প্ৰেমিকাক লাগে টকা, প্ৰেমিকে বিক্ৰী কৰিলে ঘৰ! পাছত এটা বস্তাত উদ্ধাৰ…
দেশত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে এটা বস্তাত উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ। জানিব পৰা মতে, প্ৰেমিকে যুৱতীগৰাকীৰ সৈতে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিকক।
কোৱা হয়, প্ৰেম এক স্বৰ্গীয় অনুভূতি! কিন্তু এই প্ৰেমৰ নাম কুলষিত কৰি আজিৰ সমাজত একাংশ পাষাণে কিছুমান জঘন্য ঘটনা সংঘটিত কৰি আহিছে। শেহতীয়াকৈ এগৰাকী যুৱতীৰ মৃতদেহ এটা বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, এজন যুৱকে প্ৰেমিকাক হত্যা কৰি বস্তাত ভৰাই এঘৰ মানুহৰ ঘৰৰ বাহিৰত পেলাই দিয়ে। এই জঘন্য তথা নিৰ্মম ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ জয়পুৰৰ শাস্ত্ৰী নগৰত।
প্ৰাপ্ত খবৰ অনুসৰি, ২৩ ডিচেম্বৰৰ পুৱা এটা ঘৰৰ বাহিৰত এগৰাকী মহিলাই এটা বস্তা প্ৰত্যক্ষ কৰে। বস্তাটো দেখি ঘৰটোৰ মালিক মুন্নী দেৱী আচৰিত হৈ পৰে। লগে লগে তেওঁ ভাড়াতীয়াক মাতি বস্তাটো খুলি চাবলৈ কয়। কিন্তু বস্তাতো খুলি আচৰিত হৈ পৰে সকলো। কিয়নো ভিতৰত আছিল তেজেৰে লুতুৰী-পুতুৰী অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ। ইয়াৰ পাছত লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয়। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু মাত্ৰ ৪ ঘন্টাৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, এই ঘটনাৰ তদন্ত কৰিবলৈ আৰক্ষীয়ে স্নিফাৰ ডগ ব্যৱহাৰ কৰিছিল। কুকুৰটোৱে বাৰে বাৰে চুবুৰীয়া এঘৰৰ কাষত ঘূৰি আছিল, যাৰ বাবে ঘৰটোৰ মালিকৰ ওপৰত আৰক্ষীৰ সন্দেহ হৈছিল। আৰক্ষীয়ে যেতিয়া তদন্ত কৰে তেতিয়া গম পাই যে ঘৰটো জীতেন্দ্ৰ নামৰ লোক এজনৰ আছিল, যিটো কিছুদিন পূৰ্বে তেওঁ বিক্ৰী কৰিছিল। কিন্তু তাৰ পাছতো আৰক্ষীয়ে জীতেন্দ্ৰক আটক কৰি জেৰা চলায়। জেৰাৰ সময়ত জিতেন্দ্ৰই হত্যাৰ কথা স্বীকাৰ কৰাৰ লগতে বহু চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰে।
টকাক লৈ বিবাদ
জিতেন্দ্ৰই কয় যে, যুৱতীগৰাকী তেওঁৰ প্ৰেমিকা আছিল। কিছুদিনৰ পৰা তেওঁলোকৰ মাজত টকা-পইচাক লৈ কাজিয়া চলি আছিল। যুৱতীগৰাকীয়ে টকা বিচাৰি তেওঁক হাৰাশাস্তি কৰিছিল। যাৰ বাবে তেওঁ ঘৰটো বিক্ৰী কৰিছিল। কিন্তু যুৱতীগৰাকীক লৈ অশান্তিত ভুগিছিল জীতেন্দ্ৰ। তেওঁ আৰু কয় যে, ঘৰটো বিক্ৰী কৰিলেও চাবি মোৰ ওচৰত আছিল। গতিকে মই তেওঁক হত্যাৰ পৰিকল্পনা কৰিছিলো।
কি হৈছিল সেইদিনা
জীতেন্দ্ৰই কোৱা অনুসৰি, ২১ ডিচেম্বৰৰ দিনা তেওঁ ঘৰটোলৈ প্ৰেমিকাক মাতি পঠিয়াইছিল। যেতিয়া যুৱতীগৰাকী আহিছিল তেতিয়া জীতেন্দ্ৰই প্ৰেমিকাৰ ডিঙি আৰু মূৰত চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যা কৰে। এই কাণ্ড যাতে পোহৰলৈ নাহে তাৰ বাবে জীতেন্দ্ৰই মৃতদেহ বস্তাত ভৰাই ওচৰৰ ঘৰৰ সন্মুখত পেলাই থৈ যায়। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত যুৱকজন। ইফালে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে যুৱতীগৰাকীৰ। এই সমগ্ৰ কাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অন্য খবৰ পঢ়কঃ ঘৰলৈ মাতিছিল প্ৰেমিকক! হঠাতে আহি পালে স্বামী আৰু পাছত এক বুকু কঁপি যোৱা ঘটনা…