বাৰে বাৰে দৰ্জাত ঢকিয়াইছিল স্বামীয়ে, খোলা নাছিল পত্নীয়ে, দৰ্জা ভাঙি ভিতৰত সোমায় দেখে…বনকৰা কৰ্মীজন পলাই গ’ল
ঘৰলৈ উভতি আহি বাৰে বাৰে দুৱাৰত টোকৰ মাৰিছিল স্বামীয়ে। কিন্তু পত্নীয়ে খোলা নাছিল দৰ্জা। অৱশেষত স্বামীয়ে খবৰ দিলে আৰক্ষীক। আৰক্ষী আহি ঘৰৰ দৰ্জা ভাঙি প্ৰৱেশ কৰে ভিতৰত। তাৰ পাছত যি দৃশ্য দেখিলে সেয়াই সকলোকে আচৰিত কৰি তুলিলে।

এটা চাঞ্চল্যকৰ ঘটনা। এগৰাকী মহিলাৰ সৈতে তেওঁৰ ঘৰতে বনকৰা এজন লোকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। মহিলাগৰাকীৰ স্বামীয়ে সপোনতো হয়তো ভবা নাছিল এনে এটা দিন দেখিব লাগিব বুলি। ঘৰৰ বাহিৰৰ পৰা তেওঁ বাৰে বাৰে দৰ্জাত ঢকিয়াইছিল, কিন্তু দৰ্জাখন খোলা নাছিল। অৱশেষত দুৱাৰ ভাঙি ভিতৰত সোমাই তেওঁ হৈ পৰে হতচকিত। বনকৰা লোকজনে তেওঁৰ পত্নীৰ সৈতে যি ঘটনা সংঘটিত কৰিলে এক লোমহৰ্ষক কাণ্ড।
দিল্লীৰ লাজপত নগৰ অঞ্চলত পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ঘটনা। নিৰ্মমভাৱে হত্যা কৰা হৈছে এগৰাকী মহিলা আৰু তেওঁৰ নাবালক পুত্ৰক। বুধবাৰে পুৱা দুয়োৰে মৃতদেহ উদ্ধাৰ হয়। মঙলবাৰে মাজনিশা সংঘটিত এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
মৃত মহিলাগৰাকী ৪২ বছৰীয়া ৰুচিকা আৰু তেওঁৰ ১৪ বছৰীয়া পুত্ৰ কৃশ। বাহিৰৰ পৰা তলা মাৰি থোৱা আছিল ঘৰৰ মূল দুৱাৰখন। ঘৰৰ বনকৰা লোকজনে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। মাতৃ-পুত্ৰৰ হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্য়ে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত বনকৰা লোকজনক।
হত্যাৰ কাৰণ কি আছিল?
মাতৃ-পুত্ৰক হত্যা কৰাৰ অভিযোগ অভিযুক্ত বনকৰা লোকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জেৰাৰ সময়ত অভিযুক্তই আৰক্ষীক জনায় যে ঘৰৰ মালিকনীয়ে তেওঁক গালি-গালাজ কৰিছিল, সেয়ে তেওঁৰ খং উঠিল। এই খঙতে তেওঁ মহিলাগৰাকী আৰু নাবালক পুত্ৰক চোকা অস্ত্ৰৰে হত্যা কৰে। ইয়াৰ পিছত তেওঁ সেই স্থানৰ পৰা পলায়ন কৰে। পলায়ন কৰাৰ সময়ত বাহিৰৰ পৰা ঘৰটোত তলা মাৰি দিয়ে।
স্বামীয়ে খবৰ দিলে আৰক্ষীক
এই ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে নিশা ঘৰত উপস্থিত হোৱা মৃত মহিলাগৰাকীৰ স্বামীয়ে। বাহিৰৰ পৰা আহি ঘৰৰ দুৱাৰখন বন্ধ হৈ থকা দেখা পায় তেওঁ। কেইবাবাৰো টোকৰ মাৰিও যেতিয়া তেওঁ কোনো সঁহাৰি নাপালে তেতিয়া তেওঁ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ দুৱাৰখন ভাঙি পেলায়, তাৰ পিছত ভিতৰৰ দৃশ্য দেখি সকলোৱে স্তম্ভিত হৈ পৰে।
গোটেই ঘৰৰ মজিয়াত তেজৰ কঁৰাল
শোৱনি কোঠাত ৰুচিকাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে বাথৰুমৰ ভিতৰত পুত্ৰ কৃষৰ মৃতদেহ তেজেৰে ৰাঙলী হৈ থকা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। দুয়োকে চোকা অস্ত্ৰৰে হত্যা কৰা হৈছিল। দুয়োকে পৰিকল্পিতভাৱে হত্যা কৰা হৈছে বুলি আৰক্ষীয়ে সন্দেহ কৰে। ঘটনাৰ পিছত পলায়ন কৰা ঘৰৰ বনকৰা লোকজন এই ঘটনাৰ লগত জড়িত হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে।
এই তথ্যৰ পাছতে সেই স্থানত উপস্থিত হোৱা ফৰেনছিক দলটোৱে তদন্ত আৰম্ভ কৰি আশে-পাশে থকা অঞ্চলৰ চিচিটিভি ফুটেজত তালাচী চলায়। আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰু পলাতক হত্যাকাৰীৰ সন্ধান অভিযান তীব্ৰতৰ কৰি তোলে। এই হত্যাকাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ঘৰৰ ভিতৰতে এনে অপৰাধ সংঘটিত হোৱাত লোকসকল স্তম্ভিত হৈ পৰিছে।