পাক অধিকৃত কাশ্মীৰত মানৱ অধিকাৰ উলংঘনৰ অভিযোগ পাক সেনাৰ বিৰুদ্ধে
পাকিস্তান অধিকৃত কাশ্মীৰত প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰা ঘটনাক ‘মানৱ অধিকাৰ উলংঘা’ বুলি তীব্ৰ সমালোচনা কৰিছে ভাৰতে।
পাক অধিকৃত কাশ্মীৰত ‘মৃত্যুৰ তাণ্ডৱ’ৰ বাবে পাকিস্তান চৰকাৰক জগৰীয়া কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। শুকুৰবাৰে বিয়লি এক সংবাদমেলত নিজৰ স্থিতি স্পষ্ট কৰে নতুন দিল্লীয়ে। পাকিস্তান অধিকৃত কাশ্মীৰত প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰা ঘটনাক ‘মানৱ অধিকাৰ উলংঘা’ বুলি তীব্ৰ সমালোচনা কৰিছে ভাৰতে।
ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, “পাক অধিকৃত কাশ্মীৰত চলি থকা প্ৰতিবাদ আৰু শোভাযাত্ৰাৰ বিষয়ে আমি অৱগত। ইয়াৰ সমান্তৰালভাৱে পাকিস্তানী সেনাই তাত থকা সাধাৰণ জনতাৰ ওপৰত কেনেদৰে নৰকীয় অত্যাচাৰ কৰিছে সেই বিষয়েও আমি জানিব পাৰিছোঁ। এই সকলোবোৰ আচলতে পাকিস্তানৰ দমনমূলক মতাদৰ্শৰ প্ৰতিফলন। আৰু এই মানৱ অধিকাৰ উলংঘনৰ দায়িত্বও তেওঁলোকে ল’ব লাগিব।”
Latest Videos