শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এই ৩টা সাধাৰণ অভ্যাসে বৃদ্ধি কৰে হৃদৰোগৰ সম্ভাৱনা, চিকিৎসকে দিলে সতৰ্কবাণী…

হৃদযন্ত্ৰৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় আৰু ই কেৱল বৃদ্ধসকলৰ মাজতে সীমাবদ্ধ নহয়। যুৱক-যুৱতীসকলেও নিজৰ হৃদয়ৰ প্ৰতি সচেতন হোৱা উচিত। এই প্ৰতিবেদনত এনে ৩টা আধুনিক জীৱনশৈলীৰ বিষয়ে উল্লেখ কৰা হৈছে, যিবোৰে আপোনাৰ হৃদযন্ত্ৰক দুৰ্বল কৰি তুলিছে।

এই ৩টা সাধাৰণ অভ্যাসে বৃদ্ধি কৰে হৃদৰোগৰ সম্ভাৱনা,  চিকিৎসকে দিলে সতৰ্কবাণী…
হৃদৰোগ
trishna-kalita
Trishna Kalita | Published: 06 Jul 2025 11:16 AM

বৰ্তমান দ্ৰুতগতিত চলি থকা জীৱনত মানুহে প্ৰযুক্তিৰ সৈতে আগবাঢ়ি গৈছে, কিন্তু তেওঁলোকৰ জীৱনশৈলীয়ে ক্ৰমান্বয়ে স্বাস্থ্যক পিছুৱাই ঠেলি দিছে। বিশেষকৈ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে কিছুমান আধুনিক ধাৰা অতি বিপজ্জনক বুলি প্ৰমাণিত হৈছে। চিকিৎসকসকলে অহৰহ সতৰ্ক কৰি ৰাখিছে যে যদি এই অভ্যাসসমূহ সময়মতে নিয়ন্ত্ৰিত নহয়, তেন্তে যুৱক-যুৱতীসকলৰ মাজত হাৰ্ট এটেক আৰু অন্যান্য হৃদৰোগৰ সম্ভাৱনা দ্ৰুতগতিত বৃদ্ধি পাই থাকিব।

হৃদৰোগ হঠাতে নহয়, কিন্তু আমাৰ অভ্যাস আৰু অসাৱধানতাৰ বাবে ক্ৰমান্বয়ে ইয়াৰ বিকাশ ঘটে। যদি আমি নিয়মীয়া ব্যায়াম, সুষম খাদ্য, মানসিক চাপৰ পৰা দূৰত্ব, পৰ্যাপ্ত টোপনি আদিৰ দৰে দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন সময়মতে কৰো, তেন্তে হৃদযন্ত্ৰক দীৰ্ঘদিনলৈ সুস্থ কৰি ৰাখিব পাৰি।

কিয় ইমান বাঢ়িছে হৃদৰোগ

ৰাজীৱ গান্ধী হাস্পতালৰ হৃদৰোগ বিভাগৰ ডাঃ অজিত জৈনে কয় যে লেপটপ, মোবাইল আৰু টিভিৰ সন্মুখত ঘণ্টাৰ পিছত ঘণ্টা বহি থকাটো আজিৰ দিনত আটাইতকৈ সাধাৰণ অভ্যাসত পৰিণত হৈছে। অফিচৰ কামৰ পৰা আৰম্ভ কৰি ছ’চিয়েল মিডিয়ালৈকে সকলো কাম স্ক্ৰীণত কৰা হয়। কিন্তু যেতিয়া ঘণ্টাৰ পিছত ঘণ্টা ধৰি একে ঠাইতে বহি থকা যায়, তেতিয়া ৰক্ত সঞ্চালন লেহেমীয়া হয়, যাৰ ফলত ৰক্তচাপ আৰু কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়। এই দুয়োটা কাৰকে হৃদৰোগৰ প্ৰধান কাৰণ।

প্ৰচেছড আৰু ৰেডি টু ইট খাদ্য

ফাষ্ট ফুড, পেকেজড স্নেকছ, কেনড ফুড আৰু চেনিযুক্ত পানীয়, এই সকলোবোৰ আধুনিক খাদ্যৰ নামত, শৰীৰত ট্ৰেন্স ফেট, নিমখ আৰু চেনিৰ পৰিমাণ বৃদ্ধি কৰিছে। এনে খাদ্যৰ ফলত শৰীৰত প্ৰদাহ হয় আৰু কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত হৃদযন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি পায়। বিশেষকৈ প্ৰতিদিনে বাহিৰৰ খাদ্য খোৱা যুৱক-যুৱতীসকলে এতিয়া সাৱধান হোৱা উচিত।

টোপনিত ব্যাঘাত  আৰু মানসিক চাপ

পৰ্যাপ্ত পৰিমাণে টোপনি নোপোৱা বা গভীৰ নিশালৈকে জাগি থকাটো এতিয়া স্বাভাৱিক হিচাপে গণ্য কৰা হয়। কিন্তু যেতিয়া শৰীৰে পৰ্যাপ্ত পৰিমাণে টোপনি নাপায় তেতিয়া ষ্ট্ৰেছ হৰম’ন (কৰ্টিছল) বাঢ়ি যায়। এই হৰম’নে হৃদস্পন্দন, ৰক্তচাপ আৰু বিপাকীয় ক্ৰিয়াত ভাৰসাম্যহীন কৰি তোলে। অহৰহ মানসিক চাপ আৰু টোপনিৰ অভাৱৰ বাবে হৃদস্পন্দন অনিয়মিত হ’ব পাৰে আৰু হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

অভ্যাস সলনি কৰাটো গুৰুত্বপূৰ্ণ

ডাঃ জৈনৰ মতে এতিয়া ৩০ বছৰ বয়সৰ পৰাই হৃদযন্ত্ৰৰ সমস্যাৰ ক্ষেত্ৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ হ’ল আধুনিক অভ্যাস, যিবোৰক মানুহে  ষ্টাইল বা ট্ৰেণ্ড বুলি গণ্য কৰি অনুসৰণ কৰি আছে। যদি এই অভ্যাসবোৰ সময়ত সলনি নহয়, তেন্তে আগন্তুক সময়টো অধিক বিপদজনক হ’ব পাৰে।

কেনেকৈ প্ৰতিৰোধ কৰিব?

ডাঃ জৈনে কয় যে দিনটোত কমেও ৩০ মিনিট খোজ কাঢ়িব লাগে। প্ৰচেছড খাদ্যৰ পৰিৱৰ্তে ঘৰতে বনোৱা সুষম আহাৰ গ্ৰহণ কৰক। ৭-৮ ঘণ্টা টোপনি অহাটো নিশ্চিত কৰক আৰু স্ক্ৰীণৰ সময় সীমিত কৰক। লগতে মানসিক চাপ কম কৰিবলৈ দৈনন্দিন কামত ধ্যান বা যোগাসন অন্তৰ্ভুক্ত কৰক।

লগতে পঢ়ক: কাৰ্ডিয়াক এৰেষ্টৰ প্ৰাৰম্ভিক ৫টা লক্ষণ কি কি? চিকিৎসকৰ পৰা জানক…

আৰু পঢ়ক: হাৰ্ট ব্লক হোৱাৰ প্ৰধান লক্ষণসমূহ কি কি? চিকিৎসকৰ পৰা সবিশেষ জানক…