সংসদত বন্দে মাতৰম আৰু নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত আলোচনাৰ তাৰিখ নিৰ্ধাৰণ…
ৰাজ্যসভা আৰু লোকসভাত বিগত দুদিন ধৰি SIR ক লৈ তীব্ৰ বিতৰ্ক সৃষ্টি হৈছিল। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে নিৰ্বাচনী সংস্কাৰ আৰু অন্যান্য বিষয়ত বিতৰ্ক কৰিবলৈ চৰকাৰ সাজু বুলি উল্লেখ কৰে যদিও বিৰোধীয়ে বাৰে বাৰে সময় নিৰ্ধাৰণৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে।
সংসদৰ শীতকালীন অধিৱেশনত এছ আই আৰক লৈ দুদিনীয়া হুলস্থুলৰ অন্তত আজি বি এ চিৰ বৈঠকত বন্দে মাতৰম আৰু নিৰ্বাচনী সংস্কাৰৰ ওপৰত আলোচনাৰ সময় আৰু তাৰিখ চূড়ান্ত কৰা হয়। কাইলৈ সুকলমে পুনৰ আৰম্ভ হ’ব সংসদীয় কাৰ্যবিধি। ৰাজ্যসভা আৰু লোকসভাত বিগত দুদিন ধৰি SIR ক লৈ তীব্ৰ বিতৰ্ক সৃষ্টি হৈছিল। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে নিৰ্বাচনী সংস্কাৰ আৰু অন্যান্য বিষয়ত বিতৰ্ক কৰিবলৈ চৰকাৰ সাজু বুলি উল্লেখ কৰে যদিও বিৰোধীয়ে বাৰে বাৰে সময় নিৰ্ধাৰণৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে।
সূত্ৰ অনুসৰি, চৰকাৰে নীতিগতভাৱে এই বিতৰ্কত সন্মতি দিছিল আৰু এতিয়া বি এ চিয়ে আলোচনাৰ সময় চূড়ান্ত কৰিছে। বিএচিৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে, ৮ ডিচেম্বৰ সোমবাৰে দুপৰীয়া ১২ বজাৰ পৰা বন্দে মাতৰমৰ ওপৰত আলোচনা আৰম্ভ হ’ব আৰু ১০ ঘণ্টাৰ সময় নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত থাকিব।
ইয়াৰ পিছত মঙলবাৰ আৰু বুধবাৰে নিৰ্বাচনী সংস্কাৰৰ ওপৰত আলোচনা হ’ব, মুঠ সময়সীমা ১০ ঘণ্টা। দুদিনীয়া হুলস্থুলৰ অন্তত এতিয়া SIR বিতৰ্কৰ মাজতো সংসদত আলোচনাৰ পথ মুকলি হৈছে। চৰকাৰে বিতৰ্ক অনুষ্ঠিত কৰাত আপত্তি নাই বুলি কৈছে, আনহাতে বিৰোধীয়ে সময় আৰু তাৰিখৰ ওপৰত জোৰ দিছিল। সকলোৰে দৃষ্টি এতিয়া সংসদত চলি থকা বিতৰ্ক আৰু সদনৰ মসৃণ কাম-কাজৰ ওপৰত।
অপ্ৰয়োজনীয় অচলাৱস্থা থাকিব নালাগে -ৰিজিজু
সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে, সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় আৰু সহমতত উপনীত হ’ল যে ৮ ডিচেম্বৰত লোকসভাত বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তীক লৈ এক বিশেষ আলোচনা অনুষ্ঠিত হ’ব আৰু ৯ ডিচেম্বৰত লোকসভাত নিৰ্বাচনী সংস্কাৰৰ ওপৰত ১০ ঘণ্টাৰ ধৰি আলোচনা হ’ব। অপ্ৰয়োজনীয় অচলাৱস্থা থাকিব নালাগে বুলি উল্লেখ কৰিছে কিৰেন ৰিজিজুৱে। তেওঁ কয়,”আমি প্ৰথম দিনাৰ পৰাই কৈ আহিছো যে, চৰকাৰে যিকোনো বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ সাজু। শীতকালীন অধিবেশনত সকলোৱে উৎসাহেৰে অংশগ্ৰহণ কৰিব বুলি আশা কৰিলোঁ।”
১৫০ বছৰ সম্পূৰ্ণ কৰিলে বন্দে মাতৰমে
ভাৰতৰ জাতীয় সংগীত বন্দে মাতৰমৰ ৰচনাৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে সমগ্ৰ দেশতে অতি উৎসাহেৰে উদযাপন কৰা হয়। ১৮৭৫ চনৰ ৭ নৱেম্বৰত বিখ্যাত বাঙালী সাহিত্যিক বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰা বন্দে মাতৰমৰ এই গীতটোৱে স্বাধীনতা আন্দোলনৰ সময়ত বিপ্লৱীসকলক একত্ৰিত কৰিছিল। ১৯৫০ চনৰ ২৪ জানুৱাৰীত ইয়াক ভাৰতৰ জাতীয় গীত হিচাপে ঘোষণা কৰা হয়।