শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

যিকোনো মূল্যৰ বিনিময়ত লাগে MBBS ডিগ্ৰী! যুৱকে নিজে কাটিলে নিজৰ ভৰি, তাৰ পিছত…

১৮ জানুৱাৰীত সুৰজ ভাস্কৰ নামৰ ২৪ বছৰীয়া এজন যুৱকে বিশেষভাৱে সক্ষম হোৱাৰ প্ৰমাণ পত্ৰ লাভ কৰিবলৈ তেওঁৰ বাওঁ ভৰিখন কাটি পেলায়। ইতিমধ্যে যুৱকজনে ফাৰ্মাচীৰ ডিপ্লমা সম্পূৰ্ণ কৰিছিল। তেওঁৰ পৰিকল্পনা আছিল দিব্যাংগ কোটাৰ অধীনত এমবিবিএছত নামভৰ্তি কৰা।

যিকোনো মূল্যৰ বিনিময়ত লাগে MBBS ডিগ্ৰী! যুৱকে নিজে কাটিলে নিজৰ ভৰি, তাৰ পিছত…
নিজৰ ভৰি নিজে কাটিলে যুৱকেImage Credit source: X
Trishna Kalita
Trishna Kalita | Published: 25 Jan 2026 13:43 PM

মানুহে নিজৰ সপোন পূৰণৰ বাবে সকলো কাম কৰিব পাৰে। হয়তো এয়া তাৰে উৎকৃষ্ট উদাহৰণ । বহু পিতৃ-মাতৃৰ ইচ্ছা থাকে তেওঁলোকৰ পুত্ৰক ডাক্তৰ কৰা। বহুতৰে নিজৰ সপোন থাকে ডাক্তৰ হোৱাৰ । অৱশ্যে অকল সপোন দেখাটো যথেষ্ট নহয়, ইয়াৰ বাবে অৰ্হতাৰ প্ৰয়োজন। MBBS ডিগ্ৰী লোৱাটো ইমান সহজ নহয়। NEET নামেৰে পৰিচিত National Eligibility cum Entrance Test ত তিনিবাৰকৈ চেষ্টা কৰিও সেই পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিল এজন যুৱক। কিন্তু চিকিৎসক হ’বলৈ হ’লে এমবিবিএছত নামভৰ্তি কৰিব লাগিব। সেয়েহে যুৱকজনে ল’লে এটা ভয়ংকৰ পদক্ষেপ। তেওঁ নিজৰ ভৰিখন কাটি পেলালে!

উত্তৰ প্ৰদেশৰ জৌনপুৰত সংঘটিত হৈছে এই ভয়াৱহ ঘটনাটো। ১৮ জানুৱাৰীত সুৰজ ভাস্কৰ নামৰ ২৪ বছৰীয়া এজন যুৱকে বিশেষভাৱে সক্ষম হোৱাৰ প্ৰমাণ পত্ৰ লাভ কৰিবলৈ তেওঁৰ বাওঁ ভৰিখন কাটি পেলায়। ইতিমধ্যে যুৱকজনে ফাৰ্মাচীৰ ডিপ্লমা সম্পূৰ্ণ কৰিছিল। তেওঁৰ পৰিকল্পনা আছিল দিব্যাংগ কোটাৰ অধীনত এমবিবিএছত নামভৰ্তি কৰা।

সুৰজে আৰক্ষীৰ ওচৰলৈ গৈ অভিযোগ কৰে যে, কোনোবা অচিনাক্ত লোকে তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। আক্ৰমণত তেওঁৰ ভৰিখন কটা যায়। চেতনা ঘূৰাই পোৱাত তেওঁ দেখিলে যে তেওঁৰ বাওঁ ভৰিখন কাটি পেলোৱা হৈছে। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে দুজন অচিনাক্ত লোকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰি তদন্ত আৰম্ভ কৰে।

কিন্তু যুৱকজনে বাৰে বাৰে নিজৰ বক্তব্য সলনি কৰিবলৈ আৰম্ভ কৰাত আৰক্ষীৰ সন্দেহ উপজে। তেওঁৰ আচৰণ আৰু কথাই সন্দেহ বৃদ্ধি কৰিলে। তাৰ পিছত আৰক্ষীয়ে সুৰজৰ প্ৰেমিকাক সোধা-পোছা কৰিলে।  তেতিয়া আৰক্ষীয়ে গম পালে যে যিকোনো মূল্যৰ বিনিময়ত এইবাৰ এম বি বি এছৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচাৰিছিল সুৰজে। আৰক্ষীয়ে গম পালে যে, যোৱা বছৰৰ অক্টোবৰ মাহত সুৰজে বিশেষভাৱে সক্ষমৰ প্ৰমাণ পত্ৰ ল’বলৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয়লৈ গৈছিল, কিন্তু প্ৰমাণ পত্ৰ লাভ কৰা নাছিল।

ইয়াৰ উপৰিও সুৰজৰ আঘাট দেখি আৰক্ষীৰ সন্দেহ আৰু বাঢ়ি গ’ল। দেখা গ’ল যে অস্ত্ৰ নহয়, মেচিন ব্যৱহাৰ কৰি অতি নিখুঁতভাৱে কাটি পেলোৱা হৈছে তেওঁৰ ভৰিখন। লগতে কটা ভৰিখন সেই ঠাইত নাছিল য’ত যুৱকজনে তেওঁক আক্ৰমণ কৰা বুলি দাবী কৰিছিল। তাৰ পৰিৱৰ্তে কেইবাটাও বেজী উদ্ধাৰ কৰে। ইয়াৰ ফলত সন্দেহ আৰু অধিক বৃদ্ধি পালে।

পিছত তদন্তৰ সময়ত যুৱকজনে নিজেই এনাস্থেচিয়া প্ৰয়োগ কৰি ভৰি কাটি পেলোৱাৰ কথা পোহৰলৈ আহে। আৰক্ষীয়ে যুৱকজনক চিকিৎসালয়লৈ লৈ গৈছিল। বৰ্তমান যুৱকজনৰ অৱস্থা সুস্থিৰ। তেওঁক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াৰ পিছত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব আৰক্ষীয়ে।