শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নাকৰ পৰা তেজ ওলোৱা বেমাৰৰ মহৌষধ আমলখি! জানক উপকাৰী গুণৰ বিষয়ে…

আমলখিৰ প্ৰায় সকলোবোৰ অংশই যেনে ফল, গুটি, পাত, শিপা আৰু বাকলি বিভিন্ন ৰোগত ব্যৱহাৰ হয়। আমলখিয়ে পিত্তদোষ নিৰাময়ত সহায় কৰে।

নাকৰ পৰা তেজ ওলোৱা বেমাৰৰ মহৌষধ আমলখি! জানক উপকাৰী গুণৰ বিষয়ে…
নাকৰ পৰা তেজ ওলোৱা বেমাৰৰ মহৌষধ আমলখি!
barasha-misra
Barasha Misra | Published: 16 Oct 2025 15:35 PM

আমলখিত থকা পুষ্টিকৰ উপাদানসমূহ স্বাস্থ্যৰ বাবে উপকাৰী। আমলখিত ভিটামিন চি, এন্টিঅক্সিডেন্ট, আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে। পৰম্পৰাগতভাৱে আৰু আয়ুৰ্বেদিক চিকিৎসাত আমলখিৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়। এই উদ্ভিদৰ প্ৰায় সকলোবোৰ অংশই যেনে ফল, গুটি, পাত, শিপা আৰু বাকলি বিভিন্ন ৰোগত ব্যৱহাৰ হয়। কেঁচা বা শুকান আমলখি খোৱাটো স্বাস্থ্যৰ লগতে চুলিৰ বাবেও উপকাৰী। ইয়াক বিভিন্ন ধৰণে চুলিত প্ৰয়োগ কৰিব পাৰি।

ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা

  1. নাকৰপৰা তেজ ওলোৱা বেমাৰত আমলখি ঘিঁউত ভাজি বাহি পানীত বাতি তালুত ভৰণ দিয়া হয়।
  2. আমলখিৰ বীজ হাঁপানি আৰু ব্ৰংকাইটিছ ৰোগত আমলখি ব্যৱহাৰ কৰা হয়।
  3. অম্লপিত্ত ৰোগত আমলখিৰ ৰস চেনিৰ সৈতে নিয়মিত খালে ৰোগ উপশম হয়।
  4. নেমুৰ ৰস আৰু আমলখিৰ ৰস মিহলাই খালে তেজ গ্ৰহণী আৰোগ্য হয়।
  5. চকু ৰঙাপৰা ৰোগত আমলখিৰ ৰস ১/২ টোপাল চকুত দিয়ে।
  6. একেৰাহে জ্বৰ উঠি থাকিলে আমলখিৰ ৰস ঘিঁউত মিহলাই খালে উপকাৰ পোৱা যায়।
  7. আমলখিৰ ৰস ২/৩ চাহ চামোচ,এচামোচ মৌজোলত মিহলাই নিয়মিত পুৱা খালে দৃষ্টিশক্তি অটুট থাকে।
  8. আমলখিৰ কিম্বন কৰা ৰস পাণ্ডুৰোগ,অজীৰ্ণতা আৰু কাহত ব্যৱহৃত হয়।
  9. আমলখি ফলৰ তেল ঘঁহিলে চুলি পকা বন্ধ হয়।
  10. শুকান আমলখি পানীত তিয়াই তাৰ ৰস খালে পিত্তৰোগ আৰু পিত্তশূল উপশম হয়।
  11. বহুমূত্ৰ ৰোগত ২/৩ টা আমলখি দৈনিক খালে সুফল পোৱা যায়।
  12. লৌহ ধাতু আৰু আমলখি ৰক্তাল্পতাৰ (পাণ্ডুৰোগৰ) মহৌষধ।
  13. শ্বাস কষ্টত আমলখিৰ ৰস,মৌজোল আৰু পিপলিৰ সৈতে খালে উপশম পোৱা যায়।
  14. আমলখিৰ ৰসে বমি আৰু হেঁকটি অহা ৰোধ কৰে।
  15. আমলখিৰ কুঁহিপাতৰ ৰস খালে অজীৰ্ণতা আৰু বদহজম দূৰ হয়।
  16. আমলখিৰ ছালৰ ৰস,মৌজোল আৰু হালধিৰ লগত প্ৰমেহ ৰোগত খায়।

(বিঃদ্ৰঃ- সামাজিক মাধ্যমত পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। TV9 Assam এ পৰামৰ্শ দিয়া নাই)