শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Cough Syrup-Death News: শিশুৰ মৃত্যুৰ পাছতেই কফ চিৰাপৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা কেন্দ্ৰৰ

Cough Syrup-Death News: শিশুৰ মৃত্যুৰ পাছতেই কফ চিৰাপৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা কেন্দ্ৰৰ

Manas Borah
Manas Borah | Published: 04 Oct 2025 20:19 PM

কেন্দ্ৰীয় চৰকাৰে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। কোৱা হৈছে যে, ২ বছৰৰ তলৰ শিশুক কপ চিৰাপ দিয়াৰ সময়ত সাৱধান হ'ব লাগে। চিকিৎসকৰ প্ৰেছক্ৰিপচনৰ মতে তেওঁলোকক চৰ্দি, কাহ আদিৰ ঔষধ দিব লাগে।

মধ্যপ্ৰদেশ আৰু ৰাজস্থানত ১২ টি শিশুৰ মৃত্যুৰ ঘটনাই সকলো আতংকিত কৰি তুলিছে। অভিযোগ উত্থাপন হৈছে যে, কফ চিৰাপ সেৱন কৰা ফলতে তেওঁলোকৰ মৃত্যু হৈছে। অভিযোগ কৰা হৈছে যে, কফ চিৰাপ সেৱন কৰা পাছত শিশুকেইটি অসুস্থ হৈ পৰিছিল আৰু তাৰ কিছু সময়ৰ পিছতে তেওঁলোকেৰ মৃত্যু হয়।

এই ঘটনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। কোৱা হৈছে যে, ২ বছৰৰ তলৰ শিশুক কপ চিৰাপ দিয়াৰ সময়ত সাৱধান হ’ব লাগে। চিকিৎসকৰ প্ৰেছক্ৰিপচনৰ মতে তেওঁলোকক চৰ্দি, কাহ আদিৰ ঔষধ দিব লাগে। এই নিৰ্দেশনা দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে জাৰি কৰা হৈছে।