শিশুৰো এপেণ্ডিক্স হ’ব পাৰে নেকি? ইয়াৰ লক্ষণ, চিকিৎসাৰ বিষয়ে জানক…
আপোনাৰ সন্তানে সঘনাই পেটৰ বিষৰ অভিযোগ কৰে নেকি? খাবলৈ অস্বীকাৰ কৰা, খিংখিঙীয়া হৈ পৰি পেট ফুলা ফুলা আদি এয়া এপেণ্ডিচাইটিছ(Appendicitis )ৰ লক্ষণ নেকি? ইয়াৰ কাৰণ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে চিকিৎসকৰ পৰা জানক।

যদি আপোনাৰ শিশুৱে সঘনাই পেটৰ বিষত ভুগে, তেন্তে ই সাধাৰণ গেছ বা বদহজমৰ লক্ষণ নহয়, ই এপেণ্ডিক্স বা এপেণ্ডিচাইটিছৰ লক্ষণ হ’ব পাৰে। এপেণ্ডিচাইটিছ কেৱল প্ৰাপ্তবয়স্কৰ বাবেই নহয়, শিশুৰ বাবেও এক গুৰুতৰ ৰোগত পৰিণত হ’ব পাৰে। সময়ত লক্ষণসমূহ চিনি নাপালে ই মাৰাত্মকও হ’ব পাৰে। শিশুৰ এপেণ্ডিচাইটিছৰ লক্ষণ কি, ইয়াৰ কাৰণ কি আৰু ইয়াৰ চিকিৎসা কি? এি প্ৰতিবেদনত সবিশেষ তথ্য জানো আহক, যাতে আপুনি সময়ত সঠিক পদক্ষেপ ল’ব পাৰে আৰু আপোনাৰ শিশুটিক সুৰক্ষিত ৰাখিব পাৰে।
মেডান্টা হাস্পতালৰ শিশু অস্ত্ৰোপচাৰ আৰু ইউৰ’লজী বিভাগৰ সঞ্চালক ডাঃ শণ্ডীপ কুমাৰ সিনহাই কয় যে এপেণ্ডিচাইটিছ যিকোনো বয়সতে হ’ব পাৰে, আনকি অতি সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰতো। বিশেষকৈ ৫ বছৰৰ ওপৰৰ শিশুৰ ক্ষেত্ৰত ইয়াৰ ৰোগ বেছিকৈ দেখা যায় যদিও এই ৰোগ শিশু অৰ্থাৎ ১ৰ পৰা ৩ বছৰৰ ভিতৰৰ শিশুৰ ক্ষেত্ৰতো হ’ব পাৰে। এপেণ্ডিক্স হৈছে এটা সৰু অংগ, যিটো আমাৰ বৃহদান্ত্ৰৰ সৈতে সংযুক্ত। যেতিয়া যিকোনো কাৰণত ফুলি উঠে যেনে মল জমা হোৱা, সংক্ৰমণ, তেতিয়া ইয়াক এপেণ্ডিচাইটিছ বোলা হয়। তীব্ৰ পেটৰ বিষ, জ্বৰ, বমি, আৰু খাদ্য খোৱাৰ ইচ্ছা নোহোৱা আদি লক্ষণ এই ক্ষেত্ৰত দেখা যায়।
এপেণ্ডিচাইটিছৰ লক্ষণ কি কি
ডাঃ সিনহাই কয় – সৰু ল’ৰা-ছোৱালীৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল তেওঁলোকে নিজৰ লক্ষণবোৰ সঠিকভাৱে ক’ব নোৱাৰে। বহু সময়ত শিশুটি কেৱল খিংখিঙীয়া হৈ পৰে, খাদ্য খাবলৈ অস্বীকাৰ কৰে বা পেটটো ফুলি উঠা যেন লাগে। এই কাৰণেই শিশুৰ এই ৰোগ পলমকৈ চিনাক্ত হয় আৰু চিকিৎসা পলম হয়। ৫ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত লক্ষণ দেখা দিয়াৰ ২৪ ঘণ্টাৰ ভিতৰত এপেণ্ডিক্স ফাটি যাব পাৰে, যাৰ ফলত পৰিস্থিতি গুৰুতৰ হ’ব পাৰে।
কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি
