শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিশা ভালকৈ টোপনি নাহে নেকি? এই সহজ পদ্ধতিসমূহ অনুসৰণ কৰক…

নিশা ভাল টোপনি অহাটো কেৱল পুৱা মুড ঠিক কৰি ৰখাৰ বাবেই নহয়, সুস্থ হৈ থকাৰ বাবেও গুৰুত্বপূৰ্ণ। যদি আপুনি গভীৰ নিশালৈকে টোপনি নাপায় বা বাৰে বাৰে সাৰ পায় থাকে, তেন্তে ইয়াত দিয়া কিছুমান সহজ টিপছ মানি চলি আপুনি আপোনাৰ টোপনিৰ ধৰণ উন্নত কৰিব পাৰে।

নিশা ভালকৈ টোপনি নাহে নেকি? এই সহজ পদ্ধতিসমূহ অনুসৰণ কৰক…
ভাল টোপনিImage Credit source: Karen Moskowitz/The Image Bank/Getty Images
trishna-kalita
Trishna Kalita | Published: 10 Jun 2025 11:17 AM

সুস্থ হৈ থাকিবলৈ শাৰীৰিক ক্ৰিয়া-কলাপ কৰাটো অতি প্ৰয়োজনীয় আৰু একেদৰে শৰীৰৰ লগতে মনটোৱে জিৰণি লোৱাটোও প্ৰয়োজনীয়। তেতিয়াহে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব পাৰিব। এই কাৰণেই ৭ৰ পৰা ৮ ঘণ্টা সম্পূৰ্ণ টোপনি যোৱাটো বাঞ্ছনীয়। যদি প্ৰতিদিনে সঠিকভাৱে টোপনি নাহে, তেন্তে ইয়াক আওকাণ কৰা উচিত নহয়। এই সমস্যাই বহু ৰোগৰ কাৰণ হ’ব পাৰে। যদি আপুনি দীৰ্ঘদিন ধৰি সঠিক টোপনি নাপায়, তেন্তে বিপাকীয় ক্ৰিয়া লেহেমীয়া হ’ব পাৰে আৰু ওজন বৃদ্ধি হ’বলৈ আৰম্ভ কৰে, যাৰ বাবে ডায়েবেটিছ, হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। এই ক্ষেত্ৰত সৰু সৰু কথাবোৰ মনত ৰাখি আপুনি আপোনাৰ টোপনিৰ ধৰণ উন্নত কৰি ৰাতি শান্তিৰে শুব পাৰে।

যদি আপোনাৰ ৰাতি দেৰিকৈ শুই থকাৰ অভ্যাস আছে, তেন্তে এৰি দিয়া উচিত। আনহাতে, যদি আপুনি সময়মতে শোৱে কিন্তু ৰাতি বাৰে বাৰে সাৰ পাই থাকে, তেন্তে ই আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যতো বেয়া প্ৰভাৱ পেলায়। ভাল টোপনিৰ বাবে কি কৰিব লাগে জানো আহক।

কুহুমীয়া গাখীৰ খোৱাটো উপকাৰী

ৰাতি শোৱাৰ আধা ঘণ্টামান আগত কুহুমীয়া গাখীৰ খাব লাগে। তাত অলপ হালধি মিহলাই দিলে খুব ভাল টোপনি অহাত সহায় হয়। গৰমৰ ক্ষেত্ৰত গাখীৰত ইলাচি, আফু গুটি বা চফ মিহলাই ল’ব পাৰে। ইয়াৰ ফলত টোপনি ভাল হয়। আনহাতে কেশৰ গাখীৰেও মানসিক চাপ কমায় আৰু ভাল টোপনি প্ৰদান কৰে।

 এই যোগাসনবোৰ কৰক

যদি আপুনি টোপনিৰ ধৰণ উন্নত কৰিব বিচাৰে (যেনে গভীৰ নিশালৈকে শুব নোৱাৰা বা বাৰে বাৰে সাৰ পোৱা), তেন্তে শোৱাৰ আগতে বিচনাত কিছুমান সহজ যোগাসন কৰিব পাৰে যিয়ে মনক শান্ত কৰে আৰু টোপনি ভাল কৰে। আপুনি সুবদ্ধ কনাসন, শৱাসন, আৰু সুপ্ত বীৰাসন কৰিব পাৰে।

Reclining Hero Pose Yoga

সুপ্ত বীৰাসন (Kseniya Ovchinnikova/Moment/Getty Images)

ভৰি মালিচ কৰা

বহু সময়ত ভাগৰুৱা হোৱাৰ পিছতো  আমাৰ টোপনি নাহে। এনে পৰিস্থিতিত ভৰি মালিচ কৰিব পাৰে। ইয়াৰ ফলত আপুনি অতি শিথিল অনুভৱ কৰে। ভৰিৰ তলত  এটা গাৰু লৈ মূৰটো পোন কৰি ৰাখক, গাৰু নোহোৱাকৈ…. সহজেই টোপনি আহিব। যদি মানসিক চাপৰ বাবে মূৰৰ বিষ হৈছে, তেন্তে আপুনি মালিচ কৰিব পাৰে।

খাদ্য আৰু টোপনিৰ সময়

টোপনিৰ সময় নিয়মীয়া কৰক, অৰ্থাৎ প্ৰতিদিনে একে সময়তে শোৱাৰ অভ্যাস গঢ়ি তোলক। যেনে নিশা ৯ৰ পৰা ১০ বজাৰ ভিতৰত। একে সময়তে শেৱাৰ কমেও দুঘণ্টা আগতে খাদ্য খোৱা উচিত। ইয়াৰ ফলত হজম শক্তি সুস্থ হৈ থাকে আৰু আপুনি অধিক গভীৰভাৱে টোপনি যাব পাৰে। যদি সন্ধিয়া ৭-৮ বজাত ৰাতিৰ আহাৰ গ্ৰহণ কৰিলে,  ওজনো নিয়ন্ত্ৰণত থাকে।

নিশাৰ আহাৰ

আপুনি ভালদৰে শুব আৰু ওজনো নিয়ন্ত্ৰণত ৰখাৰ লগতে পাচনতন্ত্ৰৰ কোনো সমস্যা নোহোৱাটো বিচাৰে, ইয়াৰ বাবে নিশা পাতল আৰু সহজে হজম হোৱা খাদ্য খাওক। খাদ্য খোৱাৰ পিছত বজ্ৰাসন কৰক নাইবা ১৫ৰ পৰা ২০ মিনিট খোজ কাঢ়ক ।