বন্ধুৰ সন্মুখতে মন্দিৰৰ পৰা উভতি অহা কিশোৰীক যৌন নিৰ্যাতন, তিনি অভিযুক্তক আটক…
ওড়িশাৰ এগৰাকী ১২ বছৰীয়া কিশোৰীক দলবদ্ধ যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । সূত্ৰ খবৰ অনুসৰি, ভুক্তভোগী কিশোৰী গৰাকীৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি এই অভিযোগত তিনিজন লোকক আটক কৰিছে আৰক্ষীয়ে ।
 
                                দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যৌন নিৰ্যাতন বা ধৰ্ষণৰ দৰে অভিযোগৰ খবৰ প্ৰায়ে লাভ কৰা গৈছে । বহু চেষ্টা কৰিও দেশত বন্ধ হোৱাৰ এইধৰণৰ ঘটনা । শেহতীয়াকৈ ওড়িশাৰ এগৰাকী ১২ বছৰীয়া কিশোৰীক দলবদ্ধ যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । সূত্ৰ খবৰ অনুসৰি, ভুক্তভোগী কিশোৰী গৰাকীৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি এই অভিযোগত তিনিজন লোকক আটক কৰিছে আৰক্ষীয়ে ।
ওড়িশাৰ নয়াগড় জিলাত সংঘটিত হৈছে এই ঘটনা। এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে কয় যে, এই ঘটনা ২০ অক্টোবৰৰ সন্ধিয়া সংঘটিত হৈছিল। আৰক্ষীৰ মতে, ভুক্তভোগী কিশোৰী গৰাকীয়ে তেওঁৰ বন্ধুৰ সৈতে ফাতেহগড় ৰাম মন্দিৰ পৰিদৰ্শন কৰি উভতি আহিছিল। উভতি অহাৰ সময়তে এখন বনাঞ্চলৰ ওচৰত একাংশ লোকে ৰখাই দুয়োকে হাবিৰ মাজলৈ লৈ যায়।
অভিযোগ উত্থাপন হৈছে যে, অভিযুক্তই কিশোৰী গৰাকী আৰু তেওঁৰ বান্ধুক পণবন্দী কৰি ৰাখিছিল আৰু লগতে তীব্ৰ প্ৰহাৰ কৰিছিল । কিশোৰী গৰাকীৰ বন্ধুক এজোপা গছত বান্ধি ৰাখিছিল । ইয়াৰ পাছতে অভিযুক্তই কিশোৰী গৰাকীক যৌন নিৰ্যাতনৰ চলোৱাৰ চেষ্টা কৰিছিল আৰু লগতে হত্যাৰ ভাবুকি দিয়া বুলিও অভিযোগ উত্থাপন হৈছে । উল্লেখ্য যে, অভিযুক্তই ভুক্তভোগীক হাবিৰ মাজতে এৰি গৈছিল বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
এই ঘটনাৰ তিনিদিন পিছত ২৪ অক্টোবৰত থানাত এজাহাৰ দাখিল কৰা কৰে ভুক্তভোগীয়ে। ভুক্তভোগীয়ে অভিযোগ কৰিছে যে,অভিযুক্তই যৌন নিৰ্যাতনৰ ভিডিঅ’ বনাইছিল। যিটো ভিডিঅ’ ছচিয়েল মিডিয়াত আপলোড কৰা বুলিও অভিযোগ কৰিছে ভুক্তভোগীয়ে। সূত্ৰ খবৰ অনুসৰি, কিছু সময়ৰ ভিতৰতে এই ভিডিঅ’ ভাইৰেল হৈ পৰে। ভিডিঅ’টো পোহৰলৈ অহাৰ পিছতে এই ঘটনা পোহৰলৈ আহে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।
আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ সংশ্লিষ্ট ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ওড়িশা আৰক্ষী মুখ্য কাৰ্যালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি, আৰক্ষীয়ে দলবদ্ধ ধৰ্ষণৰ সৈতে জড়িত তিনিজন লোকক আটক কৰিছে যিসকলক জেৰা চলাই থকা হৈছে ।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      