতকৈ বেছি কণী খাব নালাগে। আপুনি এই সকলো কথা বিশ্লেষণ কৰিলে এটা কথা স্পষ্ট হ’ব যে, প্ৰতিদিনে খাদ্যৰ লগত আপুনি এটাকৈ কণী নিৰাপদে ৰাখিব পাৰে ।

কণী আপুনি কেনেদৰে খাব সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব । গৱেষকসকলও ৰিপ’ৰ্ট কৰিছে যে, কণী ভাজি খাব পাৰে বা বইল কৰি খাব পাৰে । ই আপোনৰ শৰীৰত পুষ্টিৰ যোগান ধৰিব ।