শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
অক্ষয়ৰ এটা মন্তব্যই তোলপাৰ লগাইছে বলীউড জগতত

অক্ষয়ৰ এটা মন্তব্যই তোলপাৰ লগাইছে বলীউড জগতত

barasha-misra
Barasha Misra | Published: 04 Oct 2025 22:59 PM

অক্ষয়ে ক’লে যে এদিন নিতাৰা অনলাইনত ভিডিঅ’ গেম খেলি আছিল। এজন ব্যক্তিয়ে অনলাইনত উৎসাহিত কৰি আছিল। হঠাৎ নিতৰাক সোধা হ’ল তেওঁ ছোৱালী নে ল’ৰা। ব্যক্তিজনৰ লগত নিতাৰাক চিনাকি কৰাই দিয়াৰ লগে লগে ব্যক্তিজনৰ আচৰণ সলনি হ’বলৈ ধৰিলে।

বলীউড অভিনেতা অক্ষয় কুমাৰৰ কন্যা নিতাৰাক অনলাইন গেম খেলি থকা অৱস্থাত হাৰাশাস্তি কৰা হৈছিল। ১৩ বছৰীয়া নিতাৰাক অনলাইনত নগ্ন ফটো বিচাৰিছিল। শুকুৰবাৰে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে আয়োজন কৰা চাইবাৰ সজাগতা মাহ অক্টোবৰ ২০২৫ত উপস্থিত হৈ অক্ষয়ে এই তিক্ত অভিজ্ঞতাৰ বিষয়ে কয়।

অক্ষয়ে ক’লে যে এদিন নিতাৰা অনলাইনত ভিডিঅ’ গেম খেলি আছিল। এজন ব্যক্তিয়ে অনলাইনত উৎসাহিত কৰি আছিল। হঠাৎ নিতৰাক সোধা হ’ল তেওঁ ছোৱালী নে ল’ৰা। ব্যক্তিজনৰ লগত নিতাৰাক চিনাকি কৰাই দিয়াৰ লগে লগে ব্যক্তিজনৰ আচৰণ সলনি হ’বলৈ ধৰিলে।

অক্ষয়ে আৰু কয় যে নিতাৰাৰ প্ৰকৃত পৰিচয় জনাৰ পিছত মানুহজনে নগ্ন ছবি বিচাৰিবলৈ আৰম্ভ কৰে। আৰু নিতৰাই লগে লগে খেল খেলা বন্ধ কৰি দিয়ে।