বহুতে বিশ্বাস কৰে যে এপেণ্ডিচাইটিছ কেৱল ডাঙৰ ল’ৰা-ছোৱালী বা প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰতহে হয়, কিন্তু বাস্তৱতা হ’ল সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰতো এই সমস্যা হ’ব পাৰে। তলত দিয়া পৰিস্থিতিবোৰ মনত ৰাখি সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰক।
যদি শিশুৱে পেটৰ তলৰ সোঁ অংশত সঘনাই বিষ হোৱা বুলি অভিযোগ কৰে, জ্বৰ হয়, বমি হয় বা অনবৰতে ভাগৰুৱা অনুভৱ কৰে, তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। সময়মতে চিকিৎসা নকৰিলে এপেণ্ডিক্স ফাটি পেটৰ ভিতৰত গুৰুতৰ সংক্ৰমণ (পেৰিট’নাইটিছ) হ’ব পাৰে, যিটো মাৰাত্মক হ’ব পাৰে।
সাধাৰণতে চিকিৎসকে শাৰীৰিক পৰীক্ষা, তেজৰ পৰীক্ষা আৰু আল্ট্ৰাছাউণ্ডৰ দৰে ইমেজিং পৰীক্ষাৰ জৰিয়তে এপেণ্ডিচাইটিছ ধৰা পেলায়। সৰু ল’ৰা-ছোৱালীৰ চিটি স্কেন খুব কমেইহে কৰা হয় কাৰণ ৰেডিয়চনৰ আশংকা থাকে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল অভিজ্ঞ শিশু অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ ক্লিনিকেল পৰীক্ষা।
চিকিৎসাৰ কথা ক’বলৈ গ’লে যদি এপেণ্ডিক্স ফাটি যোৱা নাই, তেন্তে কিছুমান ক্ষেত্ৰত কেৱল এন্টিবায়টিকৰ দ্বাৰা চিকিৎসা সম্ভৱ। কিন্তু বেছিভাগ ক্ষেত্ৰতে অস্ত্ৰোপচাৰ অৰ্থাৎ এপেণ্ডেকটমীৰ প্ৰয়োজন হয়, য’ত ফুলি উঠা এপেণ্ডিক্স আঁতৰাই পেলোৱা হয়।
অস্ত্ৰোপচাৰৰ পিছত বেছিভাগ শিশুৱে সোনকালে সুস্থ হৈ উঠে আৰু কিছুদিনৰ ভিতৰতে ঘৰলৈ উভতি যাব পাৰে। কিন্তু যদি এপেণ্ডিক্স ফাটি যায় তেন্তে তেওঁলোকক বেছি সময় চিকিৎসালয়ত ভৰ্তি কৰি IV এন্টিবায়টিক দিয়া হ’ব পাৰে।
ভাৰতীয় পৰিয়াল চিকিৎসক একাডেমীৰ অধ্যক্ষ ডাঃ ৰমন কুমাৰে কয় যে – “এপেণ্ডিচাইটিছৰ ক্ষেত্ৰত সময় অতি গুৰুত্বপূৰ্ণ,” যদি শিশুৱে অনবৰতে পেটৰ বিষৰ অভিযোগ কৰে, বিশেষকৈ পেটৰ তলৰ সোঁ অংশত, তেন্তে ইয়াক সহজভাৱে ল’ব নালাগে। সময়মতে ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ দ্বাৰা শিশুটিক গুৰুতৰ বিপদৰ পৰা ৰক্ষা কৰিব পৰা যায়। মনত ৰাখিব, এপেণ্ডিচাইটিছ চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা হ’ব পাৰে। সময়মতে চিকিৎসা কৰিলেহে প্ৰতিকাৰ সম্ভৱ।