জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ পৰা ভাৰতৰ টেষ্ট জয়লৈ দিনটোৰ শীৰ্ষ খবৰ
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বিস্ফোৰক মন্তব্য শেখৰজ্যোতি গোস্বামীৰ। বিশেষ তদন্তকাৰী দলৰ জেৰাত তেওঁ জনোৱা মতে বিহপান কৰোৱা হৈছিল জুবিন গাৰ্গক। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বিস্ফোৰক মন্তব্য শেখৰজ্যোতি গোস্বামীৰ। বিশেষ তদন্তকাৰী দলৰ জেৰাত তেওঁ জনোৱা মতে বিহপান কৰোৱা হৈছিল জুবিন গাৰ্গক। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বিহ খুওৱাৰ অভিযোগ তুলিছে শেখৰজ্যোতি গোস্বামীয়ে।
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে এজনীয়া তদন্ত আয়োগ গঠন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল এই কথা। আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আনুষ্ঠানিকভাৱে গঠন কৰে এজনীয়া তদন্ত আয়োগ। এই তদন্তৰ দায়িত্ব দিয়া হৈছে উচ্চ ন্য়ায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াক।
দেওবাৰে বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত ল’ব হাগ্ৰামা মহিলাৰীয়ে। তাৰ পূৰ্বেই বিজেপিক চৰ্ত বান্ধি দিলে হাগ্ৰামাই। ইউপিপিএলক বাদ দিলেহে বিপিএফে এন ডি এত যোগ দিব বুলি কয় নেতাগৰাকীয়ে। অন্যথা মিত্ৰতা নকৰে বিপিএফে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
