এইবাৰ ভুক্তভোগী ৰোগীৰ মাতৃ! কলকাতাৰ চিকিৎসালয়ত পুনৰ জঘন্য কাণ্ড
আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ধৰ্ষণ তথা হত্যাৰ ঘটনাক লৈ দেশজুৰি এতিয়াও চাঞ্চল্য অব্যাহত আছে। তেনে সময়তে কলকাতাৰ আন এখন চৰকাৰী চিকিৎসালয়ত নিশা শুই থকাৰ সময়তে এটি ৰোগীয়া শিশুৰ মাতৃক এগৰাকী ৱাৰ্ড বয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
 
                                নাৰীৰ বিৰুদ্ধে পাশৱিক আতিশয্যৰ অভিকেন্দ্ৰ হৈ পৰিছে কলকাতা। চহৰখনৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত চিকিৎসক ধৰ্ষণ তথা হত্যাৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চাঞ্চল্য তথা বিক্ষোভ এতিয়াও মাৰ যোৱা নাই। দেশজুৰি এই কাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চাঞ্চল্যৰ ঢৌ এতিয়াও অব্যাহত আছে। দোষীৰ শাস্তিৰ দাবীত এতিয়াও আন্দোলনৰত কলকাতাৰ কনিষ্ঠ চিকিৎসকল। তাৰ মাজতে আন এক ঘৃণনীয় যোন নিৰ্যাতনৰ ঘটনাই জোকাৰিছে কলকাতা। চহৰখনৰ আন এখন চিকিৎসালয়ত এইবাৰ সংঘটিত হৈছে এই লজ্জাজনক কাণ্ড।
এইবাৰ কোনো চিকিৎসাকৰ্মী নহয়, ৰোগীৰ মাতৃ হৈ পৰিছে দুৰ্বৃত্তৰ ঘৃণনীয় মানসিকতাৰ চিকাৰ। এগৰাকী মহিলাই চিকিৎসালয়খনৰ এগৰাকী ৱাৰ্ড বয়ৰ বিৰুদ্ধে তুলিছে যৌন নিৰ্যাতনৰ অভিযোগ। মহিলাগৰাকীৰ এই অভিযোগৰ ভিত্তিত কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনক। তথ্য অনুসৰি কলকাতাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ভুক্তভোগী মহিলাগৰাকীৰ সন্তান।
শনিবাৰে নিশা চিকিৎসালয়ৰ দ্বিতীয় মহলাৰ ৱাৰ্ডত অসুস্থ সন্তানটিৰ কাষতে শুই আছিল মহিলাগৰাকী। সেই সময়তে চিকিৎসালয়খনৰ ৱাৰ্ড বয়জনে মহিলাগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। মহিলাগৰাকীয়ে অভিযোগ কৰা মতে তেওঁ শুই থকাৰ সময়তে ৱাৰ্ডবয়জনে তেওঁৰ দেহৰ কাপোৰ খুলিবলৈ চেষ্টা কৰাৰ লগতে অশালীনভাৱে স্পৰ্শ কৰিছিল।
অভিযুক্তই নিজৰ মোবাইল ফোনেৰে এই ঘটনাৰ ভিডিঅ’ও বনাইছিল বুলি মহিলাগৰাকীয়ে লগতে অভিযোগ কৰিছে। দেওবাৰে এই সন্দৰ্ভত মহিলাগৰাকীয়ে কাডিয়া থানাত এজাহাৰ দাখিল কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তৰ বিপক্ষে ভাৰতীয় দণ্ডবিধিৰ নিৰ্দিষ্ট ধাৰাত গোচৰ ৰুজু কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২৬ বছৰীয়া যুৱকজনক।
ত্ৰিপুৰা মূলৰ এই ধৃত যুৱকজন সম্প্ৰতি দক্ষিণ ২৪ পৰগনাৰ সুভাষগ্ৰামৰ বাসিন্দা বুলি আৰক্ষীয়ে সদৰী কৰিছে। ইফালে এই ঘটনা সন্দৰ্ভত পশ্চিম বংগৰ শাসকীয় মমতা বেনাৰ্জীৰ চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় বংগ বিজেপিৰ কেন্দ্ৰীয় সহ-প্ৰভাৰী অমিত মালব্যই। এক টুইট যোগে তেওঁ পশ্চিম বংগত চৰকাৰী চিকিৎসালয়সমূহ মহিলাৰ বাবে অসুৰক্ষিত হৈয়েই আছে বুলি অভিযোগ কৰে।
আৰ জি কাৰ মেডিকেল কলেজত এগৰাকী মহিলা চিকিৎসকক নিৰ্মমভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ পিছত এতিয়া কলকাতা ইনষ্টিটিউট অৱ চাইল্ড হেল্থতো এগৰাকী ২৬ বছৰীয়া মহিলাক নিৰ্যাতন চলোৱা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে বিজেপি নেতাগৰাকীয়ে। তেওঁ লগতে পশ্চিম বংগৰ কনিষ্ঠ চিকিৎসক, চৰকাৰী চিকিৎসালয়ৰ নিৰাপত্তা বৃদ্ধিৰ দাবীমানি ল’বলৈ মমতা বেনাৰ্জীয়ে অসন্মত হোৱাৰ সময়তে এনে ঘটনা ঘটিছে বুলিও টুইটটোত উল্লেখ কৰে।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      