Chatgpt ক বিশ্বাস কৰি পৰিল বিপদত ! AI ৰ স্বাস্থ্য পৰামৰ্শ গ্ৰহণ কৰি চিকিৎসাধীন ৬০ বছৰীয়া ব্যক্তি
চিকিৎসাৰ ক্ষেত্ৰত AI ৰ সম্ভাৱনীয়তা থাকিলেও বৰ্তমান AI ৰ ওপৰত নিৰ্ভৰ কৰাটো একেবাৰে নিৰাপদ নহয়। কাৰণ শেহতীয়াকৈ এনে এক ঘটনা সংঘটিত হৈছে যি ঘটনাই স্বাস্থ্যৰ ক্ষেত্ৰত AI ৰ সহায় লোৱাটো কিমান বিপদজনক হ'ব পাৰে তাক স্পষ্ট কৰি দিছে।

AI ৰ পৰা চিকিৎসা বা স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ গ্ৰহণ কৰাটো একেবাৰে নিৰাপদ নহয়। এই কথা বিশেষজ্ঞসকলেও সকীয়াই দিছে। কাৰণ AI য়ে স্বাস্থ্যৰ সম্পৰ্কীয় পৰামৰ্শ দিব পৰাকৈ উন্নীতকৰণ হোৱা নাই। ভৱিষ্যতে চিকিৎসাৰ ক্ষেত্ৰত AI ৰ সম্ভাৱনীয়তা থাকিলেও বৰ্তমান AI ৰ ওপৰত নিৰ্ভৰ কৰাটো একেবাৰে নিৰাপদ নহয়। কাৰণ শেহতীয়াকৈ এনে এক ঘটনা সংঘটিত হৈছে যি ঘটনাই স্বাস্থ্যৰ ক্ষেত্ৰত AI ৰ সহায় লোৱাটো কিমান বিপদজনক হ’ব পাৰে তাক স্পষ্ট কৰি দিছে।
খবৰ অনুসৰি, নিউয়ৰ্কৰ এজন ৬০ বছৰীয়া ব্যক্তি Chatgpt য়ে দিয়া ভুল পৰামৰ্শৰ গ্ৰহণ কৰাৰ বাবে তিনি সপ্তাহ চিকিৎসালয়ত থাকিব লগা হৈছিল। সম্প্ৰতি তেওঁ চিকিৎসাৰ অন্তত ঘৰলৈ উভতি আহিছে। কিন্তু কেনেধৰণৰ স্বাস্থ্য সমস্যাৰ সন্মুখীন হৈছিল ব্যক্তিজন?
ভুলটো কেনেকৈ হ’ল?
টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, লোকজনে Chatgptক সুধিছিল যে, তেওঁৰ খাদ্যৰ পৰা নিমখ (ছডিয়াম ক্লৰাইড) কেনেকৈ আঁতৰাব পাৰি। AI য়ে নিমখৰ সলনি ছডিয়াম ব্ৰমাইড ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছিল। ২০ শতিকাৰ আৰম্ভণিতে ইয়াক কিছুমান ঔষধত ব্যৱহাৰ কৰা হৈছিল যদিও বৰ্তমান ইয়াক বৃহৎ পৰিমাণে বিষাক্ত বুলি গণ্য কৰা হয়।
এই পৰামৰ্শক বিশ্বাস কৰি মানুহজনে অনলাইনযোগে ছডিয়াম ব্ৰমাইড কিনি নিমখৰ সলনি খাদ্যত মিহলি কৰি তিনি মাহ ব্যৱহাৰ কৰিলে। এই সময়ছোৱাত তেওঁ কোনো চিকিৎসকৰ পৰামৰ্শ লোৱা নাছিল, যাৰ ফলত তেওঁৰ স্বাস্থ্যৰ বৃহৎ ক্ষতিৰ সন্মুখীন হয়।
গুৰুতৰ লক্ষণ
ছডিয়াম ব্ৰমাইড সেৱনৰ বাবে মানুহজনৰ বহু গুৰুতৰ সমস্যা হ’বলৈ ধৰিলে, অতি ভয় অনুভৱ কৰিবলৈ ধৰিলে, ভ্ৰম, অত্যধিক পিয়াহ আৰু মানসিক বিভ্ৰান্তিত ভুগিবলৈ ধৰিলে। তেওঁৰ অৱস্থা ইমানেই বেয়া হৈ গ’ল যে, চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত তেওঁ আনকি পানীও খাবলৈ অস্বীকাৰ কৰিছিল, কাৰণ তেওঁ অনুভৱ কৰিছিল যে পানীত কিবা এটা মিহলি কৰা হৈছে। চিকিৎসাৰ তদন্তত প্ৰকাশ পাইছে যে তেওঁ ব্ৰমাইডৰ বিষক্ৰিয়াৰ বলি হৈছিল।
চিকিৎসকে তেওঁৰ প্ৰাণ ৰক্ষা কৰিলে
চিকিৎসালয়ত চিকিৎসকে তেওঁৰ শৰীৰত থকা পানী আৰু ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্য শুধৰাই দিয়ে । প্ৰায় তিনি সপ্তাহ চিকিৎসাৰ অন্তত তেওঁৰ শৰীৰত ছডিয়াম আৰু ক্লৰাইডৰ মাত্ৰা স্বাভাৱিক হৈ পৰে আৰু তেওঁক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়।
AI ৰ চিকিৎসা পৰামৰ্শক বিশ্বাস নকৰিব
জাৰ্নেল অৱ দ্য আমেৰিকান কলেজ অৱ ফিজিচিয়ানছত প্ৰকাশিত এই ঘটনাই স্পষ্ট কৰি দিছে যে, স্বাস্থ্য আৰু পুষ্টি সম্পৰ্কীয় বিষয়ত বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ AI ৰ পৰামৰ্শ মানি চলাটো বিপদজনক হ’ব পাৰে। বিশেষকৈ নিমখ বা অন্যান্য অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান সলনি কৰাৰ ক্ষেত্ৰত AI ৰ পৰিৱৰ্তে চিকিৎসকৰ পৰামৰ্শ লওক।