শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজি মুকলি কৰা হ’ব Redmi Note 14 Series, কি কি ফিচাৰ থাকিব পাৰে জানক…

আজি Xiaomi India ই গ্ৰাহকৰ বাবে মুকলি কৰিব নতুন স্মাৰ্টফোন ছিৰিজ Redmi Note 14 । ইতিমধ্যে এক্স হেণ্ডেলৰ জৰিয়তে এই কথা জনাইছে Xiaomi India ই । এই Redmi Note 14 ছিৰিজৰ অধীনত তিনিটা নতুন স্মাৰ্টফোন মুকলি কৰিব Xiaomi য়ে ।

আজি মুকলি কৰা হ’ব Redmi Note 14 Series, কি কি ফিচাৰ থাকিব পাৰে জানক…
Xiaomi India ৰ নতুন স্মাৰ্টফোন মুকলি
manas-borah
Manas Borah | Updated On: 09 Dec 2024 13:37 PM

বহু অপেক্ষাৰ অন্তত আজি Xiaomi India ই গ্ৰাহকৰ বাবে মুকলি কৰিব নতুন স্মাৰ্টফোন ছিৰিজ Redmi Note 14 । ইতিমধ্যে এক্স হেণ্ডেলৰ জৰিয়তে এই কথা জনাইছে Xiaomi India ই । এই Redmi Note 14 ছিৰিজৰ অধীনত তিনিটা নতুন স্মাৰ্টফোন মুকলি কৰিব Xiaomi য়ে । ইয়াৰ অধীনত  Redmi Note 14,Redmi Note 14 Pro Redmi Note 14 Pro Plus মুকলি কৰিবলৈ আগবাঢ়িছে Xiaomi য়ে ।

এই নতুন মিড ৰেঞ্জ হেণ্ডছেটসমূহে ৰিয়েলমি আৰু আইকুৰ দৰে কোম্পানীসমূহৰ প্ৰতিযোগিতাত নামি বুলি আশা প্ৰকাশ কৰা হৈছে । নতুন ছিৰিজৰ স্পেচিফিকেশন সন্দৰ্ভত ইতিমধ্যে বহু লিক প্ৰকাশ পাইছে । Xiaomi ৰ নতুন ফোনত কি কি ফিচাৰ পোৱা যাব পাৰে চাওঁ আহক।

Redmi Note 14 ৰ সম্ভাৱ্য বৈশিষ্ট্যসমূহ

Redmi Note 14 ত 6.67 ইঞ্চি AMOLED ডিছপ্লে পোৱা যাব, যাৰ শীৰ্ষ উজ্জ্বলতা 2100 নিট হ’ব পাৰে। আগন্তুক স্মাৰ্টফোনত MediaTek Dimension 7025 Ultra চিপছেট সমৰ্থন থাকিব পাৰে । ইয়াত 50MP+2MPৰ ডুৱেল কেমেৰা ছেটআপ থাকিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও চেলফিৰ বাবে 16MPৰ ফ্ৰন্ট কেমেৰাৰ ব্যৱস্থা কৰিব পাৰে । পাৱাৰ বেকআপৰ বাবে 45W ফাষ্ট চাৰ্জিঙৰ সৈতে 5110mAh বেটাৰী দিয়াৰ সম্ভাৱনা আছে।

Redmi Note 14 Pro ৰ সম্ভাৱ্য বৈশিষ্ট্যসমূহ

Redmi Note 14 Pro য়ে 120Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 6.67 ইঞ্চি 1.5K AMOLED ডিছপ্লে লাভ কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াত কৰ্নিং গৰিলা ভিক্টাছ2 সুৰক্ষা প্ৰদান কৰা হ’ব বুলি আশা কৰা হৈছে। MediaTek Dimension 7300 Ultra চিপছেটৰ সমৰ্থন যাব পাৰে ।

এই স্মাৰ্টফোনটো 50MP+8MP+2MP ৰ ট্ৰিপল ৰিয়াৰ কেমেৰা ছেটআপৰ সৈতে মুকলি কৰিব পাৰে। চেলফি আৰু ভিডিঅ’ কলৰ বাবে 50MP ফ্ৰন্ট কেমেৰা আৰু 45W ফাষ্ট চাৰ্জিঙৰ সৈতে 5500mAh বেটাৰী প্ৰদান কৰিব পাৰে।

Redmi Note 14 Pro Plus ৰ সম্ভাৱ্য বৈশিষ্ট্যসমূহ

Redmi Note 14 Pro Plus ত 6.67 ইঞ্চি 1.5K AMOLED ডিছপ্লেও দিব পাৰে। ইয়াৰ ফোনত Qualcomm Snapdragon 7s Gen 3 চিপছেট পোৱাৰ সম্ভাৱনা আছে। এই ছিৰিজৰ আটাইতকৈ শক্তিশালী স্মাৰ্টফোনটো 50MP+12MP+50MP ট্ৰিপল ৰিয়াৰ কেমেৰা ছেটআপৰ সৈতে আহিব পাৰে। চেলফি আৰু ভিডিঅ’ কলৰ বাবে ২০MP চেলফি কেমেৰা দিয়াৰ সম্ভাৱনা আছে। বেটাৰীৰ ক্ষেত্ৰত 90W ফাষ্ট চাৰ্জিঙৰ সৈতে 6200mAh বেটাৰী দিয়াৰ সম্ভাৱনা আছে ।