দেশখন আইনৰ দ্বাৰা পৰিচালিত, বুলডজাৰৰ দ্বাৰা নহয় : মুখ্য ন্যায়াধীশ বি আৰ গাভাই
ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই উল্লেখ কৰে যে, ভাৰতীয় ন্যায়িক ব্যৱস্থা বুলডজাৰৰ দ্বাৰা নহয়, আইনৰ শাসনৰ দ্বাৰাহে চলি থাকে। তেওঁ নিজৰ ৰায়দানৰ কথাও উল্লেখ কৰে, য'ত তেওঁ "বুলডজাৰ ন্যায়"ক নিন্দা কৰিছে।

ৰাজ্য চৰকাৰে প্ৰায়ে প্ৰয়োগ কৰি অহা কথিত বুলডজাৰ ন্যায় নীতিক পুনৰ সমালোচনা কৰিছে ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই। তেওঁ উল্লেখ কৰে যে, ভাৰতীয় ন্যায়িক ব্যৱস্থা বুলডজাৰৰ দ্বাৰা নহয়, আইনৰ শাসনৰ দ্বাৰাহে চলি থাকে। তেওঁ নিজৰ ৰায়দানৰ কথাও উল্লেখ কৰে, য’ত তেওঁ “বুলডজাৰ ন্যায়”ক নিন্দা কৰিছে।
মৰিচাছত দিয়া ভাষণৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে এই মন্তব্য কৰে। ভাষণত তেওঁ ১৯৭৩ চনৰ কেছাৱনন্দ ভাৰতী গোচৰ, ট্ৰিপল তালাক, নিৰ্বাচনী বণ্ডকে ধৰি কেইবাটাও ভাৰতীয় ৰায়দানৰ বিষয়েও কয়। ন্যায়াধীশ গাভাইয়ে তেওঁৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি কয় যে, এই ৰায়দানৰ দ্বাৰা এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰা হৈছে যে, ভাৰতীয় ন্যায় ব্যৱস্থা বুলডজাৰৰ দ্বাৰা নহয়, আইনৰ শাসনৰ দ্বাৰা পৰিচালিত হয়।
‘বুলডজাৰ জাষ্টিচ’ গোচৰত উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছিল যে, যিকোনো অপৰাধৰৰ গোচৰত ন্যায় প্ৰদানৰ নামত অভিযুক্তৰ ঘৰ ভাঙি পেলোৱাটো আইন উলংঘা কৰা। আদালতে লগতে কয় যে, ইয়াৰ দ্বাৰা প্ৰতিজন ব্যক্তিক জীয়াই থকাৰ অধিকাৰ নিশ্চিত কৰা মৌলিক অধিকাৰৰ ২১ নং অনুচ্ছেদ উলংঘা কৰা হৈছে। লগতে কয় যে, চৰকাৰ একেলগে বিচাৰক, জুৰি আৰু কাৰ্যবাহী হ’ব নোৱাৰে।
ভাষণৰ সময়ত মুখ্য ন্যায়াধীশ গাভাইয়ে ১৯৭৩ চনৰ কেছাৱনন্দ ভাৰতী গোচৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়ৰ কথা উল্লেখ কৰে। তেওঁ কয় যে, এই গোচৰত আদালতৰ সিদ্ধান্তই সংবিধানৰ মৌলিক তত্বক প্ৰতিষ্ঠা কৰে আৰু সংবিধানৰ যিকোনো অংশ সংশোধন কৰাৰ সংসদৰ ক্ষমতা সীমিত কৰে। মুছলমানৰ মাজত ট্ৰিপল তালাক প্ৰথা বিলুপ্ত কৰা গোচৰ আৰু নিৰ্বাচনী বণ্ড আঁচনিক প্ৰত্যাহ্বান জনোৱা গোচৰকে ধৰি শেহতীয়া কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়ৰ উদাহৰণো তেওঁ দাঙি ধৰে।