জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ পৰা ভাৰতীয় দল ঘোষণালৈ… পঢ়ক দিনটোৰ শীৰ্ষ খবৰ
জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত কেবাজনো ব্যক্তিক আজি জেৰা কৰে এছ আই টিয়ে। দেওবাৰে বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত ল'ব হাগ্ৰামা মহিলাৰীয়ে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

বিহপান কৰোৱা হৈছিল জুবিন গাৰ্গক! জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বিস্ফোৰক মন্তব্য শেখৰজ্যোতি গোস্বামীৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে এজনীয়া তদন্ত আয়োগ গঠন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত কেবাজনো ব্যক্তিক আজি জেৰা কৰে এছ আই টিয়ে। দেওবাৰে বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত ল’ব হাগ্ৰামা মহিলাৰীয়ে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
১. জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বিস্ফোৰক মন্তব্য শেখৰজ্যোতি গোস্বামীৰ। বিশেষ তদন্তকাৰী দলৰ জেৰাত তেওঁ জনোৱা মতে বিহপান কৰোৱা হৈছিল জুবিন গাৰ্গক। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বিহ খুওৱাৰ অভিযোগ তুলিছে শেখৰজ্যোতি গোস্বামীয়ে।
২. জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে এজনীয়া তদন্ত আয়োগ গঠন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল এই কথা। আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আনুষ্ঠানিকভাৱে গঠন কৰে এজনীয়া তদন্ত আয়োগ। এই তদন্তৰ দায়িত্ব দিয়া হৈছে উচ্চ ন্য়ায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াক।
৩. দেওবাৰে বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত ল’ব হাগ্ৰামা মহিলাৰীয়ে। তাৰ পূৰ্বেই বিজেপিক চৰ্ত বান্ধি দিলে হাগ্ৰামাই। ইউপিপিএলক বাদ দিলেহে বিপিএফে এন ডি এত যোগ দিব বুলি কয় নেতাগৰাকীয়ে। অন্যথা মিত্ৰতা নকৰে বিপিএফে।
৪. আজি জুবিন গাৰ্গৰ পত্নীক জি এম চি এইচত কৰা জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰে এছ আই টিয়ে। ইয়াৰ লগতে গৰিমা শইকীয়া গাৰ্গ আৰু জুবিনৰ ভগ্নী পামী বৰঠাকুৰৰ মন্তব্য গ্ৰহণ কৰে এছ আই টিৰ দলে। তদন্তকাৰী গোটৰ সদস্য মৰমী দাসে গ্ৰহণ কৰে মন্তব্য।
৫. জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত কেবাজনো ব্যক্তিক আজি জেৰা কৰে এছ আই টিয়ে। ইয়াৰ মাজতে আজি CID থানাৰ ভাৰপ্রাপ্ত বিষয়াৰ সাল-সলনি কৰা হয়। তাৎক্ষণিকভাৱে দায়িত্বৰ পৰা আঁতৰোৱা হ’ল OC জয়ন্ত বৰ্মনক। তেওঁৰ স্থানত দায়িত্ব দিয়া হয় উপেন কলিতাক।
৬. আজি বিশ্বনাথত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে হিমন্ত বিশ্ব শৰ্মাই। ৩৭,৮০০মহিলাক ১০০০০ টকাকৈ চেক প্ৰদান কৰা হয়। তাৰ পাছতেই বালিচাঙত পঞ্চম অসম আৰক্ষী কমাণ্ডো বাহিনীৰ কেম্প উদ্বোধন কৰে মুখ্য়মন্ত্ৰীয়ে।
৭. আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ গাজা শান্তিৰ প্ৰস্তাৱ হামাছে মানি লৈছে। এই শান্তিৰ পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে ভাৰতে শান্তি প্ৰচেষ্টাক সদায় সমৰ্থন কৰিব। হামাছে পণবন্দীসকলক মুকলি কৰাৰ ইংগিত দিয়াটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিও কয় মোদীয়ে।
৮. ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখনীয়া টেষ্ট শৃংখলাৰ প্রথমখন খেলত চমকপ্ৰদ জয় লাভ ভাৰতৰ ৷ আহমেদাবাদত অনুষ্ঠিত টেষ্ট মেচখনত এক ইনিংছ আৰু ১৪০ ৰাণত পৰাস্ত হয় কেৰিবিয়ান বাহিনী। বেটিং আৰু বলিঙত বিস্ফোৰক প্ৰদৰ্শন কৰা ৰবীন্দ্ৰ জাডেজাক মেন অৱ দ্য মেচ ঘোষণা কৰা হয়।
৯. আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা। এই ভ্ৰমণৰ সময়ত দল দুটাই তিনিখন এদিনীয়া আৰু ৫খন টি-২০ মেচ খেলিব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই ভ্ৰমণৰ বাবে ঘোষণা কৰা দলটোত স্থান লাভ কৰিছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে। শুভমন গিলক এদিনীয়া আৰু সূৰ্যকুমাৰ যাদৱক টি-২০ খেলৰ বাবে অধিনায়কৰ দায়িত্ব প্ৰদান।
লগতে পঢ়ক: জুবিন গাৰ্গক ন্যায় দিয়ক: GMCHৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে গৰিমাই