এখন কাজিয়া এনে অৱস্থা পালেগৈ যে এজনে কামুৰি ছিঙিলে আন এজনৰ নাক
এখন কাজিয়া আৰু তাৰ পাছত ঘটিল এক ভয়ংকৰ ঘটনা । পাৰ্কিঙক লৈ সৃষ্টি হোৱা কাজিয়াৰ মাজতে এজন লোকে আন এজনৰ নাক কামুৰি ছিঙি দিয়ে । যাক লৈ অঞ্চলবাসী আচৰিত হৈ পৰিছে । চাওক সবিশেষ-

কাজিয়া আপুনি বহুত দেখিছে । কিছুমান কাজিয়া অতি ভয়ংকৰ হয় আৰু কিছুমান কাজিয়াই আমোদ দিয়ে । কেতিয়াবা সৰু সৰু কথাত সৃষ্টি হোৱা কাজিয়াৰ পৰিণতিয়ে মানুহক হতভম্বও কৰে । খং নামে চণ্ডাল বুলি কোৱা কথাষাৰ যে সঁচা সেয়াও কেতিয়াবা কাজিয়াৰ মাজতেই সত্য প্ৰমাণিত হয় । এই প্ৰতিবেদনতো তেনে এক কাহিনীয়ে ক’বলৈ লৈছোঁ ।
উত্তৰ প্ৰদেশৰ কানপুৰৰ বিথূৰ থানাৰ অন্তৰ্গত নৰমাউৰ সমীপত অৱস্থিত ৰতন প্লেনেট এপাৰ্টমেণ্টত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । পাৰ্কিঙক লৈ সৃষ্টি হোৱা এখন সৰু কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰে । পাৰ্কিঙক লৈ হোৱা বিবাদৰ মাজতে এজন যুৱকে এপাৰ্টমেণ্টৰ সচিব তথা এজন অৱসৰপ্ৰাপ্ত অভিযন্তাৰ নাক কামুৰি ছিঙি দিয়ে । এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে। বিষয়টো কেৱল পাৰ্কিং লটত গাড়ীখন ৰখোৱাৰ সৈতে জড়িত আছিল । এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
তথ্য অনুসৰি ফ্লেটৰ মালিক ক্ষীতিজে নিজৰ নিৰ্দিষ্ট পাৰ্কিং স্থানত আন কাৰোবাৰ গাড়ী ৰখাই থোৱা দেখি এপাৰ্টমেণ্ট ছ’চাইটিৰ সম্পাদক ৰূপেন্দ্ৰক ফোন কৰি নামি আহিবলৈ কয়। ৰূপেন্দ্ৰই ক্ষীতিজক গাৰ্ডক কৈ গাড়ীখন আঁতৰাই দিবলৈ অনুৰোধ জনায় । কিন্তু ক্ষিতিজে তেওঁক নামি আহিবলৈ কয় । অৱশেষত ৰূপেন্দ্ৰ সেই স্থানত উপস্থিত হোৱাৰ লগে লগে ক্ষীতিজে প্ৰথমে গালি-গালাজ আৰু আক্ৰমণ কৰে । ইয়াৰ পিছত হঠাতে ৰূপেন্দ্ৰক আক্ৰমণ কৰি নাকত কামুৰি এটা অংশ ছিঙি দিয়ে ।
ঘটনাটো বন্দী হৈছে চিচিটিভিত
ঘটনাটো ইমানেই অভাৱনীয় যে ছ’চাইটিখনৰ আন মানুহবোৰো স্তম্ভিত হৈ পৰিল । আহত ৰূপেন্দ্ৰক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় । তেওঁৰ অৱস্থা এতিয়া সুস্থিৰ বুলি জানিব পৰা গৈছে । কোৱা হৈছে যে এই সমগ্ৰ ঘটনা এপাৰ্টমেণ্টটোত স্থাপন কৰা চিচিটিভি কেমেৰাত ৰেকৰ্ড হৈছে, যিয়ে আৰক্ষীক তদন্তত সহায় কৰিছে । আহত অভিযন্তাৰ পুত্ৰৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত ক্ষীতিজৰ বিৰুদ্ধে গুৰুতৰ ধাৰাত গোচৰ ৰুজু কৰিছে ।
তদন্তত নিয়োজিত আৰক্ষী
আৰক্ষীৰ মতে, বিষয়টো অতি গুৰুতৰ । চিচিটিভিৰ ফুটেজৰ ভিত্তিত তদন্ত চলি আছে আৰু উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব । স্থানীয় ৰাইজে এই ঘটনাক অত্যন্ত দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি কয় যে সমাজত সহনশীলতাৰ অভাৱ আৰু ক্ৰোধ নিয়ন্ত্ৰণ নকৰাৰ প্ৰৱণতাই এনে হিংসাত্মক কাৰ্যৰ জন্ম দিছে । সম্প্ৰতি আৰক্ষীয়ে বিষয়টোৰ গভীৰতালৈ যাবলৈ চেষ্টা চলাই আছে আৰু অভিযুক্তৰ জেৰা অব্যাহত আছে । এই ঘটনাই পুনৰবাৰ নগৰীয়া এপাৰ্টমেণ্ট সংস্কৃতিত ক্ৰমাৎ বৃদ্ধি পোৱা পাৰস্পৰিক শত্ৰুতা আৰু উত্তেজনা স্পষ্ট কৰি তুলিছে বুলি একাংশই মত ব্যক্ত কৰিছে ।