শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমত কোনে আৰম্ভ কৰিছে জিন্নাৰ ৰাজনীতি ? মুখ্যমন্ত্ৰীক উদ্দেশ্যি বিস্ফোৰক অভিযোগ গৌৰৱ গগৈৰ

আজি গুৱাহাটীত সংবাদমেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে । সংবাদমেলত ধৰ্মীয় স্থানকে ধৰি ৰাজহুৱা স্থানত গো-মাংস আৰু গৰুৰ অংগ পেলোৱাৰ চিন্তা-চেতনাৰ আঁৰত থকাসকলৰ বিৰুদ্ধে তদন্তৰ দাবী জনাই গগৈয়ে । লগতে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

অসমত কোনে আৰম্ভ কৰিছে জিন্নাৰ ৰাজনীতি ? মুখ্যমন্ত্ৰীক উদ্দেশ্যি বিস্ফোৰক অভিযোগ গৌৰৱ গগৈৰ
সাংসদ গৌৰৱ গগৈ
manas-borah
Manas Borah | Published: 20 Jun 2025 18:29 PM

মন্দিৰত গো-মাংস ৰখাক কেন্দ্ৰ কৰি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে । তেওঁ অভিযোগ কৰিছে যে, বিজেপি, আৰএছএছ, ভিএইচপি, বজৰংগ দলত আছে অপৰাধী মনোভাৱৰ ব্যক্তি । এই গোটসমূহে নিজৰ চৰকাৰৰ ব্যৰ্থতা লুকুৱাবলৈ তথা ৰাইজৰ দৃষ্টি আঁতৰাবলৈ ইচ্ছাকৃতভাৱে নিৰ্বাচনৰ পূৰ্বে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি প্ৰচেষ্টা চলাইছে বুলি অভিযোগ কৰিছে গৌৰৱ গগৈয়ে ।

একে সময়তে গৌৰৱ গগৈয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও ডাঙৰ অভিযোগ আনিছে । তেওঁ কয় যে, ৰাজ্যত জিন্নাৰ দৰে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। কংগ্ৰেছে কেতিয়াও এইধৰণৰ ৰাজনীতি কৰিবলৈ নিদিয়ে বুলি কয় গৌৰৱ গগৈয়ে । আজি গুৱাহাটীত সংবাদমেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ।

সংবাদমেলত ধৰ্মীয় স্থানকে ধৰি ৰাজহুৱা স্থানত গো-মাংস আৰু গৰুৰ অংগ পেলোৱাৰ চিন্তা-চেতনাৰ আঁৰত থকাসকলৰ বিৰুদ্ধে তদন্তৰ দাবী জনাই গগৈয়ে । তেওঁ কয় যে, এই গোচৰত জড়িত সকলোৰে বিৰুদ্ধে তদন্ত কৰিব লাগে। যিসকলে এই ধাৰণাটো মূৰত ৰাখিছিল, যিসকলে প্ৰথমতে পৰামৰ্শ দিছিল তেওঁলোকৰ বিৰুদ্ধেও তদন্ত কৰিব লাগে বুলি দাবী জনাই গৌৰৱ গগৈয়ে ।

গৌৰৱ গগৈয়ে কয়,”নিৰ্বাচনৰ সময় আহি পৰিছে। তেওঁলোকে নিজৰ ব্যৰ্থতা লুকুৱাব লাগিব; সেয়া তেওঁলোকৰ কৌশল। বিজেপি, আৰএছএছ, ভিএইচপি আৰু বজৰংগ দলৰ মাজত এনে কিছুমান অপৰাধী মনোভাৱৰ লোক আছে যিয়ে নিৰ্বাচনৰ পূৰ্বে এনে কাম কৰিবলৈ চেষ্টা কৰে।”

“অসমত কাকো সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিবলৈ দিয়া নহ’ব। বিজেপিৰ বাবে মণিপুৰৰ মানুহৰ অৱস্থা আমি দেখিছো। অসমত আমি মণিপুৰৰ দৰে অৱস্থা সৃষ্টি হ’বলৈ নিদিওঁ।” এইদৰে কয় গৌৰৱ গগৈয়ে । তদুপৰি প্ৰদেশ কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰীয়ে “অসমীয়া জিন্না”ৰ দৰে কাম কৰি আছে। “আমি জিন্নাৰ ৰাজনীতি অসমত কৰিবলৈ নিদিওঁ।” এই মন্তব্য গগৈৰ ।