শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Dark Circle Remedies: চকুৰ তলত ক’লা দাগ পৰিছে নেকি? এই ৫ টা ঘৰুৱা উপায়েৰে দুৰ কৰক ক’লা দাগ বা ডাৰ্ক চাৰ্কল

ডাৰ্ক চাৰ্কল থকাটো আজিকালি বেছিভাগ মানুহৰে সমস্যা হৈ পৰিছে। বহু প্ৰসাধন সামগ্ৰী ব্যৱহাৰৰ পিছতো চকুৰ তলত ক’লা দাগ বা ডাৰ্ক চাৰ্কল পৰিছে নেকি আপোনাৰ? ইয়াৰ পৰা মুক্তি পাবলৈ ঘৰতে কৰক এই ৫টা কাম।

Dark Circle Remedies: চকুৰ তলত ক’লা দাগ পৰিছে নেকি? এই ৫ টা ঘৰুৱা উপায়েৰে দুৰ কৰক ক’লা দাগ বা ডাৰ্ক চাৰ্কল
চকুৰ তলত ক'লা দাগ পৰিছে নেকি?
Barasha Misra
Barasha Misra | Updated On: 13 Dec 2024 09:19 AM

দৈনন্দিন কামৰ সমস্যা, মোবাইল-কম্পিউটাৰৰ বেঙুণীয়া ৰশ্মিয়ে আমাৰ চুকুৰ সমস্যা সৃষ্টি কৰে। যাৰ বাবে চকুৰ ৰশ্মি কম হোৱাৰ উপৰিো ডাৰ্ক চাৰ্কল পৰা দেখা যায়। আজিকালি সকলোকে সুস্থ-গ্ল’য়িং ছালৰ প্ৰয়োজন। সকলোৱে বিচাৰে তেওঁলোকৰ ছালখন সুন্দৰ আৰু জিলিকি থকাটো। কিন্তু অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে এয়া সম্ভৱ নহয়। বৰ্তমান সময়ত বেছিভাগ মানুহৰে সমস্যা হৈছে চকুৰ তলৰ ক’লা দাগ। প্ৰায় বেছিভাগ মানুহেই এই সমস্যাৰ সৈতে যুঁজি আছে। ক’লা দাগে সমগ্ৰ মুখখনৰ সৌন্দৰ্য নষ্ট কৰি পেলায়।

কিন্তু বহু চেষ্টা কৰিও আমি মুখৰ সৌন্দৰ্য সহজে ঘুৰাই আনিব নোৱাৰো। অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে এয়া সম্ভৱ নহয়। মানসিক সমস্যা, বেছি ঔষধ সেৱন কৰা মোবাইল-কম্পিউটাৰ বেছি ব্যৱহাৰে আপোনাৰ সমস্যা বঢ়াই দিয়ে। ইয়াৰ পৰা ৰক্ষা পৰিবলৈ ঘৰতে কৰক এই কাম…

তিয়ঁহৰ ৰস

তিয়ঁহৰ প্ৰাকৃতিকভাবে চফা প্ৰভাৱ থাকে যি ছালক শীতলতা আৰু সতেজতা প্ৰদান কৰে। ই ক’লা ডাগ আঁতৰোৱাটো সহায় কৰে। ইয়াৰ বাবে, আপুনি সতেজ তিয়ঁহৰ পাতলকৈ টুকুৰা কাটিব ল’ব লাগিব। ইয়াৰ পিছত, ইয়াক ১০-১৫ মিনিটৰ বাবে চকুত ৰাখিব। দিনত দুবাৰ কৈ কৰক আপুনি উন্নত ফল পাব।

আলুৰ ৰস

আলুত থকা এনজাইম আৰু ভিটামিন চিয়ে ক’লা দাগ কমোৱাত সহায় কৰে। ইয়াৰ বাবে কেঁচা আলু কাটি তাৰ ৰস উলিয়াই লওক। ইয়াৰ পিছত কপাহৰ সহায়ত চকুৰ তলত লগাব। ১০-১৫ মিনিটৰ পিছত ঠাণ্ডা পানীৰে ধুব। প্ৰথম ব্যৱহাৰৰ পৰাই কিছু পাৰ্থক্য দেখা পাব। যদি আপুনি দৈনিক এই কাম কৰে তেন্তে আপোনাৰ ডাৰ্ক চাৰ্কল সোনকালে হ্ৰাস পাব।

চাহৰ বেগ

চাহৰ বেগত থকা এন্টিঅক্সিডেন্ট আৰু টেনিনে শুকান ভাব কমোৱাত আৰু ছালখনক উজ্জ্বল কৰি তোলাত সহায় কৰে। ব্যৱহৃত গ্ৰীণ টি বা ক’লা চাহৰ বেগবোৰ ফ্ৰীজত ঠাণ্ডা কৰি লওক। এইবোৰ ১০-১৫ মিনিট চকুত ৰাখিব। পিছত মুখখন ধুব। মাত্ৰ ৩-৪ বাৰ ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ ডাৰ্ক চাৰ্কল কমিবলৈ আৰম্ভ কৰিব।

আলমণ্ড অইল

আলমণ্ড অইলত ভিটামিন ই থাকে, যিয়ে ছালখনক পুষ্টি প্ৰদান কৰে আৰু ক’লা দাগ কমায়। শুই উঠাৰ আগতে আলমণ্ড অইল কেইটোপালমান লাহে লাহে চকুৰ তলত লগাব লাগে। ৰাতিটো থৈ ৰাতিপুৱা ধুই দিব। প্ৰতি নিশা শুই উঠাৰ আগতে এই প্ৰক্ৰিয়াটো কৰিব লাগে।

এলোভেৰা জেল

এলোভেৰাই ছালখনক হাইড্ৰেট কৰি কোমল কৰি তোলে, যাৰ ফলত ক’লা দাগ কমি যায়। ইয়াৰ বাবে আপুনি সতেজ এলোভেৰা জেল লৈ চকুৰ তলত লগাব লাগিব। ইয়াৰ পিছত কোমল হাতেৰে মালিচ কৰি ৰাতিটো থৈ দিব। কেইদিনমানৰ ভিতৰতে আপুনি পাৰ্থক্যটো দেখিবলৈ আৰম্ভ কৰিব।