শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Air India: পুনৰ কাৰিকৰী বিজুতি! বাতিল হ’ল এয়াৰ ইণ্ডিয়াৰ ৮ খনকৈ বিমান…

Air India: পুনৰ বাতিল এয়াৰ ইণ্ডিয়াৰ ৮ খনকৈ বিমান। বিমান সংস্থাটোৱে বিমান সেৱা বাতিল কৰাৰ বাবে মেইণ্টেনেন্স আৰু অপাৰেচনেল কাৰণ কথা উল্লেখ কৰিছে।

Air India: পুনৰ কাৰিকৰী বিজুতি! বাতিল হ’ল এয়াৰ ইণ্ডিয়াৰ ৮ খনকৈ বিমান…
এয়াৰ ইণ্ডিয়াৰ বিমান (ফাইল ফটো)Image Credit source: Nicolas Economou/NurPhoto via Getty Images
barasha-sarma
Barasha Sarma | Published: 20 Jun 2025 10:43 AM

পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত বিসংগতিৰ ঘটনা। শুকুৰবাৰে পুনৰ এয়াৰ ইণ্ডিয়াই বাতিল কৰে ৮ খনকৈ বিমান।  যোৱা কেইটামান দিনত বিমান সংস্থাটোৱে কাৰিকৰী বিজুতি, নিৰাপত্তাৰ ভাবুকিকে ধৰি বিভিন্ন কাৰণত বহু বিমান বাতিল বা ডাইভাৰ্ট কৰিছে। তাৰ মাজতে আজি পুনৰ ৮ খন বিমান বাতিল কৰে। ইয়াৰ ভিতৰত আছে ৪খন আন্তঃৰাষ্ট্ৰীয় আৰু ৪খন ঘৰুৱা বিমান। বিমান সংস্থাটোৱে বিমান সেৱা বাতিল কৰাৰ বাবে মেইণ্টেনেন্স আৰু অপাৰেচনেল কাৰণ কথা উল্লেখ কৰিছে। এই সন্দৰ্ভত এয়াৰ ইণ্ডিয়াই এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে।

আহমেদাবাদত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পাছতে এয়াৰ ইণ্ডিয়াৰ বিমানৰ এটাৰ পাছত আনটো বিসংগতিৰ কথা পোহৰলৈ আহিছে। বিমান কোম্পানীটোৱে কৈছে যে, যাত্ৰীসকলক সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ’ব বা বিনামূলীয়াকৈ পুনৰ নিৰ্ধাৰণৰ সুবিধা প্ৰদান কৰাৰ লগতে যাত্ৰীসকলক বিকল্প ভ্ৰমণ পৰিকল্পনাত সহায় কৰিব। বিবৃতিটোত লগতে উল্লেখ কৰে- যাত্ৰীসকলৰ অসুবিধাৰ বাবে আমি দুখ প্ৰকাশ কৰিছো। আমাৰ সহকৰ্মীয়ে তেওঁলোকৰ গন্তব্যস্থানৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে। যাত্ৰীসকলৰ ধন সম্পূৰ্ণ ঘূৰাই দিয়া হ’ব।

বাতিল কৰা বিমান কেইখন

  • ডুবাইৰ পৰা চেন্নাইলৈ-AI906
  • দিল্লীৰ পৰা মেলবৰ্ণলৈ- AI308
  • মেলবৰ্ণৰ পৰা দিল্লীলৈ-এআই৩০৯
  • ডুবাইৰ পৰা হায়দৰাবাদলৈ-AI2204
  • পুনেৰ পৰা দিল্লীলৈ -AI874
  • আহমেদাবাদৰ পৰা দিল্লীলৈ-AI456
  • হায়দৰাবাদৰ পৰা মুম্বাই-এআই-২৮৭২ লৈ
  • চেন্নাইৰ পৰা মুম্বাইলৈ-AI571

বিমান সংস্থাটোৱে যাত্ৰীসকলৰ বাবে পৰামৰ্শ জাৰি কৰিছে। এয়াৰ ইণ্ডিয়াই যাত্ৰীসকলক তেওঁলোকৰ ৱেবছাইটত বিমানৰ অৱস্থা পৰীক্ষা কৰিবলৈ বা গ্ৰাহক সেৱা নম্বৰত ফোন কৰি আপডেট কৰিবলৈ পৰামৰ্শ দিছে। লগতে কয় যে, আমাৰ বিমানৰ ওপৰত নিত্য বৃদ্ধি পোৱা নিৰীক্ষণ, আকাশমাৰ্গৰ নিষেধাজ্ঞা আৰু বেয়া বতৰৰ বাবে আমি কিছু ব্যাঘাত হৈছে। যাৰ বিষয়ে যাত্ৰীসকলক অৱগত কৰা হব। যাত্ৰীসকলক airindia.com ত তেওঁলোকৰ বিমানৰ অৱস্থা পৰীক্ষা কৰিবলৈ বা আমাৰ গ্ৰাহক সেৱা নম্বৰ 011 69329333, 011 69329999′ ফোন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে এয়াৰ ইণ্ডিয়াই প্ৰতি সপ্তাহত সকলো আন্তঃৰাষ্ট্ৰীয় পথত বিমান সেৱা হ্ৰাস কৰাৰ লগতে ২০২৫ চনৰ ২১ জুনৰ পৰা ১৫ জুলাইলৈ তিনিটা পথত বিমান সেৱা সাময়িকভাৱে বন্ধ কৰাৰ ঘোষণা কৰে।

উল্লেখ্য যে, আজিয়েই নহয়, যোৱা কেইটামান দিনত এয়াৰ ইণ্ডিয়াৰ কেইবাখনো বিমান বাতিল হৈছে।  ১৮ জুনত বাতিল কৰা হৈছিল এয়াৰ ইণ্ডিয়াৰ ৩ খন বিমান। তথ্য অনুসৰি, ১২ৰ পৰা ১৭ জুনৰ ভিতৰত এয়াৰ ইণ্ডিয়াৰ ৮৩খন বিমান বাতিল কৰা হৈছে।ইয়াৰে ৬৬খন বিমান বয়িং ৭৮৭ৰ।

 

অন্য খবৰ পঢ়কঃ পুনৰ ৩খন বাতিল! উৰণৰ মাজতে উভতিল এয়াৰ ইণ্ডিয়াৰ বিমান, কাৰণ কি…