শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পুৰুষৰ এই ৫টা অভ্যাসে হিয়া ভাঙে মহিলাৰ, সম্পৰ্কত ঘটিব পাৰে পাৰে অৱনতি! জানি লওক এতিয়াই

প্ৰতিটো সৰু সৰু কথা আৰু প্ৰচেষ্টাই আপোনাৰ সম্পৰ্কক শক্তিশালী কৰিব পাৰে। ঠিক সেইদৰে কিছুমান সৰু সৰু ভুল বা ভুল বুজাবুজিয়ে সম্পৰ্কত অৱনতি ঘটাব পাৰে। সংগীক মনোকষ্ট দিয়া তথা ক্ৰমাৎ সম্পৰ্কৰ অৱনতি ঘটাব পৰা পুৰুষৰ এনে কিছুমান অভ্যাসৰ বিষয়ে জানো আহক।

পুৰুষৰ এই ৫টা অভ্যাসে হিয়া ভাঙে মহিলাৰ, সম্পৰ্কত ঘটিব পাৰে পাৰে অৱনতি! জানি লওক এতিয়াই
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 18 Nov 2025 07:17 AM

ভাৰতীয় সমাজত বিবাহক এক পবিত্ৰ সম্পৰ্ক হিচাপে গণ্য কৰা হয় আজিৰ সময়তো বিবাহক জীৱনজোৰা সম্পৰ্ক হিচাপে মান্যতা দি আহিছে সমাজে অৱশ্যে তাৰ মাজতো বিবাহ বিচ্ছেদৰ ঘটনা এতিয়া কিছু পৰিমাণে বৃদ্ধি পাইছে এইদৰে সম্পৰ্কত ফাট মেলাৰ কাৰণ বেলেগ বেলেগ হ’ব পাৰে। কিছু ক্ষেত্ৰত সাংসাৰিক জীৱনৰ বহু দিশ সমাধান নহয় বাবে স্বামীস্ত্ৰী দুয়ো পৃথক হোৱাৰ সিদ্ধান্ত লয়, আনহাতে কিছু ক্ষেত্ৰত সৰু সৰু মতানৈক্যবোৰ লাহে লাহে ডাঙৰ বিবাদৰ ৰূপ লয় এই সৰু সৰু মতানৈক্যসমূহ প্ৰায়ে বুজাপৰাৰ জৰিয়তে সময়ত সমাধা কৰিব পৰা যায়

কেতিয়াবা ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে হওক, সাধাৰণ কিছুমান ভুলে সম্পৰ্ক এটাক কেতিয়া দুৰ্বল কৰি তোলে আমি উমানেই নাপাওঁ। কোৱা হয় যে পুৰুষতকৈ নাৰীয়ে আৱেগক অধিক গুৰুত্ব দিয়ে, তেনে পৰিস্থিতিত পুৰুষে হয়তো জানিব নোৱাৰাকৈয়ে নিজৰ সংগীৰ মনত আঘাত দিয়া কিছুমান কাম কৰিব পাৰে।

প্ৰতিটো সৰু সৰু কথা আৰু প্ৰচেষ্টাই আপোনাৰ সম্পৰ্কক শক্তিশালী কৰিব পাৰে ঠিক সেইদৰে কিছুমান সৰু সৰু ভুল বা ভুল বুজাবুজিয়ে সম্পৰ্কত অৱনতি ঘটাব পাৰে। সংগীক মনোকষ্ট দিয়া তথা ক্ৰমা সম্পৰ্কৰ অৱনতি ঘটাব পৰা পুৰুষৰ এনে কিছুমান অভ্যাসৰ বিষয়ে জানো আহক

সংগীক ৰাজহুৱা স্থানলৈ লৈ নোযোৱা

বহু পুৰুষে প্ৰায়ে সম্পৰ্কৰ আৰম্ভণিতে পত্নীৰ সৈতে সময় কটায় কিন্তু লাহে লাহে এনে অভ্যাস হ্ৰাস পায় সেইদৰে কোনো ৰাজহুৱা স্থানলৈও পত্নীক লগত নিয়াৰ পৰা বিৰত থাকে ইয়াৰ ফলত আপোনাৰ পত্নীয়ে অকলশৰীয়া অনুভৱ কৰে। লাহে লাহে এই কথাই তেওঁক গভীৰভাৱে আঘাত কৰে আৰু সম্পৰ্কটোক দুৰ্বল কৰি তুলিব পাৰে।

কাপোৰৰ ক্ষেত্ৰত বাৰে বাৰে বাধা দিয়া

প্ৰত্যেকজন লোকৰে নিজ ইচ্ছামতে বস্ত্ৰ পৰিধানৰ স্বাধীনতা থাকিব লাগে। কেতিয়াবা বুজাপৰাৰ মাজেৰে নিজৰ সংগীক এই বিষয়ে কোৱাটো সাধাৰণ কথা, কিন্তু কেতিয়াবা এনেকুৱাও হয় যে পুৰুষ সংগীয়ে প্ৰেমিকা বা পত্নীৰ কাপোৰত অত্যধিক বাধা আৰোপ কৰে। কাপোৰৰ ক্ষেত্ৰত এইদৰে বাৰে বাৰে বাধা দি থকাৰ ফলত আপোনাৰ সংগীয়ে আঘাত পাব পাৰে।

আনৰ সন্মুখত বেছি ধেমালি কৰা

পুৰুষৰ প্ৰায়ে বন্ধু বা আত্মীয়ৰ লগত ধেমালি কৰাৰ অভ্যাস থাকে ধেমালিৰ মাজতে বহুসময়ত তেওঁলোকে নিজৰ সংগীকো ধেমালিতে অপমান কৰে। এই অভ্যাসে তেওঁলোকক কেতিয়া আঘাত দিয়ে বুজিব নোৱাৰি। সেয়ে এনে অভ্যাস এৰাই চলিব লাগে।

নিজৰ মতে থাকিবলৈ নিদিয়া

আপোনাৰ পত্নী বা প্ৰেমিকাক যদি নিজ ইচ্ছামতে থকাৰ সুবিধা নিদিয়ে, ই আপোনাৰ সম্পৰ্কৰ বাবে অত্যন্ত বেয়া অভ্যাস। প্ৰায়লোকে দিনটোৰ ভিতৰত কৰ্মস্থলীৰ পৰা ফোন কৰি বা কৰবালৈ যাওঁতেও সকলোতে সংগীক লগত লৈ যায়। এই অভ্যাস সলনি কৰিব লাগে, কাৰণ সকলোকে নিজ ইচ্ছামতে থকাৰ স্বাধীনতা লাগে।

পৰিয়ালৰ প্ৰতি সন্মান প্ৰদৰ্শন নকৰা

আপুনি যিদৰে পত্নীয়ে আপোনাৰ পিতৃ-মাতৃক সন্মান আৰু সেৱা কৰাটো বিচাৰে, ঠিক তেনেদৰে আপোনাৰ পত্নীৰ পৰিয়ালকো সন্মান কৰা উচিত। প্ৰায়ে পুৰুষে ধেমালিৰ চলেৰেই হওক বা ইচ্ছাকৃতভাৱেই হওক পত্নীৰ পৰিয়ালক অপমান কৰে। এনে অভ্যাসে যিকোনো মহিলাক গভীৰভাৱে আঘাত কৰে, গতিকে এই অভ্যাস পৰিহাৰ কৰা উচিত।