শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ফুলশয্যাৰ নিশা পোহৰলৈ আহিল ডাঙৰ কথা! বিয়াৰ ৩ দিন পাছতেই বিচ্ছেদ বিচাৰিলে মহিলাই…

বিয়াৰ ৩ দিন পাছতেই বিবাহ বিচ্ছেদ বিচাৰিলে এগৰাকী মহিলাই। ইমানেই নহয়, মহিলাগৰাকীয়ে বিয়াৰ সকলো খৰচ আৰু উপহাৰ উভতাই বিচাৰিছে। এই সমগ্ৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ফুলশয্যাৰ নিশা পোহৰলৈ আহিল ডাঙৰ কথা! বিয়াৰ ৩ দিন পাছতেই বিচ্ছেদ বিচাৰিলে মহিলাই…
বিয়াImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 10 Dec 2025 22:54 PM

বিয়াক লৈ প্ৰায় সকলোৰে নিজা নিজা সপোন থাকে। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা এক ঘটনাই আচৰিত কৰিব আপোনাক। কিয়নো বিয়াৰ ৩ দিন পাছতেই বিবাহ বিচ্ছেদ বিচাৰিছে এগৰাকী মহিলাই। ইয়াকে লৈ দৰা পক্ষৰ লগত তেওঁ এক চুক্তিও স্বাক্ষৰ কৰে। এই সন্দৰ্ভত ন-কইনাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে, বিয়াৰ পাছত ফুলশয্যাৰ নিশা দৰাই কৈছিল যে তেওঁ শাৰীৰিকভাৱে সক্ষম নহয়। ইয়াৰ পাছতে মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গোৰখপুৰত।

কইনাৰ পৰিয়ালৰ লোকে দাবী কৰা অনুসৰি, দৰাৰ মেডিকেল ৰিপোৰ্টত তেওঁ কেতিয়াও পিতৃ হ’ব নোৱাৰে বুলি নিশ্চিত কৰা হৈছে। গতিকে বিয়াৰ সময়ত দিয়া উপহাৰ আৰু সকলো খৰচ উভতাই দিবলৈ দাবী জনাইছে কইনাৰ পৰিয়ালৰ লোকে। মহিলাগৰাকীয়ে প্ৰেৰণ কৰা লিগেল নটিচত উল্লেখ কৰিছে যে, “মই এনে এজন লোকৰ সৈতে জীৱন কটাব নোৱাৰে যি শাৰীৰিকভাৱে সক্ষম নহয়। মই এই কথা ফুলশয্যা নিশা গম পাইছো। সেয়া তেওঁ নিজেই কৈছে”।

জানিব পৰা মতে, দৰাজনৰ বয়স প্ৰায় ২৫ বছৰ। তেওঁ সাহাজানৱাৰ এটি ধনী কৃষক পৰিয়ালৰ একমাত্ৰ পুত্ৰ আৰু তেওঁ গোৰখপুৰ ঔদ্যোগিক উন্নয়ন প্ৰাধিকৰণৰ (জিআইডিএ)ৰ এটা উদ্যোগিক ইউনিটত অভিযন্তা হিচাপে কাম কৰে। তথ্য অনুসৰি, তেওঁলোকৰ বিয়া সম্পৰ্কীয় মানুহৰ জৰিয়তে হৈছিল। তেওঁলোকৰ বিয়া ২৮ নৱেম্বৰত হৈছিল আৰু এই সমগ্ৰ ঘটনা ডিচেম্বৰত পোহৰলৈ আহে।

জানিব পৰা মতে, এয়াই প্ৰথম নহয়। এই লোকজনে পূৰ্বতেও এবাৰ বিয়া পাতিছিল আৰু এমাহ পাছতেই বিয়া ভাঙিছিল। যেতিয়া দৰাৰ শাৰীৰিক দিশটোৰ কথা পোহৰলৈ আহে তেতিয়া পৰিয়ালৰ সন্মতি মৰ্মে তেওঁৰ মেডিকেল পৰীক্ষা কৰা হয়। সেই ৰিপোৰ্টত পোহৰলৈ আহে যে তেওঁ শাৰীৰিকভাৱে সক্ষম নহয়। পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত আৰক্ষীক যোগাযোগ কৰে। আৰক্ষীৰ উপদেশৰ পাছত দৰাৰ পৰিয়ালৰ লোকে কইনাৰ ঘৰত ৭ লাখ টকা আৰু সকলো উপহাৰ এমাহৰ ভিতৰত উভতাই দিবলৈ ৰাজি হয়।

 

অন্য খবৰ পঢ়কঃ অসমলৈ আহিব প্ৰধানমন্ত্ৰীঃ কি কি উপহাৰ দিব অসমক? মুখ্যমন্ত্ৰীৰ বিশেষ বৈঠক…