শত্ৰু ৰাষ্ট্ৰক গোপন তথ্য যোগান! ভাৰতীয় ইউটিবাৰৰ বিৰুদ্ধে ২৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল…
চোৰাংচোৱাগিৰিৰ অভিযোগত হাৰিয়ানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ইউটিউবাৰ জ্যোতি মালহোত্ৰাক। তিনি মাহৰ পাছত আৰক্ষীয়ে এই গোচৰটোৰ ২৫০০ পৃষ্ঠাৰ চাৰ্জ শ্বীট দাখিল কৰিছে, য’ত তেওঁৰ পাকিস্তানী এজেণ্টৰ সৈতে যোগাযোগ আৰু গোপনীয় তথ্য ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে।

চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ইউটিউবাৰ জ্যোতি মালহোত্ৰা। ১৬ মে’ত হঠাৎ হাৰিয়ানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জ্যোতিক। এতিয়া প্ৰায় ৩ মাহৰ পিছত এই গোচৰৰ চাৰ্জ শ্বীট দাখিল কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে অভিযোগনামাত উল্লেখ কৰিছে যে জ্যোতিয়ে দীৰ্ঘদিন ধৰি চোৰাংচোৱাগিৰি কৰি আছিল। জ্যোতিয়ে পাকিস্তানৰ এজেণ্টক গোপনীয় তথ্য ফাদিল কৰা বুলি দাবী কৰা হৈছিল।
প্ৰায় ২৫০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে হিছাৰ আৰক্ষীয়ে। হাৰিয়ানা আৰক্ষীৰ সূত্ৰ অনুসৰি এছ আই টি (বিশেষ তদন্তকাৰী দল) য়ে অভিযোগনামা দাখিল কৰিছে। অভিযোগনামাত আৰক্ষীয়ে দাবী কৰা হৈছে যে জ্যোতিক পাকিস্তানৰ বাবে “টুল কিট” হিচাপে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ লগতে পাকিস্তানী এজেণ্টৰ সৈতেও তেওঁৰ অহৰহ যোগাযোগ আছিল।
জ্যোতিৰ সকলো বিদেশ ভ্ৰমণৰ কথাও কেছ ডায়েৰীত উল্লেখ কৰা হৈছে। তদন্তৰ সময়ত এই তথ্যৰ বিনিময়ত জ্যোতিক আৰ্থিক সাহায্য দিয়াৰ কথাও পোহৰলৈ আহিছে। চোৰাংচোৱাগিৰিৰ সন্দেহত পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ হোৱা ১২ জন লোকৰ ভিতৰত তেওঁ আছিল।
আইএছআই এজেণ্টৰ সংস্পৰ্শত আছিল জ্যোতি
আৰক্ষীয়ে জনোৱা মতে, পাকিস্তান ভ্ৰমণৰ সময়ত জ্যোতিয়ে তাত থকা এজেণ্টৰ সৈতে যোগাযোগ কৰিছিল। জ্যোতিৰ মোবাইলৰ পৰা বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে আৰক্ষীয়ে। পাক উচ্চায়ুক্তত পদবীত থকা দানিশ আলীৰ সৈতে জ্যোতিৰ অহৰহ যোগাযোগ আছিল। জ্যোতি আৰু দানিশৰ মেছেজো বিচাৰি পাইছে আৰক্ষীয়ে।
জ্যোতিয়ে আইএছআইৰ এজেণ্ট ছাকিৰ, হাছান আলীৰ লগতে নাছিৰ ধিলনৰ লগত কথা পাতিছিল। ইফালে পহলগাম আক্ৰমণৰ সময়ত জ্যোতি মালহোত্ৰাৰ ভূমিকা সম্পৰ্কে তদন্ত অব্যাহত আছে। জ্যোতি আৰু হাছান নামৰ এজন এজেণ্টৰ মাজত হোৱা মেছেজৰ তথ্য উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।
উল্লেখ্য যে, হিছাৰৰ বাসিন্দা ৩৩ বছৰীয়া জ্যোতি মালহোত্ৰাই আগতে ‘ট্ৰেভেল উইথ জিঅ’ নামৰ ইউটিউব চেনেল এটা চলাইছিল। ২০২৫ চনৰ ১৬ মে’ত গ্ৰেপ্তাৰ কৰা ছাত্ৰীগৰাকীয়ে পাকিস্তানৰ সৈতে এনে বহু তথ্য ভাগ-বতৰা কৰাৰ অভিযোগ উত্থাপন হৈছে, যিয়ে দেশখনৰ বাবে ভাবুকি কঢ়িয়াই আনিব পাৰে। ইয়াৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ লগতে তদন্তত প্ৰকাশ পাইছে যে তেওঁ বহুবাৰ পাকিস্তান ভ্ৰমণ কৰিছে। ইয়াৰ লগতে তাত থকা বহু নেতা আৰু বিষয়াৰ লগত ভাল সম্পৰ্ক আছিল জ্যোতিৰ।
চোৰাংচোৱাগিৰিৰ লগত জড়িত থকাৰ অভিযোগত ১৩ মে’ত পাকিস্তান উচ্চায়ুক্তত পদবীত থকা এহছান-উৰ-ৰহিম ওৰফে দানিছক বহিষ্কাৰ কৰিছিল ভাৰতে। এই গোচৰত ছ’চিয়েল মিডিয়াৰ বহু প্ৰভাৱশালী ব্যক্তিকো হাৰিয়ানা আৰক্ষীয়ে মাতি আনি সোধা-পোছা কৰে।
ইনপুট – মাহিত মালহোত্ৰা