শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙে জনালে অপাৰেশ্যন সেন্দূৰৰ সবিশেষ, জানক কোন এই দুই বিষয়া

Operation sindoor: দেশৰ দুগৰাকী মহিলা সামৰিক বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙে সংবাদ মাধ্যমৰ সন্মুখত অপাৰেচন সেন্দূৰৰ বিষয়ে তথ্য প্ৰদান কৰে । বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ লগতে এই দুগৰাকী বিষয়াই সংবাদ মাধ্যমক সম্বোধন কৰি অপাৰেচন সেন্দূৰৰ কৌশল আৰু সফলতাৰ তথ্য প্ৰকাশ কৰে ।

কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙে জনালে অপাৰেশ্যন সেন্দূৰৰ সবিশেষ, জানক কোন এই দুই বিষয়া
অপাৰেশ্যন সেন্দূৰ
raj-saikia
Raj Saikia | Published: 07 May 2025 12:11 PM

যোৱা নিশা ভাৰতে অপাৰেশ্যন সেন্দূৰ (Operation Sindoor)ৰ জৰিয়তে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ উপযুক্ত উত্তৰ দিছে । পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ৯টা আত্মগোপন স্থানত চলোৱা বিমান আক্ৰমণত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হয় । দেশৰ দুগৰাকী মহিলা সামৰিক বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙে সংবাদ মাধ্যমৰ সন্মুখত অপাৰেচন সেন্দূৰৰ বিষয়ে তথ্য প্ৰদান কৰে । বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ লগতে এই দুগৰাকী বিষয়াই সংবাদ মাধ্যমক সম্বোধন কৰি অপাৰেচন সেন্দূৰৰ কৌশল আৰু সফলতাৰ তথ্য প্ৰকাশ কৰে ।

তিনিওটা সেনাৰ যৌথ অভিযানৰ পিছত মহিলা বিষয়াসকলে আগবাঢ়ি আহি সংবাদ মাধ্যমক তথ্য দিয়াটো এক প্ৰতীকী পদক্ষেপতকৈও অধিক বুলি গণ্য কৰা হৈছে । দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰেছ ব্রিফিঙৰ বাবে সশস্ত্ৰ বাহিনীৰ দুগৰাকী মহিলা সংবাদ মাধ্যমৰ সমুখলৈ অহা দেখা গৈছে ৷ ইয়াৰে এগৰাকী বায়ুসেনাৰ আৰু আনগৰাকী স্থল সেনাৰ বিষয়া । এই দুগৰাকী মহিলাৰ বিষয়ে জানো আহক ।

কৰ্ণেল ছফিয়া কুৰেশ্বী কোন?
গুজৰাটৰ কৰ্ণেল ছফিয়া কুৰেশ্বী (৩৫) ভাৰতীয় সেনাৰ চিগনেল কৰ্পছৰ এগৰাকী বিষয়া । ১৯৯৯ চনত অফিচাৰ্ছ ট্ৰেইনিং একাডেমীৰ পৰা কমিচন পোৱাৰ পিছত তেওঁ সন্ত্ৰাসবাদ বিৰোধী অভিযানকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ অভিযান চম্ভালিছে । সামৰিক বাহিনীৰ সৈতে ছফিয়াৰ সম্পৰ্ক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা । তেওঁৰ ককাক আৰু দেউতাক দুয়োজনেই সেনাবাহিনীত আছিল । ২০০৬ চনত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ অধীনত তেওঁক কংগোত পোষ্টিং দিয়া হৈছিল ।

২০১৬ চনত ৰচিলে ইতিহাস
২০১৬ চনত তেতিয়া লেফটেনেণ্ট কৰ্ণেল হিচাপে নিযুক্তি পোৱা ছফিয়া কুৰেশ্বীয়ে ভাৰতৰ ৪০ জনীয়া সামৰিক দলটোৰ নেতৃত্ব দিছিল এক্সাৰচাইজ ফ’ৰ্চ ১৮ত । এই অনুশীলন কেৱল ভাৰতৰ সৰ্ববৃহৎ বহুজাতিক সামৰিক অনুশীলন নাছিল, ১৮খন দেশৰ সেনাই ইয়াত অংশ লৈছিল । আছিয়ান ৰাষ্ট্ৰৰ বাহিৰেও এই দেশসমূহৰ ভিতৰত আছিল জাপান, আমেৰিকা, চীন, ৰাছিয়া, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ।

উইং কমাণ্ডাৰ ব্যোমিকা সিঙ কোন?
ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ ব্যোমিকা সিং এগৰাকী অভিজ্ঞ হেলিকপ্টাৰ পাইলট । ২৫০০ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছে আৰু সকলো ধৰণৰ ভৌগোলিক পৰিস্থিতিত – পাহাৰ, মৰুভূমি, অৰণ্য, সকলোতে উৰাজাহাজ চলাইছে । ভ্যোমিকা কেৱল কাৰিকৰীভাৱেই দক্ষ নহয়, অপাৰেচনেল ফ্ৰণ্টতো সম্পূৰ্ণ সক্ষম ।

কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে কি ক’লে?
ছফিয়া কুৰেশ্বীয়ে জনোৱা মতে, “এই অভিযান নিশা ১:০৫ বজাৰ পৰা ১:৩০ বজাৰ ভিতৰত সংঘটিত হয় । পহলগামত নিৰীহ পৰ্যটকক নিৰ্মমভাৱে হত্যা কৰাৰ প্ৰতিশোধ হিচাপে এই অভিযান চলোৱা হৈছিল । যোৱা ৩ দশক ধৰি পাকিস্তানত সন্ত্ৰাসবাদীয়ে ঘাটি স্থাপন কৰি আহিছে । আক্ৰমণৰ পিছতো এই কথা পোহৰলৈ আহিছে । আমি পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ৯ টা টাৰ্গেট বাছি লৈ আক্ৰমণ কৰিছিলোঁ । ইয়াত লঞ্চপেড আৰু প্ৰশিক্ষণ কেন্দ্ৰক লক্ষ্য কৰি লোৱা হৈছিল ।”